Logo
image

অসমত নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিক আক্ৰমণ খৰ্গেৰঃ নেহৰুৰ দিনৰ সম্পত্তি এতিয়া বিক্ৰীত নামিছে মোদী

'আমাৰ অসম'ৰ ষ্টাফ ৰিপোৰ্টাৰ, বৰপেটা, ২৭ এপ্ৰিলঃ "জৱাহৰলাল নেহৰু, ফখৰুদ্দিন আলী আহমেদৰ দিনত কংগ্ৰেছে দেশত কৰা সম্পত্তিসমূহ বিজেপি চৰকাৰে এতিয়া এটা এটাকৈ বিক্ৰী কৰি আছে। ৰে'ল বিক্ৰী কৰিলে, পথ বিক্ৰী কৰিলে, বিমানবন্দৰ বিক্ৰী কৰিলে।মোদী আৰু অমিত শ্বাহ বিক্ৰী কৰা মানুহ।"- এই মন্তব্য নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সভাপতি মাল্লিকাৰ্জুন খৰ্গেৰ। 

শনিবাৰে ৩ নং বৰপেটা লোকসভা সমষ্টিৰ কয়াকুছিত অনুষ্ঠিত এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি খৰ্গেয়ে বিজেপি চৰকাৰৰ দিনত ধনী মানুহ ধনী হৈ গৈছে, দুখীয়া মানুহ দুখীয়া হৈ গৈছে বুলি কয়। লগতে তেওঁ কয় যে মোদীয়ে কংগ্ৰেছ দলক ভয় কৰে কাৰণে কংগ্ৰেছক গালি পাৰি আছে৷ আনহাতে দলৰ ভেটি শক্তিশালী কৰাৰ বাবে বিধায়ক তথা কংগ্ৰেছৰ কাৰ্যকাৰী সভাপতি জাকিৰ হুছেইন শিকদাৰক প্ৰশংসাৰে উপচাই পেলায় খৰ্গেয়ে।

সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ভাষণ প্ৰদান কৰি কয় যে দক্ষিণ ভাৰতত ইতিমধ্যে বিজেপি চাফা হৈছে আৰু উত্তৰ ভাৰতত বিজেপি হাফ হৈছে। অসমৰ ১০খন আসনত মানুহে কংগ্ৰেছক সমৰ্থন দিছে৷ 

ইফালে সভাত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই বিজেপিৰ মিত্ৰজোঁটক কঠোৰ ভাষাৰে সমালোচনা কৰে। সভাত অসমৰ তত্ত্বাবধায়ক তথা নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, সম্পাদক পৃথিৱীৰাজ সাথে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, বৰপেটা লোকসভাৰ প্ৰাক্তন সাংসদ আব্দুল খালেক, ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণী বৰাকে ধৰি বহুকেইজন নেতাই  সভাত ভাষণ দিয়ে। 

প্ৰায় পঞ্চাশ হাজাৰ ৰাইজৰ উপস্থিত থকা নিৰ্বাচনী সভাখন সফল কৰা বিধায়ক জাকিৰ হুছেইন শিকদাৰে প্ৰখৰ ৰ'দকো নেওচি ৰাইজে সঁহাৰি জনোৱাৰ বাবে কৃতজ্ঞতা জনায়৷ তেওঁ কয় যে ৰাইজক যিমানে ধন্যবাদ জনাও, সেয়া কম হ'ব। কংগ্ৰেছৰ প্ৰতি, দ্বীপ বায়নৰ প্ৰতি ৰাইজৰ সমৰ্থন আছে কাৰণে এই সভা সফল হৈছে বুলিও মন্তব্য কৰে শিকদাৰে।