Logo
image

চিআৰপি শিবিৰত কুকিৰ আক্ৰমণ, ভেল্লাৰ জোৱান নিহত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৮ এপ্ৰিল : শুকুৰবাৰে শেষ নিশা ২.১৫ বজাত মণিপুৰত সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে চলোৱা ভয়ংকৰ আক্ৰমণত চি আৰ পি এফৰ দুজন জোৱান নিহত আৰু আন দুজন গুৰুতৰভাৱে আহত হৈছে৷ নিহত দুজন জোৱানৰ এজনৰ ঘৰ অসমৰ বৰপেটাৰ ভেল্লাত৷ বৰপেটাৰ ভেল্লাৰ উপ পৰিদৰ্শক পদত থকা নিজামুদ্দিন সৰকাৰৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ নিহত আনজন জোৱান হৈছে অৰূপ ছাইনী৷ তেওঁৰ ঘৰ পশ্চিমবংগৰ বাকুঁৰাত৷ আনহাতে যাদব দাস নামৰ এজন পৰিদৰ্শক আৰু আফতাব হুছেইন নামৰ কনিষ্টবল এজন গুৰুতৰভাৱে আহত হয়৷ মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ নাৰানসেনা অঞ্চলত থকা চি আৰ পি এফৰ ১২৮ নম্বৰ বেটেলিয়নৰ শিবিৰত কুকি উগ্ৰপন্থীৰ এটা দলে মাজনিশা ১২.৩০ বজাত গুলী আৰু বোমাৰে আক্ৰমণ সংঘটিত কৰে৷ পাহাৰৰ এটা টিলাৰ ওপৰত সুবিধাজনক স্থিতি লৈ উগ্ৰপন্থীৰ দলে আক্ৰমণ কৰাত চি আৰ পি এফৰ অসতৰ্ক হৈ থকা বিশাল দলে প্ৰথমে প্ৰত্যাক্ৰমণ কৰিও উগ্ৰপন্থীৰ দলটোক বলে পৰা নাছিল৷ আক্ৰমণ-প্ৰত্যাক্ৰমণ পুৱতি নিশা ২.১৫ বজালৈকে অব্যাহত থাকে৷ উগ্ৰপন্থীৰ দলটোৱে চি আৰ পি এফৰ শিবিৰত বোমা বিস্ফোৰণো কৰে৷ সেই বোমা শিবিৰৰ ভিতৰতে বিস্ফোৰিত হয়৷ উল্লেখ্য, চি আৰ পি এফৰ শিবিৰটো সেই স্থানত মোতায়েন কৰা হৈছিল ‘ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন’ৰ শিবিৰৰ সুৰক্ষা প্ৰদানৰ বাবে৷ কিয়নো ৰাজ্যখনত চলি থকা গোষ্ঠী সংঘৰ্ষৰ মাজতে সশস্ত্ৰ লোকৰ বিশাল দলে আই আৰ বিৰ শিবিৰৰ পৰা অত্যাধুনিক মাৰণাস্ত্ৰ লুট কৰি নিছিল৷ আনহাতে পুৱতি নিশা আক্ৰমণকাৰী উগ্ৰপন্থীৰ দলটোৱে স্থান এৰি আত্মগোপন কৰে৷

ইপিনে আন এটা ঘটনাত দুদল সশস্ত্ৰ লোকৰ মাজত সংঘটিত গুলীয়াগুলীত এজন ৩৫ বছৰীয়া ব্যক্তি নিহত হৈছে৷ ঘটনাটো সংঘটিত হয় ইম্ফল পূব জিলা আৰু কাংকপকিৰ ছিনাম কমত৷

মণিপুৰত কুকি উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ অসমৰ জোৱান

‘আমাৰ অসম’ৰ বৰপেটাৰ ষ্টাফ ৰিপ’ৰ্টাৰ, শিলচৰৰ প্ৰতিনিধি আৰু সৰুক্ষেত্ৰীৰ প্ৰতিবেদক : মণিপুৰত যোৱা নিশা পুনৰ কুকি উগ্ৰপন্থীৰ আক্ৰমণত নিহত হয় কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ দুজন জোৱান৷ নিহত জোৱান দুজনৰ ভিতৰত এজন বৰপেটা ভেল্লাৰ নিকটৱৰ্তী বনবৰীয়া গাঁৱৰ নাছিৰউদ্দিন সৰকাৰ [৫৩] বুলি জানিব পৰা গৈছে৷ কুকি উগ্ৰপন্থীৰ গুলীত সৰকাৰ নিহত হোৱা খবৰ আজি পুৱা পৰিয়ালৰ লোকক জনোৱাৰ পিছতে কান্দোনত ভাগি পৰে পত্নী, পুত্ৰসহ পৰিয়ালৰ লোক৷ ১৯৯১ চনত চাকৰিত যোগদান কৰিছিল জোৱানজনে৷ দীৰ্ঘদিন ধৰি অশান্তজৰ্জৰ মণিপুৰতে কৰ্মৰত হৈ আছিল সৰকাৰ৷ পৰিয়ালৰ লোকে জনোৱা মতে, কালি নিশা প্ৰায় ৭ বজাত শেষবাৰৰ বাবে পত্নীৰ সৈতে কথা পাতিছিল সৰকাৰে৷ মণিপুৰত দায়িত্ব পালনৰ মাজতে যোৱা নিশা কুকি উগ্ৰপন্থীৰ গুলীত নিহত হয় নাছিৰউদ্দিন সৰকাৰ৷ আজি পুৱা নুনমাটি হেডকোৱাৰ্টাৰ পৰা পৰিয়ালৰ লোকক ফোন কৰি জনোৱা হৈছিল নাছিৰউদ্দিনৰ অপ্ৰত্যাশিত খবৰটো৷ আকস্মিক মৃত্যুৰ খবৰ পাই কান্দোনত ভাগি পৰে পৰিয়ালৰ লোক৷ তেওঁৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ পত্নীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, প্ৰতিদিনে পুৱা ৫ বজাতে ফোন কৰি ল’ৰা- ছোৱালী, পৰিয়ালৰ খা-খবৰ লয়৷ আনকি কালি নিশা ৭ বজাতো ফোন কৰি মোৰ লগত কথা৷ কিন্তু আজি পুৱা ফোন কৰা নাছিল৷ আমি ডিউটী যোৱা বুলিয়ে ফোন কৰা নাই বুলি ভাবি আছিলোঁ৷ কিন্তু পুৱা প্ৰায় ৮ বজাত এটা অচিনাকি নম্বৰৰ পৰা অহা ফোনতহে আমি খবৰটো গম পালোঁ৷ ৰমজানৰ ৰোজাৰ শেষবাৰলৈ নাছিৰউদ্দিনে ঘৰলৈ আহিছিল বুলিও পত্নীয়ে জানিবলৈ দিয়ে৷ নাছিৰউদ্দিনে পত্নী, পুত্ৰ আৰু এগৰাকী জীয়ৰীক এৰি থৈ যায়৷ আজি নিশালৈ নাছিৰউদ্দিন সৰকাৰৰ নশ্বৰ দেহ বৰপেটা জিলাৰ বনবৰীয়াৰ নিজ বাসগৃহলৈ অনা হয় আৰু অগণন লোকৰ উপস্থিতিত জানাজা সম্পন্ন হয়৷

বৰঝাৰ বিমানবন্দৰত শ্ৰদ্ধাঞ্জলি 

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক: চুবুৰীয়া ৰাজ্য মণিপুৰত নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ গৈ কুকি উগ্ৰপন্থীৰ আকস্মিক আক্ৰমণত শুকুৰবাৰে শ্বহীদ হোৱা চি আৰ পি এফৰ ১২৮ বেটেলিয়ানৰ উপ পৰিদৰ্শক তথা বৰপেটা জিলাৰ ভেল্লা নিবাসী নাছিৰউদ্দিন সৰকাৰৰ মৃতদেহ শনিবাৰে বিয়লি এখন বিশেষ বিমানৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অনা হয়৷ প্ৰায় ২.৪৫ বজাত বিমানবন্দৰ আহি পোৱাৰ পাছত অসম চৰকাৰৰ আয়ুক্ত - সচিব মণিভানন, অসম আৰক্ষীৰ মহা পৰিদৰ্শক অখিলেশ কুমাৰ সিং, চি আৰ পি এফৰ উত্তৰ পূব মণ্ডলৰ মহা পৰিদৰ্শক দানেশ ৰাণা আৰু বিমল কুমাৰ বিষ্ট, ১৭৫ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাকে ধৰি বাহিনীটোৰ কেইবাগৰাকীও উচ্ছপদস্থ বিষয়াই বিমানবন্দৰত উপ পৰিদৰ্শক নাছিৰুদ্দিন সৰকাৰৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ তাৰ পাছত এখন পুষ্পসজ্জিত বাহনৰে নিৰাপত্তাৰ মাজত তেওঁৰ নশ্বৰ দেহ বৰপেটা জিলাৰ নিজ গৃহলৈ নিয়া হয়৷