Logo
image

কোক্‌ৰাঝাৰ, বৰপেটা, গুৱাহাটীত মুখ্যমন্ত্ৰীৰ অবিৰাম প্ৰচাৰ

‘আমাৰ অসম’ৰ বৰপেটাৰোডৰ প্ৰতিবেদক, ২৮ এপ্ৰিল : ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ গৰম বতাহ সৰ্বত্ৰে চলাৰ লগতে বিটিআৰ অঞ্চলটো পৰিলক্ষিত হৈছে৷ আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত মানাহত এক বিশাল নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়– ৰাজ্যত পুনৰ নতুনকৈ ৫০ হাজাৰ চাকৰি দিয়া হ’ব৷ যাৰ ঘৰত এজনো চাকৰি নাই সেইসকল প্ৰাৰ্থীক পৰীক্ষাত ১০ নম্বৰকৈ বঢ়াই দিয়া হ’ব৷ কলেজত পঢ়া সকলো ল’ৰা-ছোৱালীৰ নামভৰ্তি বিনামূলীয়া হ’ব৷ ৰেচন কাৰ্ড থকা সকলোকে নতুনকৈ দিব অৰুণোদয় আঁচনি৷ বিজেপিয়ে এইবাৰ দিব মোদী ক্যা গেৰেণ্টী, মামাকা ৱাৰেণ্টী বুলি কৈ কোকৰাঝাৰ সমষ্টিৰ ৰাইজক এইবাৰ পদুম ফুলৰ সলনি ট্ৰেক্টৰৰ চিনত ভোট প্ৰদান কৰাৰ আহ্বান জনায় কংগ্ৰেছ আৰু বিপিএফক কটা হাতৰ কাম নাই, নাঙলৰ দাম নাই বুলি কটাক্ষ কৰে৷ তেওঁ কয়– বিটিচিৰ ৰাজনীতি সুকীয়া হ’লেও বিটিচিৰ ৰাইজে মৰম কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাক৷ ভূপেন বৰাই বিজেপি চৰকাৰক দুৰ্নীতি ভ্ৰষ্টাচাৰ চৰকাৰ বুলি ক’লেও ৰাইজে নামানে৷ বিজেপি চৰকাৰৰ দিনত দালাল নোহোৱা হৈছে, সুদখোৰ নোহোৱা হৈছে, ড্ৰাগ বেপাৰী নোহোৱা হৈছে৷ ৰাইজে এইবোৰ দেখিছে৷ সংখ্যালঘু ৰাইজে এইবাৰ বিজেপিক ভোট দিব ওলাই আহিছে৷ এবাৰতে কিন্তু ১০০ শতাংশ নহয়৷ অৱশ্যে আমি ১০০ শতাংশ আশা কৰা নাই৷ যিবোৰ চিটত ভোট হৈ গৈছে ৫০ শতাংশ আমি লাভ কৰিছোঁ৷ উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে সংগ দিয়ে মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী ৰঞ্জিত দাস, মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, কাৰ্যবাহী সদস্য গৌতম দাস, পাৰিষধ জয় মুছাহাৰী, মণ্টো বড়ো ধীৰাজ দেউৰী সমম্বিতে বিভিন্ন নেতা-কৰ্মী৷

শালবাৰীৰ মায়ংপাৰাত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

‘আমাৰ অসম’ৰ ভৱানীপুৰ আৰু আনন্দ বজাৰৰ প্ৰতিবেদক : ভাৰতবৰ্ষত কংগ্ৰেছৰ চৰকাৰ নাই৷ অসমতো কংগ্ৰেছৰ চৰকাৰ নাই৷ বিটিআৰটো হাগ্ৰামাৰ চৰকাৰ নাই৷ গতিকে কংগ্ৰেছৰ কটা হাতৰ কাম নাই, হাগ্ৰামাৰ নাঙলৰ দাম নাই৷ আজিকালি পথাৰত নাঙল নচলে৷ অন্যান্য লোকসভা সমষ্টিবোৰত বিজেপিক পদুমৰ ছবিত ভোট দিব ৰাইজে৷ কিন্তু কোকৰাঝাৰ লোকসভা সমষ্টিত এটা গণিত আছে৷ সকলোৱে জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ ছবিত ভোট দিব৷ জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ ছবিত ভোট দিলেহে নৰেন্দ্ৰ মোদী হ’ব প্ৰধানমন্ত্ৰী৷ অন্যান্য সমষ্টিত পদুমত ভোট দিলে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ’ব, অগপক ভোট দিলে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ’ব৷ –এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএলৰ তথা এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত শালবাৰীৰ মায়ংপাৰাৰ খেলপথাৰত অনুষ্ঠিত বিশাল জনসভাত তেওঁৰ উদাত্ত ভাষণত৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু বিপিএফ তথা হাগ্ৰামা মহিলাৰীক চোকা সমালোচনা কৰে৷ এতিয়া বিটিআৰত শান্তি, সমন্বয় আনিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৱে৷ সেইবাবেই নৰেন্দ্ৰ মোদীক ভোট দিব লাগিব৷ প্ৰমোদ বড়োক ভোট দিব লাগিব৷ বিপিএফৰ চৰকাৰ দিল্লী, দিছপুৰ, বিটিআৰত ক’তো নাই৷ কিন্তু ইউপিপিএলৰ চৰকাৰ দিল্লী, দিছপুৰ, বিটিআৰ সকলোতে আছে৷ ইউপিপিএলৰ লগত কোন আছে, মোদী আছে৷ গতিকে ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিব লাগিব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ, বিপিএফৰ প্ৰতি অধিক আক্ৰমণাত্মক হৈ কয় যে কংগ্ৰেছৰ দিনত লুঙী, ধুতি, সূতা আদি আঁচনি আছিল৷ হাগ্ৰামাৰ দিনত আঁচনি একো নাছিল৷ হাগ্ৰামাৰ দিনত আঁচনিৰ নামত কোটি কোটি টকা লুট কৰিছিল৷ দুখীয়া মানুহৰ ভাত কাঢ়ি আনিছিল৷ এতিয়া মোদীয়ে সমগ্ৰ ভাৰতবাসীক ভাত দিছে৷ কংগ্ৰেছৰ দিনত, হাগ্ৰামাৰ দিনত ঘোচ নিদিয়াকৈ চাকৰি হোৱা নাছিল৷  যিবোৰ পৰিয়ালত কোনো এজনৰেই চাকৰি নাই, সেই পৰিয়ালৰ প্ৰাৰ্থীক চাকৰিৰ সাক্ষাৎকাৰত দহ নম্বৰকৈ বেছি দিয়া হ’ব৷ নতুনকৈ পি এম ৱাইৰ গৃহ দিয়া হ’ব৷ পিএমৱাইৰ ঘৰৰ বাবে এতিয়াৰে পৰা পঞ্চায়তৰ মানুহে জিঅ’ টেগিং কৰিব নালাগে৷ নিজৰ ঘৰৰ বাবে নিজেই জিঅ’ টেগিং কৰিব লাগিব৷ উচ্ছতৰ মাধ্যমিকত নামভৰ্তি কৰা ছাত্ৰীক ১০ হেজাৰ কৈ টকা দিয়া হ’ব৷ উচ্ছতৰ মাধ্যমিক উত্তীৰ্ণ হোৱা ছাত্ৰী সকলক ১২,৫০০ টকাকৈ দিয়া হ’ব৷ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰীসকলক ২৫ হেজাৰকৈ টকা দিয়া হ’ব৷ ল’ৰাবোৰৰ পঢ়া-শুনাৰ খৰচ দেউতাকে লওক আৰু ছোৱালীসকলৰ পঢ়া শুনাৰ খৰচ মামাই ল’ব৷ এইবোৰ হৈছে মোদী কী গেৰেণ্টী, মামা কী ৱাৰেণ্টী৷ এইবোৰৰ বাবে মোকো ঘোচ দিব লাগিব৷ সেয়া হ’ল নাৰিকলৰ লাড়ু আৰু মুৰিৰ লাড়ু মোৰ বাবে বনাই থওক, মই খাবলৈ আহিম৷ জনসভাত ভাষণ দি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয় যে কোকৰাঝাৰ লোকসভা সমষ্টিত বড়ো-অবড়োৰ ৰাজনীতি কৰি দুবাৰকৈ সাংসদ বনালে ৰাইজে৷ কিন্তু কামতহে নাহিল৷ এইবাৰ ইউপিপিএলৰ, এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদত আছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ আছে৷ সকলো জনগোষ্ঠীৰ ৰাইজৰ আশীৰ্বাদ আছে৷ বিটিআৰৰ সকলো জাতীয় সংগঠনে জয়ন্ত বসুমতাৰীলৈ সমৰ্থন আগবঢ়াইছে৷ চাৰি লাখৰো অধিক ভোটৰ ব্যৱধানত জয়ী হ’ব কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএলৰ তথা এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে৷ জনসভাত ভাষণ দি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয়– ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মূল পৃষ্ঠপোষকতাত, প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰৰ দিনত বিটিআৰত স্থায়ী শান্তি, সমন্বয় ঘূৰি আহিল৷ বিটিআৰৰ লগতে সমগ্ৰ অসমতেই এখন হিংসামুক্ত আৰু সমন্বয়ৰ সমাজ গঢ়ি উঠিল৷ জনসভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰেও ভাষণ দিয়াৰ লগতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, এমচিএলএ মণ্টু বড়ো, জয় মুছাহাৰী, শালবাৰী টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মছাহাৰী, অগপ নেতা কৰ্ণমোহন ৰায়, মনমোহন দাস, মৃণাল কলিতা, বিজেপি নেতা ধীৰাজ দেউৰী, ইউপিপিএলৰ নেতা ডঃ দীপক কুমাৰ বসুমতাৰী, আদিবাসী উন্নয়ন পৰিষদৰ উপাধ্যক্ষ সুভাষ তিৰ্কী, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীৰ লগতে বহুসংখ্যক এনডিএৰ নেতৃবৃন্দ উপস্থিত থাকে৷

সৰ্থেবাৰীত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

‘আমাৰ অসম’ৰ সৰুক্ষেত্ৰীৰ প্ৰতিবেদক : প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পিছত ৭ মে’ত অনুষ্ঠিত হ’বলগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে মুখ্যমন্ত্ৰীয়ে৷ বিশেষকৈ মুখ্যমন্ত্ৰীয়ে বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁট তথা অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ প্ৰচাৰ চলোৱাৰ বাবে এলানি কাৰ্যসূচী হাতত লৈছে৷ এই কাৰ্যসূচীৰ অংশ হিচাপে আজি বৰপেটাৰ সৰ্থেবাৰীত এখন জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীজনে ৩নং বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁট তথা অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক ভোট দিবলৈ আহ্বান জনায়৷ সৰ্থেবাৰীৰ সভাৰখলাত অনুষ্ঠিত সভাত কেইবা সহস্ৰ লোকক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বৰপেটাত অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে জয়লাভ কৰিবই; ইয়াত কোনো সন্দেহ নাই৷ তেওঁ কয় যে, বৰপেটাত ৰাইজে পদুম ফুলৰ ছবিৰ সলনি হাতীৰ ছবিত ভোট দিলেও ভোটটো নৰেন্দ্ৰ মোদীয়ে লাভ কৰিব আৰু দেশত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ’ব৷ মুখ্যমন্ত্ৰীজনে কয় যে, বিগত দহ বছৰত নৰেন্দ্ৰ মোদীয়ে অসমৰ উন্নয়নৰ বাবে কৰা কামৰ বাবেই কৃতজ্ঞতাৰ চিনস্বৰূপে নৰেন্দ্ৰ মোদীক ভোট দিব লাগে৷ ইতিমধ্যে হৈ যোৱা দহটা সমষ্টিৰ নিৰ্বাচনত ৰাইজে হিয়া উজাৰি বিজেপি দলক ব্যাপক হাৰত ভোট দিয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়– বৰাকতো বিজেপি, ব্ৰহ্মপুত্ৰতো বিজেপি, পাহাৰতো বিজেপি আৰু ভৈয়ামতো বিজেপি৷ মুখ্যমন্ত্ৰীয়ে কয় যে, ২০১৪ চনৰ আগলৈকে অসমত বড়োভূমিত বড়ো আন্দোলন, কাৰ্বিআংলঙত কাৰ্বি আন্দোলন, ডিমা হাচাওত ডিমাছা আন্দোলন, চাহবাগিচাত চাহ জনজাতিৰ আন্দোলন আৰু অসমত আলফাৰ আন্দোলন আছিল৷ কিন্তু ২০১৪ চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেওঁৰ প্ৰচেষ্টাত বড়ো সমস্যা, কাৰ্বি সমস্যা, ডিমাচা সমস্যা, চাহ জনজাতিৰ সমস্যাৰ সমাধান হোৱাৰ লগতে অসমত আলফাৰ সৈতে শান্তি চুক্তি হ’ল৷ মুখ্যমন্ত্ৰীজনে কয় যে, বিজেপি চৰকাৰৰ দিনত বিকাশ আৰু উন্নয়নে এনেদৰে গতি কৰিছে যে, ই কেতিয়াও স্থবিৰ নহয়৷ তেওঁ পুনৰ কয় যে, আগতে পঢ়া শুনা কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীয়েও ঘোচ দিব নোৱাৰিলে চাকৰি নোপোৱাৰ বাবে দুখীয়া ঘৰৰ সন্তানে পঢ়া শুনা আধাতে সামৰিছিল৷ বিজেপি চৰকাৰৰ দিনত কোনেও চাকৰিৰ নামত দালালক টকা দিবলগা হোৱা নাই৷ তিনিবছৰত কোনো ঘোচ নোলোৱাকৈ ১ লাখ যুৱক-যুৱতীক চাকৰি দিয়া হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, বিজেপি চৰকাৰৰ দিনত ৰিক্সাচালক, ঠেলা চালকৰ সন্তানে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে৷ এই কথা কংগ্ৰেছ চৰকাৰৰ দিনত অসম্ভৱ আছিল বুলি তেওঁ মন্তব্য কৰে৷ এই বছৰত নতুনকৈ ৫০ হাজাৰ চাকৰি দিয়াৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এজনো চাকৰিয়াল নথকা পৰিয়ালৰ নিবনুৱা যুৱক অথবা যুৱতীক চাকৰি দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ পূৰ্বতে কংগ্ৰেছে ধুতি, লুঙী, সূতা-কম্বল বিতৰণ কৰি ৰাজনীতি কৰিছিল৷ বিজেপিয়ে ধুতি, লুঙী, সূতা-কম্বল বিতৰণৰ ৰাজনীতি বন্ধ কৰি মহিলাসকলক অৰুণোদয় দিছে৷ ৰেচনকাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মুৰব্বীৰ জীৱন বীমা কৰি দিয়া হ’ব বুলি তেওঁ উল্লেখ কৰে৷ প্ৰতিটো দুখীয়া পৰিয়ালৰ কন্যা সন্তানৰ দায়িত্ব গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, মেট্ৰিকৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰীক নগদ ধন দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব৷ মহাবিদ্যালয় -বিশ্ববিদ্যালয়ত এডমিচন এশ শতাংশ বিনামূলীয়া কৰাৰ কথা তেওঁ ঘোষণা কৰে৷ তেওঁ এশ শতাংশ ভোটদান কৰিবলৈ আহ্বান জনাই কয় যে, কয়াকুছিত যদি এশ শতাংশ ভোটদান হ’ব পাৰে, তেন্তে সৰ্থেবাৰীতো এশ শতাংশ ভোটদান হ’ব লাগে৷ আজিৰ এই সভাত মন্ত্ৰী কেশৱ মহন্তই নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰি তুলিবলৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰি তুলিবলৈ বৰপেটাত ফণীভূষণ চৌধুৰীক ভোট দিবলৈ আহ্বান জনায়৷ কংগ্ৰেছৰ এম পি পঠালে ৰাইজৰ লোকচান হ’ব বুলিও কেশৱ মহন্তই কয়৷ সভাত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয় যে, ৰাইজৰ মাজত এতিয়া এটাই কথা নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ’ব৷ তেওঁ অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হোৱা মনমোহন সিঙে মাত্ৰ কেইবাৰ মান হে অসমলৈ আহিছিল৷ কিন্তু নৰেন্দ্ৰ মোদীয়ে ৭০ বাৰ অসম ভ্ৰমণ কৰিছে৷ জৱহৰলাল নেহৰুৱে অসমৰ তেল অসমৰ পৰা নি বাৰাউনীলৈ নি শোধানাগাৰ স্থাপন কৰিছিল বুলি উল্লেখ কৰি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয় যে, কংগ্ৰেছে অসমৰ পৰা কাঢ়ি লৈ যোৱাৰ ই এটা উদাহৰণ৷ কিন্তু মোদীয়ে খাৰুৱা তেলৰ নাটনি হোৱাত বাহিৰৰ পৰা তেল আনি নুমলীগড়ত শোধন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল৷ আজিৰ সভাত বৰপেটা বিজেপিৰ সভাপতি অনিল দাস, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসকে ধৰি কেইবাজনো বিজেপি, অগপ দলৰ নেতা-কৰ্মী উপস্থিত থাকে৷

পলাশবাৰীত বিজয় সংকল্প সমাৱেশত মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ পলাশবাৰীৰ প্ৰতিবেদক : পলাশবাৰীৰ বিধানসভা সমষ্টিৰ পলাশবাৰী উচ্ছতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত তৃতীয় পৰ্যায়ৰ অহা ৭ মে’ত অনুষ্ঠিত হ’ব লগা লোকসভা নিৰ্বাচনৰ বাবে বিজেপি, অগপ, ইউপিপিএল, ৰাভা হাচং যৌথ সংগ্ৰাম পৰিষদ, গণশক্তিৰ সমৰ্থিত প্ৰাৰ্থী বিজুলি কলিতা মেধিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে এখন বিশাল সংকল্প সমাৱেশ অনুষ্ঠিত হয়৷ এই সমাৱেশত আবেলি প্ৰায় ৩ বজাত হেলিকপ্টাৰযোগে উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা৷ গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই৷ সভাত উপস্থিত হৈ ‘আকৌ এবাৰ মোদী চৰকাৰ’ গীতৰ তালে তালে নৃত্য কৰি নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে৷ লগতে মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই কয়– নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ আগলৈকে অসমত হিংসাজৰ্জৰ পৰিৱেশ আছিল, কিন্তু মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত সকলো জাতি-জনগোষ্ঠীৰ সমস্যা সমাধান হোৱাৰ উপৰি উগ্ৰপন্থী সমস্যা, তথা বিভিন্ন উন্নয়নমূলক কাম কৰাৰ ফলত সমস্যা সমাধান কৰিছে৷ পলাশবাৰী-শুৱালকুছি সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ খুঁটাৰ কাম এমাহমানৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ লগতে পলাশবাৰীত আইআইএমৰ অনুষ্ঠান হ’ব বুলিও তেওঁ কয়৷ এতিয়া সময় সলনি হ’ল৷ আজিকালি ল’ৰা-ছোৱালীয়ে পঢ়ে৷ দালালবোৰ এতিয়া মাটিৰ তলত সোমাল৷ চাকৰিৰ নামত দালালী আৰু নাই বুলি কৈ আগন্তুক সময়ত আৰু পঞ্চাশ হাজাৰ যুৱক-যুৱতীক চাকৰি দিব৷ লগতে চাকৰি নোহোৱা পৰিয়ালৰ লোকে চাকৰিৰ বাবে ইণ্টাৰভিউ দিলে দহ নম্বৰ অতিৰিক্তকৈ লাভ কৰিব৷ এতিয়া কংগ্ৰেছৰ কথা মানুহে পাহৰিলে৷ কংগ্ৰেছৰ সভালৈ গ’লে সূতা-কম্বল আঁঠুৱা পাব৷ নগ’লে নাপায়৷ আগন্তুক ১৫ আগষ্টৰ ভিতৰতে সকলো ৰেচন কাৰ্ড থকা মহিলাই অৰুণোদয় লাভ কৰিব৷ আৱাসগৃহৰ বাবে জিঅ’ টেকিঙৰ কাম মহিলাক দিব৷ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে ল’ৰা-ছোৱালীয়ে দুই লাখকৈ পাব তাৰে একলাখ ওভতাই দিলেই হ’ব৷ লগতে কলেজত সকলোৰে নামভৰ্তি ফ্ৰী আৰু বেংক একাউণ্টত দহ হাজাৰকৈ সোমাব৷ এতিয়া সূতা-কম্বলৰ ৰাজনীতি নাই৷ কংগ্ৰেছৰ দিনত এটা অংগনৱাড়ী চাকৰিৰ বাবে ৫ লাখ টকাপৰ্যন্ত উৎকোচ দিবলগীয়া হৈছিল, কিন্তু বিজেপিৰ শাসন কালত কোনোধৰণৰ উৎকোচ প্ৰথা নাই বুলি মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত মন্তব্য কৰে৷ অহাবাৰ মুখ্যমন্ত্ৰীয়েও পলাশবাৰীৰ কাষৰ পৰাই অৰ্থাৎ জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে৷ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী শৰ্মাই গুৱাহাটী লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি বিপুল ভোটত জয়ী হ’ব বুলি নিশ্চিত হোৱা বুলি উল্লেখ কৰে৷ আনহাতে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ গোটেইকেইখন আসনত জয়লাভ কৰিব বুলি কয়৷ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা ৫খন লোকসভা আসনৰ তিনিখনত নিশ্চিতভাৱে জয়ী হ’ব লগতে, বাকী দুখন আসনতো সম্ভৱনা অতিকৈ উজ্জ্বল বুলি প্ৰকাশ কৰে৷ তদুপৰি, ৭ মে’ত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ধুবুৰী, কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী জয়ী হ’ব বুলি আশা প্ৰকাশ কৰে৷ আজিৰ এই বিজয় সংকল্প সমাৱেশত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, ছয়গাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক কমলা কলিতা, সাংসদ কুইন ওজা, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী, পলাশবাৰীৰ সমষ্টিৰ প্ৰাক্তন বিধাক প্ৰণৱ কলিতা, পলাশবাৰী সমষ্টিৰ নিৰ্বাচনী প্ৰভাৰী বিদ্যাসাগৰ, দক্ষিণ কামৰূপ জিলা প্ৰভাৰী অনিৰ্বাণ গোস্বামী, ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুপ কুমাৰ মেধি, ধনেশ্বৰ তালুকদাৰ, হিমাংশু শেখৰ বৈশ্য, এছচি মৰ্চাৰ উপ-সভাপতি কুশলজ্যোতি মালাকৰ, কৃষক মৰ্চাৰ উপ-সভাপতি, ৰাভা হাচাং স্বায়িত্তশাসিত বিষয়ববীয়া ই এম সুমিত ৰাভাৰ লগতে বহুকেইজন নেতা-কৰ্মী উপস্থিত থাকে৷