Logo
image

মূল্যবৃদ্ধি হোৱা নাই!: অসমত থকা সকলো লোকৰ ভোট আমাক লাগিবই বুলি ক'লে মন্ত্ৰী জয়ন্ত মল্লই

'আমাৰ অসম'ৰ বৰভাগৰ প্ৰতিবেদক, ২৮ এপ্ৰিলঃ "আমি অসমৰ ভিতৰত ভোট খুজিছোঁ, পাকিস্তান বা বাংলাদেশত ভোট খুজিবলৈ যোৱা নাই। অসমৰ ভিতৰত থকা সকলো ভোট আমাক লাগিবই।" ৰাজ্যখনত বিজেপিৰ সংখ্যালঘু তুষ্টিকৰণ চৰ্চা সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত নলবাৰীত এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰী বৰুৱাই আৰু কয় যে সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ ফালে ঢাল খাইছে। হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমূলক কামত ধৰ্মীয় সংখ্যালঘু লোকসকল আকৃষ্ট হৈছে। 

দেওবাৰে নলবাৰীত বৰপেটা লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক লগত লৈ এক বাইক ৰেলী বাহিৰ কৰে বিজেপি নেতা-কৰ্মীসকলে। অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰা সহিতে মন্ত্ৰী জয়ন্ত মল্লই এই বাইক ৰেলীত অংশগ্ৰহণ কৰে ৷ ৰেলীত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু কয় যে এইবাৰ বৰপেটাত বিৰোধী বিহীন নিৰ্বাচন হৈছে।

আনহাতে এইবাৰ পুৰুষৰ কাৰণে আঁচনি প্ৰস্তুত কৰা বুলি মন্তব্য কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে পৰিয়ালৰ মুৰব্বীৰ নামত দুটাকৈ বীমাকৰণ কৰা হ'ব। এই নিৰ্বাচনী সভাতে নলবাৰী সমষ্টিৰ পৰা এক লাখ ত্ৰিশ হাজাৰ ভোট ফণীভূষণ চৌধুৰীক প্ৰদান কৰিব লাগিব ।ইপিনে মূল্যবৃদ্ধিৰ বাবে নিৰ্বাচনত ভোটদানৰ হাৰ কমিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰুৱাই কয়, "মূল্যবৃদ্ধি ক'ত হৈছে। আপোনালোকেহে মূল্যবৃদ্ধি দেখিছে । আমাৰ মতে মূল্যবৃদ্ধি কমিছেহে। গেছৰ দাম কমিছে, পেট্ৰ'লৰ দাম কমিছে।"  একেদৰে ধুবুৰীত শুকুৰ আলী জয়ী হ'ব বুলি কৈ ৰকিবুল হুছেইনক কটাক্ষ কৰে মন্ত্ৰী বৰুৱাই।