Logo
image

আজি অমিত শ্বাহৰ ৰোড শ্ব’, গছ কাটি বাট মোকলালে বন বিভাগে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ এপ্ৰিল : বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ এইবাৰ গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ গৃহমন্ত্ৰী অমিত শ্বাহে আজি সোমবাৰে গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ পৰা লালগনেশলৈ ৰোড শ্ব’ত অংশ ল’ব৷ অমিত শ্বাহৰ এই ৰোড শ্ব’ক লৈ এতিয়া কেইবাটাও বিতৰ্কৰ সৃষ্টি হৈছে৷ কিয়নো গুৱাহাটী মহানগৰীত যান-জঁটৰ দোহাই দি পূৰ্বতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ প্ৰৱেশত মুখ্যমন্ত্ৰীয়ে বাধা দিছিল যদিও এতিয়া শাসক দলৰ নেতৃত্বৰ বাবে ৰাইজক দুৰ্ভোগৰ মাজলৈ ঠেলি দি গুৱাহাটীৰ মাজেৰে এটাৰ পাছত এটা ৰোড শ্ব’ বাহিৰ কৰিছে বিজেপিয়ে৷ সৌ সিদিনা মহানগৰীৰ ব্যস্ততম জি এছ ৰোড বন্ধ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব’ বাহিৰ কৰাৰ পাছত এইবাৰ লখৰা-পল্টনবজাৰ নেপালী মন্দিৰ সংযোগী পথত গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’ৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বিজেপি চৰকাৰে৷ বিজেপি দলীয় কৰ্মীৰ প্ৰস্তুতিৰ সমান্তৰালভাৱে কামৰূপ মহানগৰ জিলা প্ৰশাসনেও গৃহমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপেক্ষিতত সোমবাৰে মহানগৰীত ন’ ড্ৰোন, ন’ ফ্লাই জ’ন ঘোষণা কৰিছে৷ অতি উদ্বেগজনকভাৱে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ৰোড শ্ব’ৰ নামত এইবাৰ লখৰা লালগণেশৰ পথৰ দাঁতিত থকা গছ-গছনি কাটি তহিলং কৰিলে বন বিভাগে৷ অমিত শ্বাহৰ ৰোড শ্ব’ৰ দৃশ্য যাতে বিজেপি কৰ্মী-সমৰ্থকে কোনো বাধা নোহোৱাকৈ উপভোগ কৰি অংশ ল’ব পাৰে তাৰ বাবেই বন বিভাগে পথৰ দুয়োকাষে থকা গছসমূহৰ ডাল কাটি মুকলি কৰি পেলায়৷ অমিত শ্বাহে ৰোড শ্ব’ত অংশ ল’বলগীয়া পথটোত ফটাশীল আমবাৰীৰ পৰা লখৰা পৰ্যন্ত বিভিন্ন স্থানত আনকি বন বিভাগে কেইবাজোপা গছ গুৰিতে কাটি পেলায়৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’ৰ নামত বন বিভাগৰ এই কাণ্ডজ্ঞানহীন প্ৰকৃতি ধবংস কাৰ্যত এতিয়া জাঙুৰ খাই উঠিছে সচেতন লোকসকল৷ গৃহমন্ত্ৰীৰ এঘণ্টীয়া নিৰ্বাচনী প্ৰচাৰৰ নামত শ শ গছ কাটি বাট মোকলাবলগীয়া হোৱাৰ যুক্তি ক’ত বুলিও বিভিন্নজনে এতিয়া সামাজিক মাধ্যমৰ প্ৰতিক্ৰিয়া ব্যস্ত কৰিছে৷ অৱশ্যে বন বিভাগ আৰু আৰক্ষী-প্ৰশাসনে গৃহমন্ত্ৰীৰ নিৰাপত্তাজনিত কাৰণতহে গছসমূহৰ ডাল কটা বুলি দাবী কৰিছে যদিও সেয়া যে বিজেপি সমৰ্থকসকলৰ স্বাৰ্থত কৰিছে নকলেও স্পষ্ট হৈ পৰিছে৷ কেৱল অমিত শ্বাহৰ ৰোড শ্ব’ৰ বাবেই নহয়, ইয়াৰ পূৰ্বে বিগত ১৬ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীয়ে জি এছ ৰোডত বাহিৰ কৰা ৰোড শ্ব’ৰ বাবেও জি এছ ৰোডৰ ডিভাইডাৰত ফুলি থকা ফুল গছসমূহ কাটি পেলোৱা হৈছিল৷ ৰাইজৰ প্ৰতিক্ৰিয়াৰ হোৱাৰ ভয়ত নিশাৰ ভিতৰতে প্ৰশাসনে ডিভাইডাৰৰ ফুলগছসমূহ কাটি পেলাইছিল৷ প্ৰকৃতি ধবংসৰ ফলত হোৱা উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি যি সময়ত বিজেপি চৰকাৰে অমৃত বৃক্ষ অভিযানৰ নামত লাখ লাখ গছপুলি ৰোপণ কৰি বিশ্ব অভিলেখ গঢ়িলে, ঠিক সেই সময়তে একেখন চৰকাৰে দলীয় দ্বিতীয় শীৰ্ষ মুৰব্বীজনৰ ৰোড শ্ব’ৰ নামত গুৱাহাটীত গছ কাটি বাট মোকলোৱাৰ দৰে প্ৰকৃতি ধবংসৰ কাৰ্যতো লিপ্ত হ’বলৈ কুণ্ঠাবোধ নকৰিলে৷

শ্ৰীৰামৰ মুখত ৰং সানিলে কোনে? 

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক: গৃহ মন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্বো স্থানত ভগৱান শ্ৰীৰামক অপমান৷ শ্ৰীৰামৰ মুখত কোনে ৰং সানিলে বুলি সৰ্বত্ৰ প্ৰশ্ন উত্থাপন হৈছে৷ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলি থকাৰ মাজতে গুৱাহাটী মহানগৰীত ৰামৰ ফটোযুক্ত বেনাৰত দুৰ্বৃত্তই সানিলে ক’লা ৰং৷ মহানগৰীৰ লালগণেশৰ শংকৰ নগৰত যোৱা নিশা ৰামৰ ফটোযুক্ত বেনাৰত দুৰ্বৃত্তই ক’লা ৰং সনাৰ বিষয়ে আজি পুৱা স্থানীয় ৰাইজে জানিব পাৰে৷ এই ঘটনাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছত ফটাশিল, ওদালবাক্ৰা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ কৰে৷ শংকৰ নগৰৰ হনুমান মন্দিৰৰ সন্মুখত সংঘটিত হৈছে এই উত্তপ্ত পৰিস্থিতিৰ৷ আজি স্থানীয় ৰাইজ ওলাই আহি ৰাজ পথ অৱৰোধ কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ৷ স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি নিশা নিৰ্মাণৰত শ্ৰমিকে ভগৱান ৰামৰ পোষ্টাৰ ফালি পেলোৱাৰ লগতে ক’লা ৰং সানিছে বুলি কয়৷ ইতিমধ্যে এই নিৰ্মাণকাৰ্যত জড়িত ঠিকাদাৰক তলব কৰিছে আৰক্ষীয়ে৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বাহাৰুল ইছলাম আৰু মহিদুল ইছলামক গ্ৰেপ্তাৰ কৰে৷