Logo
image

‘নিসংগ’ মীৰাৰ বিৰুদ্ধে সৰ্বশক্তি প্ৰয়োগ বিজেপিৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ এপ্ৰিল : প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পাছতে ৭ মে’ত আন তিনি সমষ্টিৰ লগতে অন্তিম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী লোকসভা দখলৰ বাবে তৎপৰ হৈছে বিজেপি৷ এক কথাত ক’বলৈ গ’লে গুৱাহাটী দখলৰ বাবে সৰ্বশক্তিৰে নামি পৰিছে বিজেপি৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে দলে দলে বিজেপিৰ নেতা-কৰ্মী গুৱাহাটী দখলৰ যুঁজত নামি পৰিছে৷ বিহুৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত ৰোড শ্ব’ কৰি যোৱাৰ পাছতে আজি গুৱাহাটীৰ দলীয় প্ৰাৰ্থী বিজুলি কলিতা মেধিৰ সমৰ্থনত বিশাল ৰোড শ্ব’ কৰিবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ আজি বিয়লি চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ প্ৰায় দুই কিলোমিটাৰ জোৰা বিশাল ৰোড শ্ব’ কৰিব অমিত শ্বাহে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মায়ো অমিত শ্বাহৰ সৈতে ৰেলীত ভাগ ল’ব৷ ইফালে গুৱাহাটী দখলৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিৰ প্ৰতিটো ৱাৰ্ডতে নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে বিজেপিয়ে৷ গুৱাহাটীৰ ৬০ টা ৱাৰ্ডৰ বাবে চাৰিজন মন্ত্ৰীক বিশেষ দায়িত্ব দিয়া হৈছে৷ অজন্তা নেওগ, ডাঃ ৰণোজ পেগু, বিমল বৰা, যোগেন মহন্তক এই বিশেষ দায়িত্ব দিয়া হৈছে৷ গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডৰ পৰা বিজেপিৰ পক্ষত ৮০ শতাংশ ভোটদান নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই মন্ত্ৰীসকলক গুৰুদায়িত্ব দিছে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আজি মালিগাঁৱত মন্ত্ৰী অজন্তা নেওগে বিশাল বিজয় সংকল্প ৰেলীত ভাগ লয়৷ জালুকবাৰীৰ পৰা গাড়ীগাঁৱলৈ বিশাল বাইক ৰেলী উলিওৱা হয়৷ গাড়ীগাঁৱত এক সভাত ভাগলৈ মন্ত্ৰী নেওগে সংখ্যালঘু লোকসকলক উন্নয়নৰ স্বাৰ্থত বিজেপিত ভোট দিবলৈ আহ্বান জনায়৷ আঁচনিৰ ক্ষেত্ৰত চৰকাৰে হিন্দু-মুছলমান ভাগ কৰা নাই বুলিও মন্ত্ৰীগৰাকীয়ে দাবী কৰে৷ কুইন ওজা, কামাখ্যা প্ৰসাদ তাচাইয়ো নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰীগৰাকীক সহযোগ কৰে৷ ইফালে একে সময়তে মন্ত্ৰী যোগেন মহনে আঠগাঁৱত দলীয় প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী সভাত ব্যস্ত থাকে৷ মন্ত্ৰী পীয়ূষ হাজৰিকাইয়ো মেধিক লগত লৈ গুৱাহাটীত দেওবাৰে সন্ধিয়া এক বিশাল ৰোড শ্ব’ কৰে৷ অসংখ্য দলীয় নেতা-কৰ্মীক লগতলৈ কাহিলীপাৰাত কৰা এই ৰোডশ্ব’ৰ ফলত অভাৱনীয় যান যটৰ সৃষ্টি হয়৷ বিধায়ক দিগন্ত কলিতা, যুৱ নেতা অভিক সোম আদিয়েও মন্ত্ৰী পীয়ূষ হাজৰিকাক সহযোগ কৰে৷ টীম বিজেপিৰ এনে আগ্ৰাসী প্ৰচাৰৰ বিপৰীতে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ যেন নিসংগ হৈ পৰিছে৷ বিজেপিৰ একত্ৰিত শক্তিক বাধা দিবলৈ কংগ্ৰেছৰ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় নেতৃত্বৰ কোনো একত্ৰিত প্ৰয়াস প্ৰতিফলিত হোৱা নাই৷ যেন প্ৰচাৰৰ বাবেহে প্ৰচাৰ চলাইছে কংগ্ৰেছৰ নেতৃত্বই৷ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰী তথা ডৰজনে ডৰজনে বিজেপি তথা সংঘ পৰিয়ালৰ কৰ্মকৰ্তাৰ চক্ৰবেহুৰ মাজত সোমাই নিসংগ মীৰা বৰঠাকুৰে অকলেই যুঁজ দিছে৷ অৱশ্যে ফলাফল কি হয়, সেয়া ৭ মে’ত ইভিমত বন্দী হোৱা জনাদেশহে নিৰ্ণয় কৰিব৷

ছমৰীয়াত প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ নিৰ্বাচনী প্ৰচাৰ

‘আমাৰ অসম’ৰ নগৰবেৰাৰ প্ৰতিবেদক : লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ দিন চমু চাপি অহাৰ লগে লগে আন আন সমষ্টিৰ লগতে ৫নং গুৱাহাটী লোকসভা সমষ্টিতো বিশেষকৈ বিজেপি আৰু কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তোলা পৰিলক্ষিত হৈছে৷ আজি গুৱাহাটী লোকসভা সমষ্টিটোৰ বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত তথা কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰু অধীক তীব্ৰতৰ কৰি তোলাৰ উদ্দেশ্যে সংসদীয় সমষ্টিটোৰ ছমৰীয়া ব্ল’ক কংগ্ৰেছৰ অন্তৰ্গত ১৫খন মণ্ডল কংগ্ৰেছৰ ভিতৰত ১৪খন মণ্ডল কংগ্ৰেছত সভা অনুষ্ঠিত কৰা হয়৷ জানিব পৰা মতে ছমৰীয়া ব্লক কংগ্ৰেছৰ টুপামাৰী, সোণতলী, মাহতলী, নগৰবেৰা, ভখুৰাদিয়া-ৰংগেশ্বৰী, জামলাই, বগুৰিগুৰী, ৰাংগাপানী, ছমৰীয়া, ত্ৰিলোচন, বৰুৱা, বামুণবড়ী, পিজুপাৰা, কিচমত কাঠমী আৰু হেকৰা আদি মণ্ডল কংগ্ৰেছৰ উদ্যোগত আজি একেদিনাই পৃথকে পৃথকে কংগ্ৰেছৰ সভা অনুষ্ঠিত কৰা হয়৷ সভাত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ নিৰ্বাচনী প্ৰচাৰ অভিযান অধিক তীব্ৰতৰ কৰি তোলা আৰু সাংগঠনিক দিশ শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হয়৷ সভাত প্ৰতিটো বুথ কমিটিত সভা অনুষ্ঠিত কৰাৰ লগতে ভোটাৰৰ ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ মাহতলী মণ্ডল কংগ্ৰেছৰ সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ অভিযোগ কোষৰ অধ্যক্ষ ভৱেশ দাসে ভাষণত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে এই চৰকাৰে অৱসৰীসকলৰ ওপৰত নতুন পেঞ্চন নীতি জাপি দি কৰ্মচাৰী সকলক দুৰ্যোগৰ ফালে ঠেলি দিছে৷ কংগ্ৰেছ চৰকাৰ আহিলে পুৰণা পেঞ্চন নীতি বাহাল ৰখা হ’ব৷ তদুপৰি দাসে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰক ৭ মে’ত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনত হাতৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ সকলোকে আহবান জনায়৷ উল্লেখ্য, সভাসমূহত কামৰূপ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আব্দুল বাৰিক, ছমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি তাইজুদ্দিন আহমেদ, সম্পাদক আব্দুল মজিদ মণ্ডলৰ লগতে পৰ্য্যবেক্ষক হিচাপে জিলা আৰু ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷