Logo
image

অচল টকা! মমিনৰ কটাক্ষয়ো ক্ষান্ত কৰিব পৰা নাই মীৰাক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ এপ্ৰিল: পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰক ঢোঁৰা সাপ আখ্যা দিয়াৰ পাছত এইবাৰ অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে অচল টকা আখ্যা দিলে৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মীৰা বৰঠাকুৰে কয় যে ব্যক্তিগত আক্ৰমণ কৰাটো বিজেপিৰহে সংস্কৃতি৷ এয়া কংগ্ৰেছৰ সংস্কৃতি নহয়৷ আমি মুখ্যমন্ত্ৰীক সমালোচনা কৰোঁতেও মাননীয় মুখ্যমন্ত্ৰী মহোদয় বুলি পদমৰ্যাদাক সন্মান জনাইহে সমালোচনা কৰোঁ৷ আমাৰ নেত্ৰী ছোনিয়া গান্ধীক বিজেপিয়ে বিদেশিনী বুলি কিমান বেয়াকৈ সমালোচনা কৰে৷ কিন্তু ইয়াৰ উত্তৰ দিবলৈ তেওঁ নাযায়, নীৰৱে সকলো সহ্য কৰে৷ ইফালে, বিজেপিৰ তিক্ত সমালোচনা তথা চক্ৰবেহুৱেও ক্ষান্ত কৰিব পৰা নাই মীৰা বৰঠাকুৰক৷ সোমবাৰে পুৱাই তেওঁ খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত উপস্থিত হৈ বিদ্যালয়ত থবলৈ অহা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকেৰে মত বিনিময় কৰি ভোট ভিক্ষা কৰে৷ গুৱাহাটীৰ প্ৰতিজন সচেতন ভোটাৰক তেওঁ ৭ মে’ত ভোট দিবলৈ আহ্বান জনায়৷ ইপালে, এছআই জোনমণি ৰাভাৰ মাতৃয়ে বৰঠাকুৰক নিজৰ ‘জী’ আখ্যা দি মুকলিকৈ তেওঁৰ সমৰ্থনত ভোট ভিক্ষা কৰিবলৈ ওলাই অহাটো লক্ষণীয় বুলি বিবেচিত হৈছে৷