Logo
image

মীৰাৰ হৈ ভোটাৰৰ দুৱাৰে দুৱাৰে প্ৰচাৰ জোনমণিৰ মাতৃৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ মে : গুৱাহাটী লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ ভোটাৰৰ দুৱাৰে দুৱাৰে প্ৰচাৰ চলাইছে জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই৷ ছয়গাঁৱত বিৰোধী ঐক্যমঞ্চৰ মনোনীত, কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলায়৷ প্ৰয়াত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ নিঠৰুৱা মাতৃ সুমিত্ৰা ৰাভাই সুখে, দুখে, বিপদে যি লোকে মানুহক সংগ দিয়ে তেনে মানুহকহে ভোট দিব লাগে৷ মোৰ দুৰ্গতিৰ সময়ত নিজৰ কন্যাৰ দৰে খা-খবৰ লৈ মোক সাহস দিছে মীৰা বৰঠাকুৰে৷ তেওঁ বিপদত মোৰ কাষত থিয় হৈছে৷ যি বিপদত কাষত থিয় দিয়ে তেনেলোকক আমি আশীৰ্বাদ দিব লাগে৷ মীৰাই মোৰ জী-পুত্ৰৰ মৃত্যুৰ সময়ত সহায় সাহায্য কৰাৰ উপৰি নিতৌ এবাৰ হ’লেও খা-খবৰ লৈছে৷ পষেকত বা সপ্তাহত এবাৰ হ’লেও দেখা কৰি মোক জীয়াই থাকিবলৈ সাহস দিছে৷ বিপদ-আপদৰ সময়ত যি বিপদগ্ৰস্তৰ কাষত থিয় দিয়ে তেওঁহে আচল মানুহ৷ তেওঁ মোক নিজৰ মাতৃৰ দৰে জ্ঞান কৰে৷ ময়ো তেওঁক নিজৰ ছোৱালীৰ দৰে জ্ঞান কৰো৷ সেইবাবে মোৰ জীৱনৰ ইমান বিপৰ্যৰ পাছতো ওলাই আহিছোঁ৷ মই আশাবাদী ৰাইজে তেওঁক ভোট দিলে তেওঁ ৰাইজক বিমুখ নকৰে৷ নিৰ্বাচিত হোৱাৰ পাছত তেৱোঁ ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিব লাগিব৷ ছয়গাঁও ৰাজীৱ ভৱনত অনুষ্ঠিত সভাখনত ভাগ লৈ মীৰা বৰঠাকুৰে কয়–মোৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীগৰাকীৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৃহমন্ত্ৰী অমিত শ্বাহে ঢপলিয়াই অহাত ভাল পাইছোঁ৷ কিন্তু এই সময়ত অনুভৱ কৰিছোঁ অসমৰ বান-খহনীয়া সমস্যা বা আন দুৰ্যোগৰ সময়ত যদি তেওঁ অসমলৈ ঢপলিয়াই আহিলহেতেন আজি তেওঁলোকে নিৰ্বাচন জিকিবলৈ এনেদৰে ধৰফৰাব নালাগিলহেতেঁন৷ বিজেপিয়ে অত্যাধুনীক প্ৰযুক্তিৰে অসমৰ বান-খহনীয়া সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ সেয়া তেওঁলোকে কেনেকৈ সমাধান কৰিলে স্পষ্ট কৰক৷

মীৰাৰ সমৰ্থনত ভাৰত জোৰো অভিযান আৰু অসম নাগৰিক সমাজৰ পথসভা

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ : গুৱাহাটীৰ চানমাৰিস্থিত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে উদ্যানৰ সন্মুখত মঙলবাৰে ভাৰত জোৰো অভিযান অসম আৰু অসম নাগৰিক সমাজৰ আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থীৰ হৈ এখন গোহাঁৰি পত্ৰ ৰাইজৰ মাজত বিতৰণ কৰে, আৰু ৰাইজক বৰ্তমান দেশৰ সমস্যা, জাতিৰ ভৱিষ্যত, খিলঞ্জীয়াৰ সুৰক্ষা, গণতন্ত্ৰ ৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি, এবাৰ ভাবি চিন্তি ভোটদান কৰাৰ বাবে আহ৩ান জনায়৷ এই উপলক্ষে এখন পথসভা অনুষ্ঠিত হয়৷ এই সভাত বিশিষ্ট বুদ্ধিজীৱী ড॰ হীৰেন গোহাঁই, আৰু সাংসদ অজিত কুমাৰ ভূঞাই বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ লগতে অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বহু বলকি দুৰ্নীতিৰ মহা নায়ক বুলি কয়৷ বিজেপি চৰকাৰক সাম্প্ৰদায়িক, ভ্ৰষ্টাচাৰী, স্বৈৰাচাৰী আখ্যা দিয়ে৷ ৰাজ্যত অভাবনীয় ভাৱে ৮০০ বিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ কথা কয়৷ বিশিষ্ট বুদ্ধিজীৱী ড॰ হীৰেন গোঁহাইয়ে লগতে কয় যে -ৰাজ্যৰ ভোটদান টোৱে হল জীৱন ৰক্ষাৰ প্ৰধান অস্ত্ৰ৷ সেয়েহে ৰাইজক এই অস্ত্ৰৰ সঠিক ব্যবহাৰ কৰিবলৈ আহ৩ান জনালোঁ৷ তেওঁ লগতে কয়-এয়া শেষ সুযোগ৷ বিজেপিক পুনৰ ক্ষমতালৈ আনিলে ৰাইজৰ জীৱন পুনৰ নাৰকীয় হৈ পৰিব৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ দিনত মানুহৰ হাতত টকা আছিল, তেওঁলোকে মুখ খুলি কথা ক’ব পাৰিছিল৷ এতিয়া মানুহৰ হাতত টকা নাই, মুখখুলি চৰকাৰক সমালোচনাও কৰিব নোৱাৰে৷ ‘আনহাতে সাংসদ অজিত কুমাৰ ভূঞাই বিগত ১০ বছৰত বিজেপিৰ শাসনত দেশখন ধবংস হৈছে৷ তেওঁলোকৰ জনবিৰোধী কাম-কাজ প্ৰতিফলিত হৈছে৷ ৰাইজে এইবাৰ বিবেকেৰে ভোট দিয়ক৷ ‘বিশিষ্ট লেখিকা মাইনী মহন্তই কয় যে বিজেপি চৰকাৰে ৰাজ্যৰ দুখীয়া শ্ৰেণীৰ লোক সকলে অকল পেটটো লৈ অহা বুলিয়ে ভাৱে৷ ১২০০ টকা আৰু ৫ কিলো চাউল চটিয়াই দিলেই ৰাজ্যৰ সমস্যা সমাধান হৈ যাব৷ সভাত উপস্থিত বহু কেইজন বিশিষ্ট ব্যক্তিয়ে চমু ভাষণ দিয়ে৷ বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ সম্পাদক মানস প্ৰতিম দাসেও চমু ভাষণ প্ৰদান কৰে৷ সভাত ভাৰত জোৰো অভিযানৰ মুখ্য আহ্বায়ক পৰেশ মালকৰ, চি পি আই এম এলৰ ৰাজ্যিক সম্পাদক বিবেক দাস, সমাজকৰ্মী শঙ্কৰ শইকীয়া, এন চি পিৰ হৈ পৰেশ বৰুৱা, প্ৰাক্তন অধ্যাপক ইন্দ্ৰানী দত্ত, সাহিত্যিক সুপৰ্ণা লাহিৰী বৰুৱা, প্ৰাক্তন আই পি এছ বিষয়া দিলীপ বৰা, জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, নাগৰিক সমাজৰ হীৰেন ঠাকুৰীয়া, শিল্পী লোকনাথ গোস্বামীৰ উপৰিও প্ৰায় ৭০জন মান বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখ্য, দুখন পিকআপভান মীৰা বৰঠাকুৰ গোস্বামীৰ বেনাৰ পোষ্টাৰ আদিৰে সজ্জিত কৰি এই যাত্ৰা আৰম্ভ হয়৷ সন্ধিয়া ৬: ২৫ বজাত চানমাৰিৰ কাৰ্য্‌সূচী সমাপ্ত কৰি তেওঁলোক আকৌ জু ৰোড তিনি আলী উৰণীয়া সেতুৰ তলত ৭: ২৫ বজাত অনুৰূপ ধৰণে প্ৰচাৰ অভিযান চলায় প্ৰায় ৩০ মিনিট মান সময় প্ৰচাৰ অভিযানত থাকি ৭: ৫৫ বজাত তেওঁলোকে জু ৰোডত সমাপ্ত কৰি আকৌ গণেশগুৰি চাৰিআলি দিশে ৰাওনা হয়৷ তাতো অনুৰূপ ধৰণে প্ৰচাৰ অভিযান চলায়৷ এই কাৰ্যসূচীত অজিত কুমাৰ ভূঞা, ইন্দ্ৰানী দত্ত, মাইনী মহন্ত, পৰেশ বৰুৱা, শঙ্কৰ শইকীয়া, সুব্ৰত তালুকদাৰ, বি বৰুৱা কলেজৰ সম্পাদক মানস দাস, পৰেশ মলাকৰকে আদি কৰি প্ৰায় ৪০জনমান মান ব্যক্তি উপস্থিত থাকে৷

মীৰা বৰঠাকুৰ গোস্বামীৰ সমৰ্থনত চিপিআই[এম-এল]ৰ প্ৰচাৰ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ: চিপিআই [এম-এল]ৰ উদ্যোগত ইণ্ডিয়া মৰ্চাৰ সমৰ্থিত ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ সমৰ্থনত মঙলবাৰে আমগাও বজাৰ, বামুণিমৈদাম, চানমাৰি, শিলপুখুৰী, গুৱাহাটী ক্লাব, উজান বজাৰ, শান্তিপুৰ, হাতীগাও চাৰিআলিত প্ৰচাৰ পত্ৰ বিতৰণ, পথচাৰী, দোকানদাৰ আদিৰ সৈতে বাৰ্তালাপ কৰে আৰু পথ সভা অনুষ্ঠিত কৰে৷ এই কাৰ্যসূচীত ৰাইজে অংশগ্ৰহণ কৰি মীৰা বৰঠাকুৰ গোস্বামীৰ প্ৰতি বিপুল সমৰ্থন আগবঢ়ায়৷ সভাত চিপিআই [এম-এল]ৰ ৰাজ্যিক নেতা পংকজ কুমাৰ দাস, নুনমাটি মহিলা কংগ্ৰেছৰ সভানেত্ৰী দিপালী মহন্ত, নুনমাটি ব্লক কংগ্ৰেছৰ উপ-সভাপতি তিলেন্দ্ৰ মহন্ত, বিশিষ্ট সমাজ সেৱিকা তথা সচেতন মহিলা মঞ্চৰ সভানেত্ৰী চৈয়দা মছফিকা বেগম, সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নেত্ৰী গীতাঞ্জলি সোণোৱাল,  পুনম সোণোৱাল আদিয়ে অংশগ্ৰহণ কৰে৷  পথ সভাত অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰি বক্তা সকলে কয় যে বিজেপি দলৰ শাসনত হাজাৰ হাজাৰ শ্বহীদৰ আত্মবলিদানৰ বিনিময়ত অৰ্জিত দেশৰ স্বাধীনতা, সংবিধান, গণতন্ত্ৰ গভীৰ বিপদৰ মুখত পৰিছে৷ ভয়াবহ মূল্য বৃদ্ধি, নিবনুৱা বৃদ্ধি, কৰ কাটলৰ বোজাই সাধাৰণ ৰাইজৰ জীৱন জীৱিকা চৰম নিৰাপত্তাহীন কৰি তুলিছে৷ ৬০০০ কোটি টকাৰ ইলেকচন বণ্ডৰ কেলেংকাৰী সংঘটিত কৰা বিজেপি চৰকাৰৰ শাসনত ঔষধৰ দাম ভয়াবহ ভাৱে বৃদ্ধি পাইছে৷ এই পৰিস্থিতিৰ পৰিত্ৰাণ পাবলৈ বিজেপি দলক পৰাস্ত কৰিবলৈ আৰু ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ ইণ্ডিয়া মৰ্চাৰ সমৰ্থিত জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীক বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ আহ৩ান জনায়৷