Logo
image

বিজেপিৰ দিনত নামাজ, ৰোজা ৰখাত অসুবিধা হৈছে নেকি?

‘আমাৰ অসম’ৰ বকোৰ প্ৰতিবেদক, ১ মে : ‘দেশত বিজেপি চৰকাৰ অহাৰ পিচত মুছলমান লোকৰ নামাজ পঢ়াত ব্যাঘাত জন্মিছে নেকি? ৰোজা ৰখাত অসুবিধা হৈছে নেকি?’–এই প্ৰশ্ন মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ আজি কামৰূপৰ নৱগঠিত ছমৰীয়া সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চল সোণতলীত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাই এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি চৰকাৰৰ দিনত মুছলমান লোকৰ নামাজ পঢ়াত কোনো ব্যাঘাত জন্মা নাই, ৰোজা ৰখাত কোনা বাধাৰ সৃষ্টি হোৱা নাই, মচজিদত আজান দিয়া বন্ধ হোৱা নাই, হজলৈ যোৱাৰ ক্ষেত্ৰত কোনো অসুবিধা হোৱা নাই৷ নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিচত বিগত দহ বছৰত অসমৰ সংখ্যলঘুৰ ওপৰত কোনো অন্যায়-অত্যাচাৰ হোৱা নাই৷ এই ভাষ্য অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ৷ আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ জিলাৰ নৱ গঠিত ছমৰীয়া সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চল সোণতলীত প্ত নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ উল্লেখ্য, সোণতলী উচ্ছতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে হেলিকাপ্টাৰযোগে অংশ লৈ লোকে লোকাৰণ্য হৈ পৰা নিৰ্বাচনী সভাখনত ‘আকৌ এবাৰ মোদী চৰকাৰ’ শীৰ্ষক সংগীতৰ তালে তালে ৰাইজৰ সৈতে নাচি- বাগি মুখৰিত কৰি তোলে সভাস্থলী৷ সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে কম সময় ভাষণ দি বেচিভাগ সময়েই ৰাইজৰ কথা শুনা পৰিলক্ষিত হয়৷ নিজৰ স্বভাৱসুলভ ভংগীমাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বক্তব্য কমকৈ দি ৰাইজৰ সৈতে অন্তৰংগভাৱে বিভিন্ন সমস্যাৰ ওপৰত সভাৰ অধিকাংশ সময়েই মতবিনিময় কৰে৷ বৃহত্তৰ সোণতলী অঞ্চলৰ এটাৰ পিচত এটা জ্বলন্ত সমস্যাৰ সম্পৰ্কত ৰাইজৰ পৰা শুনি তাৰ সমাধানৰ দিয়ে প্ৰতিশ্ৰুতি৷ বিশেষকৈ ৰাইজৰ প্ৰতিটো সমস্যা হৃদয়ংগম কৰি কংগ্ৰেছৰ সুঁতা আৰু ধুতি-লুঙ্গীৰ পৰিৱৰ্তে বিজেপি চৰকাৰে ৰাইজক বিনামূলীয়া চাউল, গেছ, আয়ুস্মান, অৰুণোদয় আদি দিয়া বুলি কৈ সোণতলীকে ধৰি বৃহত্তৰ ছমৰীয়া সমষ্টিৰ ৰাইজৰ ডি ভোটাৰৰ সমস্যা, আধাৰ কাৰ্ডৰ সমস্যা, গৰাখহনীয়া সমস্যা, মাটিৰ পট্টা প্ৰদান, উন্নত চিকিৎসালয় স্থাপন, বিজ্ঞান শিক্ষা, অসম মালাৰ অধীনত গৰৈমাৰীৰ পৰা সোণতলী লৈ ৰাস্তা, জলজলী তথা নগৰবেৰাত পকী দলং সোণতলী - বহৰী সংযোগী ব্ৰহ্মপুত্ৰ ওপৰত দলং নিৰ্মাণ আদিৰ প্ৰতিশ্ৰুতি দিয়ে৷ ইফালে, মুখ্যমন্ত্ৰীৰ চমু বক্তব্যত ৰেচন কাৰ্ড পোৱা সকলোৱে অৰুণোদয়ই আঁচনি পাবই বুলি নিজৰ নিৰ্বাচনী বক্তব্যত উল্লেখ কৰি আৰক্ষী বিভাগকে ধৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত অচিৰেই ৫০ হাজাৰ চাকৰি নিৱনুৱাই নিযুক্তি লাভ কৰিব বুলি কয়৷ ৰাইজৰ বিভিন্ন সমস্যাৰ কথা শুনি মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছৰ ওপৰত সোচ্ছাৰ হৈ কংগ্ৰেছৰ বিভিন্ন অপপ্ৰচাৰ ওপৰতো বক্তব্য দাঙি ধৰে৷ নিজৰ চমু ভাষণত প্ৰধানমন্ত্ৰী মোদীৰ দহ বছৰীয়া কাৰ্যকালত অসমৰ সংখ্যলঘুৰ ওপৰত কোনো অন্যায়- অত্যাচাৰ হোৱা নাই বুলি দৃঢ়তাৰে কৈ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী বনোৱাৰ বাবে দলৰ প্ৰাৰ্থী বিজুলী কলিতাক মেধিক বিপুল ভোটত বিজয়ী কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজক আহ৩ান জনায়৷ নিৰ্বাচনী সভাখনত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই, প্ৰাক্তন অগপ মন্ত্ৰী ডাঃ কমলা কলিতা, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী, বিজেপিৰ বকো- ছয়গাঁৱ সমষ্টিৰ নিৰ্বাচনী তত্ত্বাৱধায়ক সীমাংশু শেখৰ বৈশ্য, বিজেপিৰ দক্ষিণ কামৰূপ জিলাৰ প্ৰভাৰী অনিৰ্বান গোস্বামীকে ধৰি বিজেপিৰ ভালেসংখ্যক নেতৃবৃন্দ উপস্থিত থাকে৷

ৰংজুলিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

‘আমাৰ অসম’ৰ দুধনৈৰ বিশেষ প্ৰতিনিধি, গোৱালপাৰা, ৰংজুৰি আৰু টিপলাইৰ প্ৰতিবেদক : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে যিমানেই গুৱাহাটী লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে৷ বিশেষকৈ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ নিৰ্বাচনী প্ৰচাৰে অধিক আকৰ্ষণীয় ৰূপ লৈছে৷ এফালে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰক জয়ী কৰাৰ কাৰণে প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা আৰু তিনি গগৈ ক্ৰমে গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিনজ্যোতি গগৈ উঠি পৰি লগাৰ বিপৰীতে বিজুলি কলিতা মেধিৰ জৰিয়তে শাসকীয় দল বিজেপিয়ে সংসদীয় সমষ্টিটো পুনৰ নিজৰ দলত ৰখাৰ আপ্ৰান চেষ্টা চলাই আছে৷ ইয়াৰ বাবে দিল্লীৰ পৰা নেতা অহাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংসদীয় সমষ্টিটোৰ আকাশে বতাহে হেলিকপ্টাৰ উৰুৱাই নিৰ্বাচনী প্ৰচাৰ চলাই আছে৷ বিজেপি দলে সংসদীয় সমষ্টিটোৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ ৰংজুলিত আজি ‘বিজয় সংকল্প সমাৱেশ’ শীৰ্ষক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অনুষ্ঠিত কৰে৷ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰি সমষ্টিটোৰ বিজেপি দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়৷ হেলিকপ্টাৰযোগে দুপৰীয়া উপস্থিত হৈ মঞ্চত উঠিয়ে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ ভালনে বুলি সুধি সকলো মহিলাক নিজৰ কাষলৈ আহিবলৈ আহবান জনায়৷ মুখ্যমন্ত্ৰীৰ আহবান পাইয়ে সকলো মহিলা নিজৰ আসন এৰি বেৰিকেট পাৰ হৈ মুখ্যমন্ত্ৰীৰ কাষ পায়৷ তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে ‘আকৌ এবাৰ মোদী চৰকাৰ’ গানৰ জৰিয়তে নাচিবাগি মোদী বন্দনাৰে নিজৰ ভাষণ আৰম্ভ কৰে৷ ক’ভিড পৰিস্থিতিৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিদৰে ৰাইজক সেৱা আগবঢ়ালে সেই সম্পৰ্কে বহলাই ব্যাখ্যা কৰি তেওঁ কয়– আমাৰ চৰকাৰ গঠন হোৱাৰ তিনিটা বছৰ হল৷ আৰু এই তিনিটা বছৰৰ ভিতৰতে আমি এক লাখ নিবনুৱাক চাকৰি দিছোঁ৷ চাকৰি দিয়াৰ ক্ষেত্ৰত কোনেও এটকাও খাব নোৱাৰিলে আৰু এই চাকৰি ঠেলাৱালা, ৰিক্সাৱালাৰ লৰা ছোৱালীয়েও পালে৷ অহা এটা বছৰৰ ভিতৰতে আৰু পঞ্চাশ হাজাৰ নিবনুৱাক চাকৰি দিম৷ বিপৰীত কংগ্ৰেছে ধুতি, লুঙী, সূতা, কম্বল আৰু আঁঠুৱা প্ৰদানৰ নামত ৰাইজক পঞ্চ অমৃত খুৱাইছিলে৷ ইয়াৰ বিপৰীতে আমি ৰাইজক অৰুণোদয় আঁচনি দিছোঁ৷ ইতিমধ্যে ৩০ লাখ পৰিয়ালক অৰুণোদয় আঁচনি দিয়া হৈছে৷ নিৰ্বাচনৰ পিছতে আৰু ৩২ লাখ পৰিয়ালক এই আঁচনি প্ৰদান কৰা হব৷ অৰ্থাৎ ৬২ লাখ পৰিয়াল এই আচঁনিৰ উপকৃত হ’ব৷ ইয়াৰ লগতে লাখপতি বাইদেউ আঁচনিৰ কথাও তেওঁ উল্লেখ কৰে৷ লগতে ‘আত্মনিৰ্ভৰ অসম’ নামৰ এক নতুন আঁচনিৰ জৰিয়তে নিবনুৱাসকলক দুই লাখ টকা ব্যৱসায়ৰ বাবে প্ৰদান কৰা হব৷ ইয়াৰে এক লাখ টকা পৰিশোধ কৰাৰ বিপৰীতে আন এক লাখ টকা পৰিশোধ কৰিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ তদুপৰি আন এক নতুন আঁচনিৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ সকলো ল’ৰা-ছোৱালী নামভৰ্তি বিনামূলীয়া কৰাৰ লগতে উচ্ছতৰ মাধ্যমিকত পঢ়া ছোৱালীসকলক বছৰি দহ হাজাৰ, স্নাতক পৰ্যায়ৰ ছোৱালীসকলক বাৰ হাজাৰ পাঁচ শ আৰু বিশ্ববিদ্যালয়ত পঢ়া ছোৱালীসকলক বছৰি ২৫ হাজাৰ টকালৈ দিয়া হব৷ ৰাজ্যত এতিয়া শান্তি ঘূৰি আহিছে৷ এতিয়া অসমত আন্দোলন নোহোৱা হল৷ উদ্যোগ গঢ়ি উঠিল৷ পূৰ্বে এনে পৰিৱেশ নাছিল৷ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যভাৰ লোৱাৰ পিছতে সকলো সমস্যাৰ সমাধান হল৷ ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদক সাংবিধানিক মৰ্যাদা দিয়াৰ বাবে কেবিনেটৰ অনুমোদন দিল্লীলৈ প্ৰেৰণ কৰা হৈছে৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক মৰম আৰু শ্ৰদ্ধা কৰে৷ অসমৰ গামোচা গলত লৈ বিশ্ব ঘূৰে৷ সকলো সমস্যা সমাধান কৰে৷ সেয়ে গুৱাহাটী লোকসভা সমষ্টিত বিজুলী কলিতা মেধিক ভোট দি নৰেন্দ্ৰ মোদীৰ হাত মজবুত কৰাৰ বাবে তেওঁ ৰাইজক আহবান জনায়৷

গুৱাহাটীত বিত্তমন্ত্ৰী অজন্তা নেওগৰ নিৰ্বাচনী প্ৰচাৰ

বিত্তমন্ত্ৰী অজন্তা নেওগে আজি নিউ গুৱাহাটী বিহু ফিল্ড, গোপাল নগৰ শক্তিপীঠ আৰু নাৰেংগী হাউছিং ক’লনীৰ বিহু ৰংগমঞ্চত গুৱাহাটী সংসদীয় সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়৷ সভাত জ্যেষ্ঠা নেত্ৰীগৰাকীয়ে অসমৰ উন্নয়ন সুনিশ্চিত কৰিবলৈ ভাজপা-মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজৰ প্ৰতি আহ৩ান জনায়৷ ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়– স্বাধীনতাৰ পিছত অসম দীৰ্ঘদিন উপেক্ষিত আছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত এনডিএ চৰকাৰে দায়িত্ব লোৱাৰ পিছৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ অভূতপূৰ্ব জোঁৱাৰ আহিছে৷ অসমলৈ এইমছ আহিছে, ৰাস্তা-ঘাটৰ চেহেৰা সলনি হৈছে, খাটি খোৱা মানুহৰ জেপলৈ ধন আহিছে, গঁড় হত্যা বন্ধ হৈছে আৰু সাধাৰণ মানুহৰ জীৱন পূৰ্বৰ তুলনাত নিৰাপদ হৈছে৷ অসমৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ অন্তৰত সুকীয়া স্থান আছে বুলি দোহাৰি মন্ত্ৰীগৰাকীয়ে অসমৰ মানুহে যোৱা দহ বছৰত তাৰ প্ৰমাণ পাইছে বুলি মন্তব্য কৰে৷ এইবাৰৰ নিৰ্বাচন অসমৰ জনতাই মোদীৰ মৰমৰ প্ৰতিদান দিয়াৰ সুযোগ৷ –বিজুলী কলিতা মেধিক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ৩ান জনাই মন্ত্ৰীগৰাকীয়ে এনেদৰে কয়৷ বিত্তমন্ত্ৰীগৰাকীয়ে পূব গুৱাহাটী আৰু দিছপুৰ সমষ্টিত তিনিখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷ আটাইকেইখন সভাতে কৰ্মী-সমৰ্থকসকলৰ ভিৰ হোৱা দেখা যায়৷ প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মা, পাৰিষদ লিপিকা পটোৱাৰী কলিতা আদি কেইবাগৰাকী নেতা-নেত্ৰীয়ে প্ৰচাৰ অভিযানত মন্ত্ৰীগৰাকীক সংগ দিয়ে৷

চেঙাত মন্ত্ৰী জয়ন্তমল্লৰ নিৰ্বাচনী প্ৰচাৰ

‘আমাৰ অসম’ৰ বহৰিৰ প্ৰতিবেদক : ধুবুৰী সংসদীয় সমষ্টিৰ অন্তৰ্গত চেঙা সমষ্টিৰ পদ্মপাৰাত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ সমৰ্থনত আজি এখন বৃহৎ সভা অনুষ্ঠিত হয়৷ সভাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু মন্ত্ৰী কেশৱ মহন্তই অংশ গ্ৰহণ কৰে৷ আজিৰ নিৰ্বাচনী সভাখনত জয়ন্তমল্ল বৰুৱাই চেঙাৰ ৰাইজক এক সঠিক সিদ্ধান্ত ল’বলৈ আহ৩ান জনাই কয়– আপোনালোকে সিদ্ধান্ত ল’ব লাগিব, বিকাশৰ লগত থাকিব নে ধৰ্মৰ নামত কাম কৰা চামটোৰ লগত থাকিব৷ নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্বৰ লগত থাকিব নে ধৰ্মৰ নাম কৈ প্ৰৰোচনা কৰা সকলৰ লগত থাকিব৷ বিগত ১৫ বছৰে ধুবুৰীত ধৰ্মৰ নামত ৰাজনীতি কৰিলে৷ গতিকে ধৰ্মৰ নামত ৰাজনীতি কৰা সকলক উচিত শিক্ষা দিয়াৰ সিদ্ধান্ত ল’বলৈ সকলোকে আহ্বান জনায়৷ তেও কয়– ধুবুৰীৰ এশ শতাংশ সংখ্যালঘু লোক থকা আমাৰ সভা সমূহত জনসমুদ্ৰ হৈছে৷ সংখ্যালঘু ৰাইজে এইবাৰ জাভেদ ইছলামৰ পক্ষত হিলদল ভাঙি ওলাই আহিছে৷ ধুবুৰীৰ ৰাইজে ১৫ বছৰে ধৰ্মৰ নামত কৰা ৰাজনীতি বুজি পাইছে৷ আমাৰ বিশ্বাস আছে এইবাৰ আমি সংখ্যালঘু জনগণৰ ভোট বিপুলভাৱে লাভ কৰিম৷ মন্ত্ৰী বৰুৱাই কয়– তেও যিহেতু ধাৰ্মিক মানুহ গতিকে তেওঁ ইস্তেমাত, ধৰ্ম সভাত ধৰ্মীয় ভাষণ দিয়ক, কিন্তু ধৰ্মৰ নামত ৰাজনীতি নকৰিবলৈ আহ৩ান জনায়৷ তেওঁ লগতে হোজাইৰ মানুহজনে ধুবুৰীৰ গৰীৱ জনগণৰ মনোবেদনা বুজি নাপায় বুলি প্ৰকাশ কৰি কয় যে জাভেদ স্থানীয় ৰাইজৰ সকলো কথা জানে, বুজে৷ কিন্তু আজমলে বুজি নাপায়৷ সেইকাৰণে আজমলে হোজাইত মেডিকেল বনাইছে৷ কিন্তু আমাৰ চৰকাৰে ধুবুৰীত মেডিকেল কলেজ বনাইছে৷ আমি ৰাইজৰ বেদনা বুজো, সেয়ে ধুবুৰীৰ জনগণে আমাক ভোট নিদিয়া সময়তে ব্ৰহ্মপুত্ৰৰ ওপৰত ধুবুৰী-ফুলবাৰী সংযোগী আটাইতকৈ দীঘল দলংখন নিৰ্মাণ কৰিছোঁ৷ আমি ভোটৰ আশাত দলং নিৰ্মাণ কৰা নাছিলোঁ, ৰাইজৰ দুৰ্দশা বুজিহে নিৰ্মাণ কৰিছিলোঁ৷ ধুবুৰীখন চৰনীয়া পথাৰ নহয়৷ আৰু এজন আহিছে নগাঁৱৰ পৰা৷ তেও বনমন্ত্ৰী থাকোঁতে কাজিৰঙাখনে খাই পেলাইছিল৷ নিজৰ সমষ্টিৰ লাওখোৱা অভয়াৰণ্যৰ গছ কাটি তহিলং কৰিছিল৷ এইবাৰ সাৰুৱা ঠাই ধুবুৰীলৈ আহিছে৷ কংগ্ৰেছৰ কটা হাতখন মাটিৰ তলত পোত গৈছে আৰু খান্দি উলিয়াওতে ৫০ বছৰ লাগিব বুলি কৈ নগাঁৱৰ পৰা অহা ৰকিবুলক আৰু হোজাইৰ পৰা অহা আজমলক লথিয়াই বাংলাদেশত পঠাই দিবলৈ ধুবুৰী সমষ্টিৰ ৰাইজক আহ৩ান জয়ন্তমল্ল বৰুৱাৰ৷

হাটশিঙিমাৰীত মন্ত্ৰী জয়ন্ত মল্লৰ প্ৰচাৰ

এআইইউডিএফৰ বদৰুদ্দিন আজমলক চালানী মাছ বুলি আখ্যা দি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি ২নং ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ সমৰ্থনত হাটশিঙীমাৰীত আজি এখন বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে৷ তেওঁ কয় যে এআইইউডিএফ হ’ল চালানী মাছ, ১৫ বছৰে আপোনালোকে এই চালানী মাছৰ সোৱাদ ল’লে৷ চালানী মাছে বিগত ১৫ বছৰে একো কাম নকৰিলে৷ তেওঁ আৰু কয় যে আমাৰ ভাতৃ জাভেদ ইছলাম হ’ল লোকেল মানুহ, এইবাৰ আপোনালোকে লোকেল মাছৰ সোৱাদ লওক৷ এতিয়া হাটশিঙীমাৰীত এটাই কথা যে ইয়াত লোকেল মাছৰ দাম বেছি৷ সেয়ে তেওঁ ইয়াৰ লোকেল মানুহ, জেহেৰুল ইছলাম চাহাবৰ পুত্ৰ জাভেদ ইছলামক বিপুল ভোটত জয়যুক্ত কৰিবলৈ সকলোকে আহ্বান জনায়৷ এআইইউডিএফক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীজনে কয় যে এআইইউডিএফৰ কৰ্মীসকল পগলা হ’বলৈ আৰম্ভ কৰিছে, আমাৰ মানুহক মাৰপিট কৰা আৰম্ভ কৰিছে৷ তেওঁলোকে হতাশাত ভুগি এই কাম কৰা বুলি মন্ত্ৰীজনে মন্তব্য কৰে৷ ইয়াৰ উচিত শিক্ষা সময়ত দিয়া হ’ব বুলি মন্ত্ৰীজনে কয়৷ তেওঁ কয় যে জাভেদ ইছলামক জিকাৰ বাবে আপোনালোকে ডেৰ লাখ ভোটৰ গেৰাণ্টী দিয়ক, আমি হাটশিঙিমাৰীক এটা ডাঙৰ পুৰস্কাৰ দিম৷ সভাত তেওঁ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনকো চালানী মাছ বুলি আখ্যা কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে৷ হাটশিঙিমাৰীৰ বান, মথাউৰিৰ সমস্যা সমাধানৰ ওপৰতো মন্ত্ৰীজনে ভাষণ দাঙি ধৰে৷ বিপুলসংখ্যক সংখ্যালঘু জনতাৰ উপস্থিতিত তেওঁ কয় যে যাৰ চৰকাৰ থাকে, তেওঁলোকৰহে কাম কৰাৰ ক্ষমতা থাকে৷ দিল্লীত আছে নৰেন্দ্ৰ মোদীৰ চৰকাৰ, আকৌ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ’ব মোদী৷ দিল্লীত নৰেন্দ্ৰ মোদীৰ চৰকাৰ আৰু দিছপুৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ৷ গতিকে আমাৰহে কাম কৰাৰ ক্ষমতা আছে বুলি তেওঁ মন্তব্য কৰে৷ তেওঁ আৰু কয় যে আপোনালোকে কেৱল জাভেদ ইছলামক জিকাই দিয়ক, আমি আপোনালোকক ডাবল ইঞ্জিন চৰকাৰ দিম৷ এতিয়াতো ইয়াত একো নাই, কেৱল ৰে’লগাড়ীখন এনেয়ে খাৰা হৈ আছে৷ ইয়াত দিল্লীৰ ইঞ্জিনো নাই, দিছপুৰৰ ইঞ্জিনো নাই৷ সেয়ে ইয়াত মথাউৰি ভাগিছে, কাম হোৱা নাই, ৰাস্তাৰ কাম হোৱা নাই৷ গতিকে ইছলামক হাটশিঙিমাৰীবাসীয়ে জিকাই দিল্লীলৈ পঠিয়ালে, ইয়াত দিল্লীৰ ইঞ্জিনৰ লগতে দিছপুৰৰ ইঞ্জিনো দি দিব বুলি তেওঁ কয়৷ ডাবল ইঞ্জিনে ইয়াত উন্নয়ন ক্ষিপ্ৰ কৰিব বুলি মন্ত্ৰীজনে ভাষণত উল্লেখ কৰে৷ এই অঞ্চলৰ উন্নয়নৰ বাবে মন্ত্ৰীজনে ধুবুৰী-ফুলবাৰী সংযোগী দলং নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে৷ ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক চকা সমালোচনা কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই৷ সাংসদ হৈ তেওঁ সমষ্টিটোৰ বাবে একো নকৰিলে বুলি মন্তব্য কৰে৷ আজি বিজেপি চৰকাৰে ধুবুৰীত মেডিকেল কলেজ বনালে৷ বদৰুদ্দিনে হোজাইত যেনেকৈ আজমল ফউণ্ডেচনৰ উদ্যোগত হাস্পতাল বনাইছে ধুবুৰীত কিয় তেনেকুৱা হাস্পতাল বনাব পৰা নাই বুলি মন্ত্ৰীজনে প্ৰশ্ন কৰে৷ আজমলক উদ্দেশ্যি মন্ত্ৰীজনে কয় যে ধৰ্মৰ নামত ৰাজনীতি কৰিব নালাগে৷ তেওঁ ধৰ্ম কৰক, সেয়া ঠিক আছে, কিন্তু ধৰ্মৰ নামত ৰাজনীতি কৰিব নালাগে৷ ধৰ্মৰ নামত ৰাজনীতি কৰি ১৫ বছৰে তেওঁ একো নকৰিলে৷ গতিকে আজমলক ভোট দিলে এই অঞ্চলৰ কোনো উন্নয়ন নহ’ব বুলি মন্তব্য কৰে৷ আজিৰ জনসভাত সংখ্যালঘু লোকসকলৰ বৃহৎ সংখ্যাত অংশগ্ৰহণেই ইয়াৰ প্ৰমাণ দাঙি ধৰে বুলি মন্ত্ৰীজনে মন্তব্য কৰে৷ সভাত, মন্ত্ৰী কেশৱ মহন্ত, দলৰ প্ৰাৰ্থী জাভেদ ইছলাম প্ৰমুখ্যে দুয়োটা দলৰে কাৰ্যকৰ্তাসকল উপস্থিত থাকে৷