Logo
image

ক’ভিশ্বিল্ডৰ পাশ্বৰ্ক্ৰিয়াক লৈ উদ্বিগ্ন ৰাইজ, চিকিৎসকৰ সকাহ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১ মে: ভাৰতত ক’ভিশ্বিল্ড আৰু ইউৰোপত ভেক্সজেভ্ৰিয়া নামৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা আৰু ছুইডেনৰ এষ্ট্ৰাজেনেকাই প্ৰস্তুত কৰা প্ৰতিষেধকবিধ ভাৰতত ক’ভিডৰ প্ৰতিষেধক লোৱা ৯০ শতাংশই গ্ৰহণ কৰিছিল৷ ভাৰতত এই প্ৰতিষেধক প্ৰস্তুত কৰিছিল পুনেৰ ছিৰাম ইনষ্টিটিউটে৷ অলপতে এষ্ট্ৰাজেনেকাই এই প্ৰতিষেধকৰ বিৰল পাশ্বৰ্ক্ৰিয়া থকা বুলি  ব্ৰিটেইনৰ উচ্ছ ন্যায়ালয়ত স্বীকাৰ কৰাত ভাৰতত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ দেশৰ প্ৰতিষেধক গ্ৰহণ কৰোতাৰ ৯০ শতাংশ গ্ৰাহকে ক’ভিশ্বিল্ড ব্যৱহাৰ কৰাৰ বাবেই এতিয়া পাশ্বৰ্ক্ৰিয়াৰ কথা শুনি চৰম আতংকত ভূগিছে৷ ব্ৰিটেইনত এই প্ৰতিষেধক ব্যৱহাৰ কৰি স্বাস্থ্যৰ গুৰুতৰ ক্ষতিৰ সন্মুখীন হোৱা ৫১জন ব্যক্তি বা তেওঁলোকৰ পৰিয়ালে অক্সফৰ্ড-এষ্ট্ৰাজেনেকাৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছিল আৰু তেওঁলোকৰ স্বাস্থ্যৰ বা শৰীৰৰ ভয়ংকৰ ক্ষতিৰ প্ৰমাণ দাঙি ধৰিছিল৷ এই ৫১ আবেদনকাৰীয়ে প্ৰতিষেধকবিধৰ প্ৰস্তুতকৰ্তা কোম্পানীৰ পৰা ৩০০ নিযুত পাউণ্ড ক্ষতিপূৰণ দাবী কৰিছে৷ সেই গোচৰতে অলপতে এষ্ট্ৰাজেনেকাই স্বীকাৰ কৰে যে, ভেক্সজেভ্ৰিয়া [ভাৰতত ক’ভিশ্বিল্ড] গ্ৰহণ কৰা ব্যক্তিৰ বিৰল পাশ্বৰ্ক্ৰিয়া টিটিএছ বা ‘থ্ৰ’ম্ব’টিক থ্ৰ’ম্ব’চাইট’পেনিক ছিনড্ৰম’ হোৱাৰ আশংকা আছে, যাৰ ফলত গ্ৰহণকাৰীৰ শৰীৰৰ তেজ কৰাল মাৰিব [ব্লাড ক্লট] পাৰে৷ ইয়াৰ উপৰি ভিআইটিটিপি বা ‘ভেকচিন ইনভিউচড ইমিউন থ্ৰ’ম্ব’টিক থ্ৰ’ম্ব’চাইট’পেনিক পাৰপুৰা’ৰ দৰে পাশ্বক্ৰিয়াও হ’ব পাৰে৷ এষ্ট্ৰাজেনেকাৰ দাবী, এনে পাশ্বৰ্ক্ৰিয়া ৫০,০০০জন প্ৰতিষেধক গ্ৰাহকৰ ভিতৰত ৰজনৰ হ’ব পাৰে৷ অৱশ্যে ভাৰতৰ দৰে বিৰাট জনসংখ্যাৰ দেশত এই নূ্যনতম সংখ্যাও বিশাল হৈ পৰিব পাৰে বুলি চিকিৎসা বিজ্ঞানীয়ে দাবী কৰিছে৷ তাৎপৰ্যপূৰ্ণ এয়াই যে, এতিয়াও ভাৰতত ক’ভিশ্বিল্ড গ্ৰহণ কৰি পাশ্বৰ্ক্ৰিয়া হোৱা কোনো গ্ৰাহকে ছিৰাম ইনষ্টিটিউটৰ বিৰুদ্ধে গোচৰ তৰাৰ খবৰ নাই৷ তথাপি দেশৰ ৯০ শতাংশ প্ৰতিষেধক গ্ৰহণ কৰোতাই ক’ভিশ্বিল্ড লোৱাৰ বাবেই ভাৰতত আতংকৰ সৃষ্টি হৈছে৷