Logo
image

মীৰাৰ বাবে সময় নহ’লেও আজি ৰকিবুলৰ হৈ প্ৰিয়ংকাৰ প্ৰচাৰ

‘আমাৰ অসম’ৰ ধুবুৰীৰ প্ৰতিবেদক, ১ মে : মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সময় নহ’লেও ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল  হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বুধবাৰে ধুবুৰীলৈ আহিব কংগ্ৰেছৰ জনপ্ৰিয় নেত্ৰী প্ৰিয়ংকা গান্ধী৷ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বালাজনত ৰকিবুল হুছেইনৰ হৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাব৷ গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে কাৰ্যতঃ বিজেপিক তীব্ৰ প্ৰত্যাহ৩ান জনাইছে৷ গুৱাহাটী লোকসভা সমষ্টিৰ চুকে কোনে, গাঁৱে ভূৱে, চুবুৰীয়ে চুবুৰীয়ে সোমাই গৈছে মীৰা বৰঠাকুৰে৷ মীৰা বৰঠাকুৰৰ জনপ্ৰিয়তা দেখি কম্পমান বিজেপি৷ গুৱাহাটী লোকসভা সমষ্টিৰ ভোটাৰক শক্তি দেখুওৱাৰ বাবে আন সমষ্টিৰ পৰা বাছেৰে মানুহ আমদানি কৰি অমিত শ্বাহক লৈ উলিওৱা হৈছে ৰোড শ্ব’৷ পৰিস্থিতি বিষয় দেখি অসম চৰকাৰৰ মন্ত্ৰীসকলক গুৱাহাটীৰ ৱাৰ্ডে ৱাৰ্ডে, ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নিৰ্দেশ দিয়া হৈছে৷ কিন্তু মীৰা বৰঠাকুৰৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ নাহিল প্ৰিয়ংকা গান্ধী বা ৰাহুল গান্ধী৷ ৰকিবুল হুছেইনৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ প্ৰিয়ংকা  কাইলৈ আহিব যদিও তেওঁৰ ভ্ৰমণ সূচীত নাথাকিল ধুবুৰী লোকসভা সমষ্টিৰ গাতে লাগি থকা বৰপেটা লোকসভা সমষ্টিও৷ ইয়াক লৈ কংগ্ৰেছ কৰ্মীৰ মাজতো আলোচনা হৈছে৷ বুধবাৰে পুৱা ১১ বজাত বালাজনত ধুবুৰী লোকসভাৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে৷ প্ৰাপ্ত তথ্য মতে, দিল্লীৰ পৰা পোনে পোনে ছাৰ্টাড বিমানে দি ৰূপচী বিমানবন্দৰত অৱতৰণ কৰিব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে৷ ইয়াৰ পিছত ৰূপসীৰ পৰা গাড়ীৰে গৌৰীপুৰ হৈ বালাজানৰ সভাস্থলীলৈ ৰওঁনা হ’ব৷ উক্ত প্ৰচাৰ সভাৰ বাবে ইতিমধ্যেই ধুবুৰী লোকসভাৰ চুকে-কোণে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে কংগ্ৰেছ নেতৃত্বই৷ ধুবুৰীত প্ৰিয়ংকা গান্ধীয়ে ৰোড শ্ব’ কৰাৰো সম্ভাৱনা আছিল যদিও সেয়া সময়ৰ নাটনিৰ বাবে নহ’ব বুলি সূত্ৰ এটাৰ পৰা জানিব পৰা গৈছে৷ কংগ্ৰেছ নেত্ৰীগৰাকীৰ লগত নিৰ্বাচনী জনসভাত জিতেন্দ্ৰ সিং, ভূপেন বৰা, গৌৰৱ গগৈ আদি উপস্থিত থাকিব৷ উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ইয়াৰ পূৰ্বে তেওঁ যোৰহাট লৈ আহিছিল৷ মাত্ৰ ৪৫ মিনিটৰ বাবে তেওঁ যোৰহাটলৈ আহিছিল আৰু এইবাৰ ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধী৷ উল্লেখ্য যে ধুবুৰী লোকসভাৰ তিনিবাৰৰ সাংসদ এআইইউডিএফৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এইবেলিৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচনী যুঁজখনক আকৰ্ষণীয় কৰি তুলিছে৷

ধুবুৰীত কংগ্ৰেছ নেত্ৰীৰ প্ৰচাৰ মিত্ৰজোঁটৰ বাবে ফেক্টৰ নহয় : অতুল বৰা

‘আমাৰ অসম’ৰ যোগীঘোপাৰ প্ৰতিবেদক : কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ধুবুৰীত ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাতো বিজেপি মিত্ৰজোঁটৰ বাবে কোনো ফেক্টৰ নহয়৷ আজি যুগ যুগ ধৰি প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধী, ছোনীয়া গান্ধীৰ নাম শুনি আছে, কিবা পৰিৱৰ্তন হ’ল নেকি? ৰাহুল গান্ধীয়ে অসমত যিটো সময়ত ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিছে সেইটো সময়ত আমি জনসাধাৰণৰ ন্যায় কৰিবলৈ উন্নয়নৰ কাম কৰিছোঁ৷ যিটো বিষয়লৈ ন্যায় যাত্ৰা কৰিলে সেইবোৰ কংগ্ৰেছে সৃষ্টি কৰা৷ কংগ্ৰেছৰ চৰকাৰ থকাতে সেইবোৰ সমস্যা সমাধান কৰিব লাগিছিল৷ –এই মন্তব্য কৃষি মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাৰ৷ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ যোগীঘোপাৰ কাবাইটাৰীত আজি ধুবুৰী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই৷ যোগীঘোপা ৰে’লৱৈ ষ্টেচন ঠিকাদাৰ শ্ৰমিক সন্থাই কাবাইটাৰীত আয়োজন কৰা সভাত অগপ সভাপতি অতুল বৰাই উপস্থিত থাকি জাবেদ ইছলামৰ হৈ প্ৰচাৰ চলায়৷ প্ৰিয়ংকা গান্ধী ধুবুৰীত ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা সন্দৰ্ভত অগপ সভাপতি অতুল বৰাই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰিয়ংকা গান্ধী অসমত আহি এখন নতুন ছবি দেখা পাব৷ কংগ্ৰেছৰ দিনৰ অসমৰ ছবি আৰু আজিৰ উন্নয়নৰ এক সুকীয়া ছবি দেখা পাব৷ প্ৰিয়ংকা গান্ধী অসমলৈ আহি অনুসূচনাত ভুগিব তেওঁলোকে কিয় এইবোৰ উন্নয়নৰ কাম নকৰিলে/ অতুল বৰাই লগতে কয় যে, হিমন্তবিশ্ব শৰ্মাই অগপত এইবাৰ ভোট দিব, মই আনন্দিত হৈছোঁ৷ মুখ্যমন্ত্ৰীয়ে অগপ দলক যথেষ্ট সন্মান কৰে৷ ধুবুৰী লোকসভা সমষ্টিত এইবাৰ অগৰুৰ ব্যৱসায়ৰ মাজত প্ৰত্যক্ষ আৰু পৰোক্ষ যুঁজ হ’ব৷ দুই মহৰ যুঁজত বিৰিণাৰ মৰণ হ’ব আৰু জাবেদ ইছলাম জয়ী হ’ব বুলি উল্লেখ কৰে সভাপতি অতুল বৰাই৷ উল্লেখ্য যে আজি দিনৰ ১২ বজাত যোগীঘোপাৰ কাবাইটাৰীত যোগীঘোপা ৰে’লৱৈ ষ্টেচন ঠিকাদাৰ শ্ৰমিক সন্থাৰ উদ্যোগত ২নং ধুবুৰী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী জাবেদ ইছলামৰ এক নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়৷ উক্ত সভাত মন্ত্ৰী অতুল বৰা উপস্থিত হোৱাত যোগীঘোপা ৰে’লৱে ষ্টেচন ঠিকাদাৰ শ্ৰমিক সন্থাৰ সভাপতি সহিদুল ইছলাময়ে মন্ত্ৰীজনক ফুলাম গামোচাৰে উষ্মভাৱে আদৰণি জনায়৷ অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উমেশ ঠাকুৰীয়াই আঁত ধৰা অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই ৰাইজক উদ্দেশ্য ভাষণত এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলক সমালোচনা কৰি কয় যে, ধুবুৰী লোকসভা সমষ্টিত সাংসদ হ’বলৈ জৰা ফুকাৰ দৰকাৰ আছে নে নাই৷ যদি নাই তেন্তে জৰা ফুকা কৰা লোকক ধুবুৰীৰ পৰা বিদায় দিয়ক বুলি ৰাইজক আহ৩ান জনায় মন্ত্ৰী অতুল বৰাই৷ মন্ত্ৰী বৰাই লগতে কয় যে, মন্ত্ৰী থকা সময়ত ৰকিবুল হুছেইনে তেওঁৰ ঘৰৰ কাষতে থকা কাজিৰঙাৰ গঁড়কেইটা ৰক্ষা কৰিব নোৱাৰিলে আৰু ধুবুৰীত মুছলমানক কেনেকৈ সুৰক্ষা দিব৷ সংখ্যালঘু লোকৰ প্ৰধান শত্ৰু হৈছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ৷ মন্ত্ৰী অতুল বৰাই আৰু কয় যে ধুবুৰী লোকসভা সমষ্টিক এতিয়া দ্ৰুত উন্নয়নৰ দিশেৰে ৫০ বছৰ আগুৱাই নিব লাগিব৷ তাৰ বাবে সমষ্টিটো কংগ্ৰেছ, এআইইউডিএফৰ পৰা মুক্ত কৰিব লাগিব৷ অন্যথা ধুবুৰী লোকসভা সমষ্টিটো উন্নয়নৰ দিশেৰে আকৌ ৫০ বছৰ পিছুৱাই যাব৷ সেয়েহে এইবাৰ জাবেদ ইছলামক জয়ী কৰাবলৈ ৰাইজক আহ৩ান জনায় মন্ত্ৰী অতুল বৰাই৷