Logo
image

শ্ৰমিকে বিৰাম নাপালে, কেব চালকৰো ধৰ্মঘটঃ নিয়ম ৰক্ষাৰ মে' দিৱস

'আমাৰ অসম'ৰ মহানগৰ সংবাদ, ১ মে': দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যজুৰি বুধবাৰে আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হয়। এই দিৱসতো শ্ৰমিকে বিৰাম নাপালে। বুধবাৰৰ দিনটোত কেব চালকে ধৰ্মঘটৰ কাৰ্যসূচী গ্রহণ কৰে। গুৱাহাটীৰ জাপৰিগোগ জনজাতি যুৱক সংঘৰ কাৰ্যালয়ৰ প্ৰাঙ্গণত চালক ঐক্য মঞ্চৰ উদ্যোগত তথা মঞ্চৰ পঙ্কজ বৰ্মন, বিতোপন হাজৰিকা আৰু ৰিংকু কুমাৰ দাস আদিৰ নেতৃত্বত প্ৰায় ৭০ জন ভাড়া টেক্সি চালকে আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনাই শ্ৰমিক দিৱস পালন কৰে৷ লগতে অ'লা নামৰ পৰিবহন এপটো সমূহীয়াভাৱে স্বইচ্ছাই বৰ্জন কৰে৷ তেওঁলোকে অভিযোগ কৰে যে এই এপটোৱে দীৰ্ঘদিনৰ পৰা এই চালকসকলক শোষণ কৰি আহিছে আৰু চৰকাৰেও এই ক্ষেত্ৰত মৌনতা অৱলম্বন কৰি আছে। শ্ৰম অনুযায়ী চালকসকলৰ কোনো ধৰণৰ উন্নতি হোৱা নাই বুলিও উল্লেখ কৰে৷

ইফালে শ্ৰমিক দিৱস উপলক্ষে উদীয়মান যুৱক তথা অসমীয়া গহনা ডুগডুগীৰ স্বত্বাধিকাৰী উৎপল বণিয়াই ৰহা পৌৰসভাৰ চাফাই কৰ্মী জৰেশ্বৰ বৰদলৈ, গিৰিশ বৰা, ডিম্বেশ্বৰ নাথ, বিৰেন দাস, ৰূপম গাওঁ খোৱা, তপন ডেকা, দীপজ্যোতি দাস, নৃপেন কোঁৱৰ, জুনু বাছফৰ, ফুলন্তি বাছফৰ, কংকন বনীয়াক একোখনকৈও ফুলাম গামোচা, এটাকৈ ছাটি, একোখন বস্ত্ৰৰে অভিনন্দন জ্ঞাপন কৰে। ডুগডুগীৰ ৰহা শাখাত আয়োজন কৰা অভিনন্দন অনুষ্ঠান আঁত ধৰে সাংবাদিক দীপক দাস আৰু অসীম চেত্ৰীয়ে। অভিনন্দন অনুষ্ঠানত চাফাই কৰ্মীৰ লগতে শ্ৰমিক উদ্যমী মহিলা ববী দেবী, জুনু দাস, প্ৰতিমা দাসক শ্ৰমিক দিৱস উপলক্ষত বিভিন্ন সামগ্ৰীৰে অভিনন্দন জ্ঞাপন কৰাৰ লগতে ৰহা সাংবাদিক সন্থাৰ সদস্যসকলক সম্বৰ্ধনা জনোৱা হয়। দেশৰ অন্যান্য ৰাজ্যৰ দৰে সাংবাদিক সুৰক্ষা আইনখন অসমত প্ৰৱৰ্তনৰ দাবীত পুনৰ সৰব হৈ পৰে জাৰ্নেলিষ্ট এছ’ছিয়েচন অব আছাম’ (জা) আৰু ‘নেচনেল ইউনিয়ন অব্ জাৰ্নেলিষ্ট ইণ্ডিয়া’ (এন ইউ জে আই) ‘জা’ৰ উদ্যোগত আয়োজিত বিশ্ব শ্ৰমিক দিৱস কাৰ্যসূচীত সভাপতিত্ব কৰি ‘জা’ৰ উপ-সভাপতি তথা জ্যেষ্ঠ সাংবাদিক সন্দীপ শৰ্মাই প্ৰাপ্য আদায়ৰ ক্ষেত্ৰত ৰাজ্যৰ সকলো সাংবাদিক আৰু সংবাদ কৰ্মীক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়। 

বিশ্ব শ্ৰমিক দিৱস উপলক্ষে বিশিষ্ট সাংবাদিক তথা 'জা' ৰ সভাপতি ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমৰ সকলো কৰ্মচাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰি কয় যে জনসাধাৰণৰ হৈ আৰু জনসাধাৰণৰ পক্ষত থাকি নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা সাংবাদিকক সকলো শ্ৰেণীৰ লোকে সহায়-সহযোগ কৰা উচিত। চৰকাৰে সংবাদ মাধ্যম আৰু সাংবাদিকসকলৰ সমস্যাসমূহ গুৰুত্ব সহকাৰে লৈ সমাধানৰ ব্যবস্থা কৰাৰ বাবে আহ্বান জনায়। 'জা'ৰ সাধাৰণ সম্পাদক ডালিম ফুকনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি বিশ্ব শ্ৰমিক দিৱসৰ তাৎপৰ্য দাঙি ধৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাংবাদিক তথা নেশ্যনেল ইউনিয়ন অৱ জাৰ্ণেলিষ্ট ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় উপ-সভাপতি ভূপেন গোস্বামীয়ে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি মতে সংবাদ মাধ্যম আৰু সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ মনোভাৱ পোষণ কৰি  মহাৰাষ্ট্ৰ আদি ৰাজ্যৰ দৰে অসমত অচিৰেই সাংবাদিক সুৰক্ষা আইনখন প্ৰৱৰ্তনৰ ব্যবস্থা কৰা উচিত ৷ তেওঁ অসমৰ সকলো সাংবাদিকৰ  জীৱন-সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতি দাবী উত্থাপন কৰে৷ গুৱাহাটী হেঙেবাৰীস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত বিশ্ব শ্ৰমিক দিৱস কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক নীৰেন চন্দন গোস্বামী, চানু গগৈ, পৰমানন্দ ডেকা, কুমাৰ নৃপেন্দ্ৰ ৰাজবংশী, ইমৰান হুছেইন আদি কেইবাগৰাকীয়েও বক্তব্য দাঙি ধৰে।  

আনহাতে আজিৰ সভাই কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ তীব্ৰ সমালোচনা কৰি সংশোধিত শ্ৰমিক আইন কেইখন বাতিলৰ দাবী জনায়। তদুপৰি প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ নিৰ্দেশ অনুসৰি সংবাদ মাধ্যমৰ বিজ্ঞাপনৰ ধনৰ নিৰিখ বৃদ্ধি কৰি মাহিলী আদায় দিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় প্ৰস্তাৱ গ্ৰহণ কৰে। আনহাতে সভাই একাংশ সংবাদ পৰ্টেলৰ অসামাজিক কাম-কাজক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু গণতন্ত্ৰৰ মৰ্যদা ৰক্ষা কৰি মূলসুঁতিলৈ উভতি অহাৰ আহ্বান জনায়। ইয়াৰ লগতে সাংবাদিক- সংবাদকৰ্মী আৰু সংবাদ মাধ্যমৰ  সামগ্ৰিক নিৰাপত্তাৰ স্বাৰ্থত অসমৰ মুখ্যমন্ত্ৰীক সাংবাদিক সুৰক্ষা আইনখন প্ৰৱৰ্তনৰ ব্যবস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে মেডিয়া কাউন্সিল গঠনৰ দাবী জনাই কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে৷ বঞ্চিত, অৱহেলিত আৰু শান্তিপ্রিয় জনতাৰ ওপৰত চলি থকা সকলো ধৰণৰ অসাম্যৰ অৱসানৰ বাবে মাৰবান্ধি থিয় হোৱাৰ দিন। আন্তর্জাতিক প্রতিবাদী আন্দোলন মঞ্চৰ পৰা সিদ্ধান্ত লোৱা ১ মে' আজিৰ এই দিনটো আন্তর্জাতিক শ্রমিক সংহতি দিৱস হিচাপে পালন কৰা হৈছে। গুৱাহাটীতো কেন্দ্রীয়ভাৱে মে' দিৱস পালন কৰা হয়। গুৱাহাটীৰ পাণবজাৰ মেঘদূত ভৱনৰ সন্মুখত আয়োজিত শ্রমিক সমাবেশত সদৌ অসম সংবাদকর্মী সন্থাই যোগদান কৰে। দিনৰ ১১ বজাত অনুষ্ঠিত হোৱা সমাৱেশত বিভিন্ন কেন্দ্ৰীয় শ্রমিক সংগঠনৰ নেতৃত্ব আৰু বহু সংখ্যক শ্রমিক-কর্মচাৰী উপস্থিত থাকে। সমাবেশত বক্তাসকলে মূলতঃ একতাৰ বলেৰে বলীয়ান হৈ নিজৰ অধিকাৰ ৰক্ষাৰ সংগ্ৰামক আগুৱাই লৈ যোৱাৰ বাবে আহ্বান জনায়। সমাবেশত সদৌ অসম সংবাদকর্মী সন্থাৰ সভাপতি সুদীপ্ত সৰকাৰে ভাষণ দিয়ে। তেওঁ সংবাদ মাধ্যমত কৰ্মৰতসকলৰ বাবে মাঝিথিয়া দৰমহা আয়োগৰ সম্পূৰ্ণ আৰু সঠিকভাৱে ৰূপায়ণত গুৰুত্ব দিয়ে। তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ নির্দেশত সমগ্র দেশতে প্রযোজ্য হোৱা মাঝিথিয়া দৰমহা আয়োগৰ পৰামৰ্শাৱলী আজিপর্যন্ত দেশৰ বহুসংখ্যক সংবাদ প্রতিষ্ঠানত ৰূপায়ণ হোৱা নাই। সমাবেশত বিভিন্ন ধ্বনিৰে শ্রমিক সংগঠনৰ সদস্যসকলে নিজৰ ক্ষোভ ব্যক্ত কৰে। একেদৰে অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয়তো উদযাপন‌ কৰা হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস। ৰাজ্যৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দলটোৰ ভ্ৰাতৃ সংগঠন  শ্ৰম পৰিষদ অসমৰ উদ্যোগত আয়োজন কৰা হয় আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি শ্ৰম পৰিষদৰ পতাকা উত্তোলন কৰে অগপৰ কাৰ্যালয় সম্পাদক নৃপ কুমাৰ ফুকনে আৰু শ্ৰমিক শ্বহীদ তৰ্পন কৰে শ্ৰম পৰিষদৰ সাধাৰণ সম্পাদক লাচিত ৰাজবংশীয়ে। অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকি অগপৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই শ্ৰমিক দিৱসৰ তাৎপৰ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰে ২০২২ চনত গ্ৰহন কৰা ই -শ্ৰম কাৰ্ড আঁচনিৰ লাভলাভৰ ওপৰত সাৱলীল মন্তব্য আগবঢ়ায়। আনহাতে অনুষ্ঠানত উপস্থিত থাকি  শ্ৰমিক শ্বহীদৰ প্ৰতি সন্মান জনাই শ্ৰম পৰিষদৰ উপ-সভাপতি ইন্দ্ৰজীত ডেকা, তথ্য আৰু প্ৰচাৰ সম্পাদক বিনোদ ৰাজগড়িয়াৰ লগতে অন্যান্য শ্ৰমিক সংগঠনৰ  বিষয়ববীয়া সকলেও অশংগ্ৰহণ কৰে। 

ইফালে সদৌ অসম অটো মোবাইল শ্ৰমিক সন্থাৰ উদ্যোগত বুধবাৰে কেন্দ্ৰীয়ভাৱে গুৱাহাটীৰ লালমাটি দূৰ্গামন্দিৰ প্ৰাংগণৰ পৰা অটল বিহাৰী বাজপেয়ী ভৱনৰ চৌহদলৈ এখন সজাগতা সভা অনুষ্ঠিত হয়। আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে এই সজাগতা সভা অনুষ্ঠিত হয়। এই উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে সমবেত সংগীতৰ জৰিয়তে মঞ্চ উদ্ধোধন কৰা হয়। সভাত ই এছ আই চি, পি এফ, গ্ৰেচুইটি, সংগঠিত অসংগঠিত শ্ৰমিক সকলকৰ নায্য প্ৰাপ্তি আদি সকলোবোৰৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। এই সভাত বিশিষ্ট অতিথি হিচাপে জয়দীপ দাস, উজ্জ্বল ভট্টাচাৰ্যৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে বুলি সদৌ অসম অটম'বাইল শ্ৰমিক ইউনিয়নৰ সভাপতি প্ৰণৱ গগৈ আৰু সম্পাদক ৰমেশ কলিতাই জানিবলৈ দিয়ে। লগতে ইউনিয়নে আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ সজাগতা সভাৰ জৰিয়তে অসম চৰকাৰৰলৈ তেওঁলোকৰ দাবী পূৰণৰ বাবে আহ্বান জনায়। বিগত সময়ছোৱাত কৰাৰ দৰে এইবেলিও গুৱাহাটীত ট্রেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচন সমূহৰ যৌথ মঞ্চৰ আহ্বানত পানবজাৰস্থিত মেঘদূত ভৱনৰ সন্মুখত বুধবাৰে পুৱা ১১ বজাত সহস্রাধিক শ্রমিক, কৰ্মচাৰীৰ উপস্থিতিত আন্তর্জাতিক মে' দিৱস উদ্যাপন কৰে। প্ৰথম কার্য্যসূচী হিচাপে ১১ বজাত ৰক্ত পতাকা উত্তোলন কৰে ট্রেড ইউনিয়নৰ অৱসৰী কমৰেড ৰবীন গোস্বামীয়ে। পতাকা উত্তোলন কৰি তেওঁৰ বক্তব্যত মে' দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ উপৰিও শ্রমিক কৃষক বিৰোধী বিজেপি চৰকাৰক সমালোচনা কৰে। শ্বহীদ তর্পন কৰে ৰেলৱে অৱসৰী কৰ্মচাৰী লক্ষেশ্বৰ বৰাই। তেওঁৰ বক্তব্যত দেশৰ পৰিস্থিতি আৰু চৰকাৰৰ স্বৈৰচাৰী, সাম্প্রদায়িক আৰু অগণতান্ত্রিক বুলি আখ্যা দি এনেকুৱা পৰিস্থিতিত দেশৰ শ্রমিক, কৰ্মচাৰী, কৃষকক একত্ৰিত হৈ এইবাৰৰ নিৰ্বাচনত বিজেপিক উচ্ছেদ কৰাৰ আহ্বান জনায়। ইয়াৰ পিছতে এ আই টি ইউ চিৰ মুনীন মহন্ত,  চি আই টি ইউৰ ভোলা শর্মা, এইছ এম এছৰ সুশেন হাজৰিকা, এ আই চি চি টি ইউ ৰ ধীৰাজ দাস, এ আই ইউ টি ইউ চিৰ বিপিন সিং, টি ইউ চি চি ৰ গজেন তালুকদাৰ আদিকলৈ গঠন হোৱা সভাপতি মণ্ডলীৰ নেতৃত্বত এখন চমু সভা অনুষ্ঠিত হয়।এ আই টি ইউ চি ৰ ফনীধৰ দাসে আঁত ধৰা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে এ আই টি ইউ চি ৰ সাধাৰণ সম্পাদক  ৰমেন দাসে। উদ্দেশ্য ব্যাখ্যাত বৰ্তমানৰ ডাবল ইঞ্জিনৰ চৰকাৰ হৈছে জনবিৰোধী, শ্রমিক, কৃষকবিৰোধী চৰকাৰ বুলি অভিহিত কৰে। এই চৰকাৰে গণতন্ত্র আৰু সংবিধান নামানে। আন্দোলনৰ মাধ্যমত আদায় কৰা শ্রম আইন সমূহ মালিক পক্ষৰ সপক্ষে সংশোধন কৰি শ্রমিকসকলক মাধমাৰ সোধাইছে। মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই। ৰাজহুৱা খণ্ড সমূহ ব্যক্তিগত খণ্ডত গটায় কর্পোৰেট গোষ্ঠীক সহায় কৰি আছে। বর্তমান চলি থকা লোকসভা নির্বাচনত বিজেপিক উৎখাত কৰাৰ আহ্বান জনায়। সভাত যথাক্রমে চি আই টি ইউৰ বিজন দাস,এইছ এম এছৰ নেতা কনক বৰ্মন,এ আই চি চি টি ইউৰ পংকজ দাস, এ আই ইউ টি ইউ চিৰ প্রভাত বৰা, সদৌ অসম মিডিয়া ওৱৰ্কাচৰ সুদীপ্ত চৰকাৰ, জে চি টি ইউৰ গৰ্গ তালুকদাৰ আৰু ষ্টেট গভৰ্মেন্ট এমপ্লয়িজ নেতা ভবেশ চন্দ্র দত্ত আদি নেতাসকলে বৰ্তমানৰ বিজেপি চৰকাৰক মিথ্যাচাৰী, অগণতান্ত্রিক, সাম্প্রদায়িক আৰু সংবিধান নমনা চৰকাৰ আখ্যা দিয়ে। এই চৰকাৰে পুনৰ চৰকাৰ গঠন কৰিব পাৰিলে পুনৰ যে আৰু দেশত নির্বাচন হ'ব তাৰ আশা কৰিব নোৱাৰি, দেশৰ ৰাজহুৱা খণ্ডসমূহ কর্পোৰেট গোষ্ঠীক গতায় দেশৰ জনসাধাৰণক তথা দেশখনক ধ্বংসৰ মুখলৈ ঠেলি দিছে। শ্রম আইনসমূহ মালিকৰ পক্ষত সংশোধন কৰি শ্রমিক কৰ্মচাৰীৰ ৰাজহাঁড় ভাঙিছে। ৰাজহুৱা খণ্ডৰ বহু উদ্যোগ বন্ধ কৰি দিছে। ইয়াৰ উপৰিও চাহ-শ্রমিক সকলৰ ক্ষেত্ৰত মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই। সেয়েহে সকলো বক্তাই বৰ্তমানৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰাৰ আহ্বান জনায়। সভাৰ শেষত শ্রমিকসকলে কৰিব খোজা শোভাযাত্ৰাত আৰক্ষীয়ে বাধা প্রদান কৰি শোভাযাত্রা কৰিব নিদিলে। এইদৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো শ্ৰমজীৱী জনতাই আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰে।

(ৰহাৰ প্ৰতিবেদকৰ সহযোগত)