Logo
image

কাৰ্যকাল পাঁচ বছৰ কলেজ অধ্যক্ষৰ বিড়ম্বনা

২০১৮ চনৰ পৰা বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতি-নিৰ্দেশনামৰ্মে কলেজৰ অধ্যক্ষৰ কাৰ্যকাল কৰা হ’ল পাঁচ বছৰীয়া৷ দেশৰ মন্ত্ৰী-বিধায়কৰ লগতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যকাল পাঁচ বছৰীয়া হোৱাৰ দৰে কলেজৰ অধ্যক্ষৰ কাৰ্যকাল সীমিত কৰা হ’ল৷ ২০১৮ চনৰ ১৮ জুলাইত বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনাৰ মূল বিষয় হৈছে, কলেজৰ অধ্যক্ষ পদত বহিবলৈ প্ৰাৰ্থীৰ বয়স হ’ব লাগিব ৫৫ বছৰৰ কম৷ অধ্যক্ষৰ কাৰ্যকাল হ’ব পাঁচ বছৰীয়া আৰু প্ৰথমটো কাৰ্যকাল সমাপ্তিৰ পাছত ব্যক্তিজনে দ্বিতীয়টো কাৰ্যকালৰ বাবে আৱেদন কৰিব পাৰিব যদিও পুনৰ উপস্থিত থাকিব লাগিব সাক্ষাৎকাৰত৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে, প্ৰথমটো কাৰ্যকালৰ সমাপ্তিৰ অন্তত যদিহে অধ্যক্ষজনৰ অৱসৰৰ সময় পাঁচ বছৰতকৈ কম থাকে, তেনে অধ্যক্ষই নাপাব দ্বিতীয়টো কাৰ্যকাল৷ সেইদৰে প্ৰথমটো কাৰ্যকালৰ অন্ত হোৱাৰ পূৰ্বে অধ্যক্ষৰ পদটোৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি আৱেদন আহ্বান কৰিব লাগিব কলেজৰ পৰিচালনা সমিতিৰ সভাপতিয়ে৷ দ্বিতীয়টো কাৰ্যকালৰ বাবে অনুষ্ঠিত সাক্ষাৎকাৰত পুনৰ নিৰ্বাচিত হোৱাৰ নিশ্চয়তা নাথাকে অধ্যক্ষজনৰ, কাৰণ সাক্ষাৎকাৰ সমিতিৰ সভাপতিৰ পদত (অসমৰ ক্ষেত্ৰত) থাকে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা মতে, যিসকল কলেজ অধ্যক্ষই প্ৰথমটো কাৰ্যকাল সম্পূৰ্ণ কৰি পুনৰ অতীতৰ অধ্যাপনা বৃত্তিলৈ উভতি যাব বিচাৰে, তেওঁলোকে লাভ কৰিব অধ্যাপক পদৰ মৰ্যাদা৷ প্ৰকৃতাৰ্থত অধ্যক্ষৰ দৰমহা আৰু অধ্যাপকৰ দৰমহা সমান৷
বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতি-নিৰ্দেশনাৰ ভিত্তিত অসম চৰকাৰৰ উচ্ছ শিক্ষা বিভাগে ২০১৮ চনৰ পৰাই ৰাজ্যৰ প্ৰাদেশীকৃত মহাবিদ্যালয়সমূহত পাঁচ বছৰীয়া অধ্যক্ষৰ পদসমূহ পূৰণ কৰি আহিছে যদিও বৰ্তমান দেখা প্ৰতিচ্ছবিখন নিৰুৎসাহী৷ অতীতত কলেজৰ অধ্যক্ষৰ পদটোৰ প্ৰতি অধ্যাপকৰ মাজত থকা আশা বা সপোন বৰ্তমান নাইকিয়া হোৱা যেন হৈছে৷ বিশেষকৈ বৰ্তমান বহুতো কলেজৰ অধ্যক্ষৰ পদৰ বিজ্ঞাপনৰ বিপৰীতে আৱেদন কৰা প্ৰাৰ্থীৰ সংখ্যা নিচেই কম৷ কোনোবাখন কলেজত যদি প্ৰাৰ্থীৰ সংখ্যা এজন, কোনোবাখন কলেজত প্ৰাৰ্থী শূন্য৷ বৰ্তমান অসমৰ অৰ্ধেকসংখ্যক প্ৰাদেশীকৃত মহাবিদ্যালয় চলি আছে ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দ্বাৰা৷
প্ৰশ্নটো হৈছে, অধ্যক্ষৰ পদটোৰ প্ৰতি কলেজ শিক্ষকৰ স্পৃহা কিয় কমিছে? ২০১৮ চনৰ পৰা পাঁচ বছৰীয়া কাৰ্যকালত সেৱা আগবঢ়োৱা কেইবাজনো অধ্যক্ষই ইতিমধ্যে পুনৰ যোগদান কৰিছে এৰি অহা সহযোগী অধ্যাপকৰ পদত৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে কাৰ্যকাল সমাপ্ত কৰা অধ্যক্ষসকলে নিজৰ পদলৈ উভতি যোৱাৰ পাছত কি স্কেলত দৰমহা পাব তাৰ নাই একো নীতি-নিৰ্দেশনা৷ তেনে বহুকেইজন অধ্যক্ষই নিজৰ পদলৈ ঘূৰি আহি দৰমহাৰ বাবে হাহাকাৰ কৰিব লগাত পৰিছে৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ২০১৮ চনৰ নিৰ্দেশনাৰ ভিত্তিত অসমত পাঁচ বছৰীয়া অধ্যক্ষৰ নিযুক্তি হয় যদিও, একে নিৰ্দেশনামৰ্মে পাবলগীয়া অধ্যাপকৰ পদটোৰ ক্ষেত্ৰত নিমাত ৰাজ্যৰ উচ্ছ শিক্ষা বিভাগ৷ কাৰ্যতঃ অসমত পাঁচ বছৰীয়া অধ্যক্ষৰ দায়িত্ব পালন কৰি অধ্যাপনা পদলৈ ঘূৰি অহা ব্যক্তিসকলৰ আৰ্থিক অৱস্থা পানীত হাঁহ নচৰা অৱস্থা, নিমাত উচ্ছ শিক্ষা বিভাগ৷
পাঁচ বছৰীয়া কাৰ্যকালৰ অধ্যক্ষ হিচাপে যিসকল সহকাৰী অধ্যাপকে নিজৰ কলেজতে দায়িত্ব লাভ কৰিছে, তেওঁলোকে কাৰ্যকালৰ অন্তত অধ্যক্ষৰ কোঠাৰ পৰা পুনৰ উভতি যাব লাগে বিভাগীয় কোঠালৈ৷ পাঁচটা বছৰ সহকৰ্মীক পৰিচালনা কৰি পুনৰ অন্য এজনক দায়িত্ব অৰ্পণ কৰি পৰিচালিত হোৱাৰ আহুকালত পৰে৷ কথাটো হৈছে কলেজৰ অধ্যক্ষৰ পদটো দায়িত্ব আৰু কৰ্তব্যৰ ক্ষেত্ৰত অতিকৈ গুৰুত্বপূৰ্ণ৷ এখন কলেজৰ প্ৰশাসন আৰু বৌদ্ধিক বিকাশত অধ্যক্ষজনে পালন কৰিব লাগে বহু ত্যাগ-কষ্ট৷ কিন্তু কাৰ্যকাল পাঁচ বছৰীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত বহু অধ্যক্ষই অনুশাসনত এৰা-ধৰা পন্থা অৱলম্বন কৰিব লগাত পৰে৷ দ্বিতীয়টো কাৰ্যকাল প্ৰাপ্তিৰ ক্ষেত্ৰত যাতে কলেজৰ অধ্যাপকসকলে বাধা দিব নোৱাৰে তাৰ কাৰণে কঠোৰ অনুশাসন ব্যৱস্থা ৰূপায়ণত হোঁহকা-পিছলা নীতি গ্ৰহণ কৰিবলৈ বাধ্য হয় বহুতো অধ্যক্ষই৷
বৰ্তমান অসমৰ প্ৰাদেশীকৃত মহাবিদ্যালয়বোৰত খালী হৈ থকা অধ্যক্ষৰ পদবোৰক লৈ উৎসাহিত নহয় অধ্যাপকসকল৷ এজন সহযোগী অধ্যাপকে অধ্যক্ষৰ পদত যোগদান কৰিলে লাভ কৰে দুহাজাৰ টকাৰ মাহেকীয়া ভাত্তা৷ প্ৰতিটো দিনতেই উচ্ছ শিক্ষা সঞ্চালকৰ কাৰ্যালয়ৰ পৰা অহা নিৰ্দেশবোৰ পালন কৰা, অধ্যাপক আৰু ছাত্ৰৰ সীমাহীন সমস্যা, স্থানীয় বিধায়কৰ পূৰ্ণ নিয়ন্ত্ৰণত চাপৰ মাজত কৰ্তব্য পালন কৰিব লগা কলেজৰ অধ্যক্ষৰ পদটোৰ মৰ্যাদা বহুখিনি হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে৷ পৰিতাপৰ কথা যে এখন কলেজৰ মুৰব্বী হোৱা সত্ত্বেও উচ্ছ শিক্ষা সঞ্চালকৰ কাৰ্যালয়ৰ বাৰাণ্ডাতে দিনৰ বহু সময় বোন্দাপৰ দিয়া, দিনটো কেৰাণীৰ টেবুলৰ কাষত থিয় হৈ থাকি কলেজৰ কাম কৰা আদি প্ৰতিচ্ছবিয়ে অৱদমিত কৰে অধ্যক্ষ পদৰ মৰ্যাদা৷ বৰ্তমান অসমৰ কলেজবোৰত থকা অধ্যক্ষসকলৰ মাজত ইতিমধ্যে সৃষ্টি হৈছে তিনিটা শ্ৰেণী– স্থায়ী অধ্যক্ষ (যিসকলে অৱসৰলৈকে অধ্যক্ষৰ আসনত থাকিব), পাঁচ বছৰীয়া কাৰ্যকালৰ অধ্যক্ষ আৰু ভাৰপ্ৰাপ্ত অধ্যক্ষ৷ যদিও দায়িত্ব, কৰ্তব্য প্ৰতিজন অধ্যক্ষৰ সমান, তথাপি পাঁচ বছৰীয়া কাৰ্যকালৰ অধ্যক্ষৰ পদটোৰ ক্ষেত্ৰত বৰ্তি থকা চৰকাৰী অনীহাই নিশ্চিতভাৱে ক্ষতি কৰিব কলেজসমূহক৷