Logo
image

আমিৰুদ্দিন বনাম আনফৰ! ধুবুৰীত উৰিছে ডুবাইৰ ধন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ মে’: ডুবাইৰ ধন যেন উৰিছে ধুবুৰীৰ আকাশ বতাহে৷ বদৰুদ্দিন আজমলক তেওঁৰ জ্যেষ্ঠ ভাতৃ আমিৰুদ্দিন আজমলে সৰ্বশক্তিৰে সহায় কৰাৰ বিপৰীতে ৰকিবুল হুছেইনৰ সমৰ্থনত যুদ্ধক্ষেত্ৰত নামি পৰিছে মুস্তাক আনফৰ৷ দুয়োজন ডুবাইৰ অন্যতম ধনী ব্যৱসায়ী৷ হোজাইৰ পৰা গৈ ডুবাইত প্ৰতিষ্ঠা লাভ কৰা দুয়োজন মূলত আগৰ ব্যৱসায়ী৷ ইয়াৰে আমিৰুদ্দিন আজমল এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ জ্যেষ্ঠ ভাতৃ আজমল পৰিয়ালৰ বিশাল ব্যৱসায়ীক সাম্ৰাজ্যখন নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ মূল দায়িত্ব ন্যস্ত আছে জ্যেষ্ঠ ভাতৃ আমিৰুদ্দিনৰ ওপৰত৷ আজমল পৰিয়ালৰ বহুকেইজন সদস্য ৰাজনীতিৰ সৈতে জড়িত যদিও আমিৰুদ্দিন আজমল ৰাজনীতিৰ পৰা বহু দূৰত থাকি কেৱল পৰিয়ালৰ ব্যৱসায় পৰিচালনাত জড়িত হৈ আছে৷ তেওঁ অধিকাংশ সময় ডুবাইতে থাকে যদিও মাজে সময়ে হোজাইলৈও আহে নিজৰ পৈতৃক গৃহলৈ৷ শেহতীয়াভাৱে ধুবুৰীত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈ আজমল বাহিনী৷ তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমলে ইয়াৰ পূৰ্বে ধুবুৰীত ইমান প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল৷ কিন্তু প্ৰত্যাহ্বান যিমানে নহওক কি আজমল আৰু এ আই ইউ ডি এফ দলৰ বাবে এইবাৰৰ নিৰ্বাচন জয়ী হোৱাটো অতি জৰুৰী হৈ পৰিছে৷ কাৰণ আৰম্ভণিৰে পৰা  এ আই ইউ ডি এফে দলটো আজমলক কেন্দ্ৰ কৰিয়ে চলি আছে৷ সেয়ে আজমলৰ পৰাজয় মানে এ আই ইউ ডি এফ অসমৰ ৰাজনৈতিক দৃশ্য পটৰ পৰা নিছিন্ন হৈ পৰা৷ আজমলে হ’ল দলটোৰ একমাত্ৰ সাংসদ৷ আজমল অবিহনে দলৰ ৰাজনৈতিক ভৱিষ্যত যে অন্ধকাৰ সেই কথা প্ৰতিজন নেতা-কৰ্মীয়ে বুজি উঠিছে৷ ইয়াৰ সমান্তৰালভাৱে পৰিয়ালৰ ব্যৱসায়িক সাম্ৰাজ্য খন সূচলভাৱে চলি থকাৰ স্বাৰ্থত বদৰুদ্দিন আজমলৰ হাতত ৰাজনৈতিক ক্ষমতা থকাটোও অতি প্ৰয়োজনীয়৷ আজমলে পৰিয়ালৰ ব্যৱসায়ত প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ পৰিৱৰ্তে ৰাজনীতিৰ সৈতেহে অধিক জড়িত হৈ আছে৷ সেয়ে দলীয় কৰ্মী আৰু পৰিয়াল দুয়োপক্ষৰ বাবে আজমল জয়ী হোৱাটো অতি প্ৰয়োজনীয়৷ যাৰ বাবে আজমলৰ জ্যেষ্ঠ ভাতৃ আমিৰুদ্দিনো আগবাঢ়ি আহিছে কনিষ্ঠ ভাতৃক সহায় কৰাৰ উদ্দেশ্যেৰে৷ আজমলৰ বাবে তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে ধনৰ পেৰা খুলি দিয়াৰ সমান্তৰালভাৱে অভিযোগ অনুসৰি সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক ধনে-জনে সহায় কৰাৰ বাবে যুদ্ধক্ষেত্ৰত নামি পৰিছে ডুবাইৰ অন্য এজন প্ৰতিষ্ঠিত ব্যৱসায়ী মুস্তাক আনফৰ৷ ৰকিবুল হুছেইনৰ বহু পুৰণি বন্ধু আনফৰ আৰু আজমল পৰিয়ালৰ মাজত দীৰ্ঘ দিন ধৰি অব্যাহত আছে ব্যৱসায়ীক যুদ্ধ৷ আনফৰো মূলতঃ হোজাইৰ বাসিন্দা৷ আনফৰ আৰু আজমল ব্যৱসায়ীক প্ৰতিদ্বন্দ্বী হোৱাৰ সূত্ৰে দুয়ো ৰাজনৈতিক ভাৱেও দুই মেৰুত অৱস্থান কৰি আছে৷ বদৰুদ্দিন আজমল অসম জমিয়তৰ সভাপতি হোৱাৰ বিপৰীতে আনফৰো অসম জমিয়তৰ সভাপতি৷ মূল জমিয়তক দুটা ভাগত বিভক্ত কৰি দুয়োজনে সভাপতিৰ আসনত বহি লয়৷ ব্যৱসায়িক প্ৰতিদ্বন্দ্বী হোৱাৰ সমান্তৰালভাৱে অসমত নিজকে ৰাজনৈতিকভাৱে অধিক প্ৰভাবশালী হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰে দুয়োজনৰ মাজত দীৰ্ঘদিন ধৰি অব্যাহত অন্য এখন যুঁজ৷ আৰম্ভণিৰে পৰা আনফৰ নেতৃত্বাধীন জমিয়তে ৰকিবুল হুছেইনৰ সমৰ্থনত ধুবুৰীত প্ৰচাৰ অব্যাহত ৰাখিছে৷  যদিও জমিয়ত সম্পূৰ্ণ ৰূপে এটা ধৰ্মীয় অনুষ্ঠান কিন্তু ইয়াৰ পাছতো জমিয়তৰ নেতা সকলে আজমল আৰু ৰকিবুল হুছেইনৰ বাবে ভোট গটোৱাৰ ৰাজনীতিত জপিয়াই পৰিছে৷ নিজৰ পুৰণি বন্ধু ৰকিবুল হুছেইনক সৰ্বতো প্ৰকাৰে সহায়ৰ হাত আগবঢ়াইছে ডুবাই ব্যৱসায়ী আনফৰ৷ ডুবাইৰ দুজনকৈ ধনাঢ্য ব্যৱসায়ী ধুবুৰীত দুজনকৈ প্ৰাৰ্থীক মুকলি সমৰ্থন দিয়াৰ ফলত এইবাৰৰ নিৰ্বাচনত ধুবুৰীত ডুবাইৰ ধন উৰি ফুৰিছে৷ নিজৰ ব্যৱসায়ীক আৰু ৰাজনৈতিক প্ৰতিপত্তি বৃদ্ধিৰ স্বাৰ্থত দুয়োজন ব্যৱসায়ীৰ বাবে নিজৰ নিজৰ প্ৰাৰ্থী নিৰ্বাচনত জয়ী হোৱাটো অতি জৰুৰী হৈ পৰিছে৷ আনফৰ আৰু বদৰুদ্দিন আজমল, দুয়োজনে নিজকে অসমত মুছলমানৰ নেতা হিচাপে প্ৰতিষ্ঠা কৰাৰ যুঁজ দীৰ্ঘদিন ধৰি অব্যাহত ৰাখিছে৷