Logo
image

ঘৰত এচি লগাইছে নেকি? এইবোৰৰ বাবেই হ’ব পাৰে বিস্ফোৰণ

প্ৰচণ্ড গৰমত অসহনীয় পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ অনেকেই এচি [এয়াৰ কণ্ডিশ্বনাৰ]ৰ ওপৰতে ভৰসা কৰে৷ গৰমৰ প্ৰকোপ বঢ়াৰ লগে লগেই ইলেক্ট্ৰনিক্সৰ বিপনীত এচি কিনা লোকৰ ভিৰ বঢ়া পৰিলক্ষিত হৈছে৷ বহুতৰ ক্ষেত্ৰত দেখা যায়৷ এচিৰ শীতল বতাহৰ আমেজ ল’ব জানে অথচ এচিৰ বিষয়ে বিন্দুমানো ধাৰণা নাই৷ এটা কথা জনাটো ভাল যে বৈদ্যুতিক সৰঞ্জাম ব্যৱহাৰ আৰু দিক নিৰ্দেশনা মানি সেইসমূহ অপাৰেট কৰা হয়৷ বিশেষজ্ঞৰ মতে একাধিক কাৰণত এচি বিস্ফোৰণ হ’ব পাৰে৷

# ৰেফ্ৰিজাৰেণ্ট লিক : এচি বিস্ফোৰণৰ প্ৰাথমিক কাৰণ হ’ল ৰেফ্ৰিজাৰেণ্ট লিক৷ বায়ু শীতল কৰাৰ কাৰণে এচিত উচ্ছ চাপৰ ৰেফ্ৰিজাৰেণ্ট লিক গেছ ব্যৱহাৰ কৰা হয়৷ যদি ৰেফ্ৰিজাৰেণ্টত লিক হয় তেতিয়া বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷ কিছু কিছু ৰেফ্ৰিজাৰেণ্ট স্ফুলিংগ সংস্পৰ্শলৈ আহিলে  অগ্নিকাণ্ড হ’ব পাৰে আৰু  বিস্ফোৰণ ঘটিব পাৰে৷

# ময়লা জমা :  সঠিকভাৱে পৰিষ্কাৰ, ৰক্ষণাবেক্ষণ নকৰাৰ কাৰণেও এচিৰ বিস্ফোৰণ ঘটিব পাৰে৷  এচিৰ নিয়মীয়া যত্ন আৰু পৰিষ্কাৰ নকৰিলে ময়লা জমা হৈ বিভিন্ন ত্ৰুটি দেখা দিব পাৰে৷ যাৰ বাবে এচি অতিৰিক্ত গৰম হৈ বিস্ফোৰণ হ’ব পাৰে৷

# দীৰ্ঘ সময় চলোৱা : এচি দীৰ্ঘ সময় ধৰি চলাই থাকিলে বৈদ্যুতিক যন্ত্ৰপাতিসমূহ অতিৰিক্ত গৰম হ’ব পাৰে, যাৰ ফলত বিস্ফোৰণ ঘটিব পাৰে৷ 

# ভল্টেজ উঠা-নমা : ভল্টেজ উঠা-নমা কৰি থাকিলে এচিৰ বৈদ্যুতিক যন্ত্ৰপাতিৰ  ক্ৰূটি দেখা দিব পাৰে আৰু ফলত এচিৰ সমসম্যা হ’ব পাৰে৷ 

# কোঠাৰ সঠিক আকাৰ : কোঠাৰ আকাৰ অনুযায়ী সঠিক ক্ষমতাৰ এচি ব্যৱহাৰ নকৰিলে ভয়ংকৰ বিপত হ’ব পাৰে৷