Logo
image

মীৰা কাগজৰ বাঘ, বিজুলী ৬ লাখ ভোটৰ ব্যৱধানত জয়ী হ'বঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

'আমাৰ অসম'ৰ দুধনৈৰ বিশেষ প্ৰতিনিধি, ৪ মে': ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ অধীনস্থ নাওথোৱাত শনিবাৰে বিজেপিৰ বিজয় সংকল্প সমাৱেশ অনুষ্ঠিত হয়। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটঁৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টিৰ  কাৰিপাৰা আৰু পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ নাওঁথোৱাত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা।

বিজেপিৰ বিজয় সংকল্প সমাৱেশত মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, "গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি ৬ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব।" তেওঁ লগতে কয় যে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে পাবৰ বাবে অসমৰ ১৪ খন আসনতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হৈ নৰেন্দ্ৰ মোদীক উপহাৰ দিব লাগিব। সেয়ে তেওঁ পদুম ফুলৰ ছবিত ভোট দি বিজুলী কলিতা মেধিক জয়ী কৰাবলৈ আহবান জনায়। ইপিনে বিজুলী কলিতা মেধিৰ মূল প্ৰতিদ্বন্দী মীৰা বৰঠাকুৰ কাগজৰ বাঘ বুলি কটাক্ষ কৰে জয়ন্ত মল্ল বৰুৱাই৷ 

সভাত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাও ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসঙ্গত তেওঁ ৰাইজক উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিবলৈ আহ্বান জনায়। সভাত  দুধনৈ সমষ্টিৰ বিজেপিৰ প্ৰভাৰী মানস বৰা, পশ্চিম গোৱালপাৰা সমষ্টিৰ প্ৰভাৰী দীপাংক কুমাৰ নাথ, বিজেপিৰ ৰাজ্যিক সম্পাদিকা টিনামণি দৈমাৰী, গোৱালপাৰা জিলা বিজেপিৰ বহু কেইগৰাকী নেতা-কৰ্মীৰ লগতে বিভিন্ন অঞ্চলৰ পৰা অহা ৰাইজ উপস্থিত থাকে।