Logo
image

উক্তি-বক্ৰোক্তি

কেপিটেল হিলৰ হিংসা, যৌন কেলেংকাৰী, ঘোচ দিয়াৰ যি অভিযোগত মোৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ চলিছে সেয়া সকলো জো বাইডেনে ৰাজনৈতিক উদ্দেশ্যত চলাই আছে৷ ৰাষ্ট্ৰপতি নিৰ্বাচনত মই বিজয়ী হ’লে এইবাৰ বাইডেন আৰু তেওঁৰ পৰিয়ালক আদালতৰ কাঠগড়াত তুলিম৷
– প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

মীৰাৰ দৰে এগৰাকী মহিলাৰ লগত বহিলে মোৰ সন্মান লাঘৱ হ’ব৷ 
– গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি

সন্দেশখালিক লৈ বিজেপিয়ে নাটক ৰচনা কৰিছিল৷ সংঘৰ্ষ সৃষ্টি কৰি বহুতকে হত্যা কৰি নদীত উটুৱাই দিয়াৰ পৰিকল্পনা কৰিছিল৷ সেইবোৰ এতিয়া সকলো পোহৰলৈ আহিছে৷ বিজেপিৰ নেতাই সকলো কথা স্বীকাৰ কৰিছে৷ ৰাজ্যবাসীয়ে ভিডিঅ’ত সেয়া দেখিছে৷ ময়ো মিটিঙৰ পৰা উভতি গৈ সেই ভিডিঅ’ চাম৷ 
– পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

মীৰা বৰঠাকুৰ কাগজৰ বাঘ৷ তেওঁৰ বিৰুদ্ধে আমাৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি ৬ লাখ ভোটৰ ব্যৱধানত বিজয়ী হ’ব৷ 
– মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

আগতে যিকোনো সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত কাপুৰুষৰ দৰে কংগ্ৰেছ চৰকাৰে কোনো বিশ্বমঞ্চত কান্দে৷ বিজেপিৰ চৰকাৰ অহাৰ পাছত পৰিস্থিতি সলনি হৈছে৷ আমি সন্ত্ৰাসবাদীৰ ঘৰৰ ভিতৰত সোমাই মাৰোঁ৷ বিজেপি চৰকাৰ কংগ্ৰেছৰ দৰে কাপুৰুষ নহয়৷ 
– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বদৰুদ্দিন আজমল বিশ্বাসঘাতক, বেইমান, গাড্ডাৰ৷ আজমলে বিজেপিৰ সহায় হোৱাকৈ নিৰ্বাচনৰ সময়ত সাম্প্ৰদায়িক মন্তব্য কৰে৷ 
– বিধায়ক অখিল গগৈ

টকাৰ অভাৱৰ বাবেই পুৰী সমষ্টিৰ কংগ্ৰেছ দলৰ টিকট মই ঘূৰাই দিছোঁ৷ বাৰে বাৰে বিচাৰি থকা সত্ত্বেও কংগ্ৰেছৰ ওড়িশাৰ ইনচাৰ্জ অজয় কুমাৰজীয়ে মোক এটকাও নিদি নিজৰ টকাৰে নিৰ্বাচন খেলিবলৈ ক’লে৷ মই সাংবাদিকতা এৰি ৰাজনীতিত নামিলেও মোৰ হাতত লোকসভাৰ নিৰ্বাচনত ব্যয় কৰিব পৰাকৈ ধন নাই৷ 
– ওড়িশাৰ কংগ্ৰেছ নেত্ৰী সুচৰিতা মহান্তি

মোৰ ভাতৃক তেওঁ সদায় শ্বাহজাদা বুলি কয় আৰু প্ৰাসাদত থাকে বুলি অভিযোগ কৰে৷ কিন্তু সেই শ্বাহজাদাই কন্যাকুমাৰীৰ পৰা জম্মু কাশ্মীৰলৈ  চাৰি হাজাৰ কিলোমিটাৰ খোজকাঢ়ি জনগণৰ দুখ-দুৰ্দশাৰ বুজ ল’লে৷ কিন্তু শ্বাহেনশ্বাহে, মানে মোদীয়ে কেতিয়াবা মুকলিলৈ অহা কোনোবাই দেখিছেনে? তেওঁৰ বগা পাঞ্জাবী কেতিয়াবা মলিয়ন হোৱা দেখিছেনে? তেওঁৰ সযত্নপালিত চুলি কেতিয়াবা ইফাল-সিফাল হোৱা দেখিছেনে? 
– কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

ঐতিহ্যগত ৰীতি মানি আপুনি শীৰ্ষ পদত উপনীত হোৱাৰ পূৰ্বে ৰায়বেৰেলীত বিজয়ী হ’ব লাগিব৷ তাৰ পাছতহে আপুনি শীৰ্ষৰ দিশে আগুৱাব পাৰিব আৰু শীৰ্ষত উপনীত হৈ থকাজনক প্ৰত্যাহ৩ান জনাব পাৰিব৷ 
– দবাৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন গেৰী কাছপাৰভ