Logo
image

কাটাৰৰ চমক বিশ্বৰ প্ৰথমগৰাকী এআই বিমান পৰিচাৰিকা ‘ছামা’

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ মে’: কাটাৰ এয়াৰৱেজে বিশ্বৰ প্ৰথমগৰাকী কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) দ্বাৰা পৰিচালিত বিমান পৰিচাৰিকা মুকলি কৰিছে৷ ছামা ২.০ নামেৰে মুকলি কৰা এই এআই বিমান পৰিচাৰিকাগৰাকীয়ে সঠিক সময়তে যাত্ৰীৰ লগত বাৰ্তালাপ কৰিব পাৰে৷ আৰবী ভাষাৰ শব্দ ছামা মানে ‘আকাশ’৷ অলপতে বাৰ্লিনত অনুষ্ঠিত হোৱা বিশ্বৰ সৰ্ববৃহৎ ট্ৰেভেল ট্ৰেড শ্ব’ত ভাৰ্চুৱেল বিমান পৰিচাৰিকা ছামা ২.০ক মুকলি কৰিছে ‘দ্য নেচনেল কেৰিয়াৰ অব দ্য ষ্টেট অব কাটাৰে৷ এই ট্ৰেড শ্ব’ত ছামা ২.০য়ে দৰ্শনাৰ্থী আৰু সংবাদমাধ্যমৰ লগত মত বিনিময় কৰি অভিলেখ সৃষ্টি কৰিছে৷ কাটাৰ এয়াৰৱেজে এআই ডিজিটেল হিউমেন টেকন’লজীৰ লিডাৰখ্যাত নিউজীলেণ্ডৰ কোম্পানী ইউনিকৰ সহযোগত ছামা ২.০ক প্ৰস্তুত কৰি উলিয়াইছে৷ এই সন্দৰ্ভত কাটাৰ এয়াৰৱেজৰ উপাধ্যক্ষ বাবৰ ৰহমানে কয়– ‘ছামা ২.০য়ে আমাৰ নতুন কিবা এটা কৰাৰ নিৰৱচ্ছিন্ন জিজ্ঞাসাক প্ৰতিফলিত কৰিছে৷ প্ৰযুক্তি আৰু মানৱ সংযোগৰ এয়া যুগন্তকাৰী সফলতা৷’ আনহাতে, ইউনিকৰ মুখ্য কাৰ্যবাহী বিষয়া ডেনি টমছেটে কয় যে ছামা ২.০ হৈছে এআইৰ সীমাহীন সম্ভাৱনাৰ সম্প্ৰৰীক্ষা৷ উল্লেখ্য, দেখাত মানৱ বিমান পৰিচাৰিকাৰ সৈতে একে কৃত্ৰিম ছামা ২.০য়ে যাত্ৰীসকলক বিমানত উঠাৰ পৰা নমালৈকে সকলো ধৰণৰ সহায় আগবঢ়াব৷ যাত্ৰীৰ লগত বাৰ্তালাপ কৰোঁতে ছামা ২.০য়ে মানুহৰ দৰে চলাচল তথা মুখৰ অংগীভংগীও কৰিব৷ ছামা ২.০য়ে সদ্যহতে ইংৰাজী ভাষাতহে কথা ক’ব পাৰিব যদিও পাছলৈ আৰবী আৰু আন ভাষাতো সলসলীয়াকৈ কথা ক’ব পাৰিব৷