Logo
image

ৰাজ্যত পুনৰ ৯৬খন চৰকাৰী স্কুল বন্ধ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ মে’ : এফালে বিজেপি মিত্ৰজোঁটৰ  চৰকাৰে গাঁৱে-ভূঞে এখনৰ পাছত এখন মদৰ দোকানৰ নতুন নতুন অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে, আনফালে আকৌ একেখন চৰকাৰে এখন এখনকৈ প্ৰাদেশীকৃত শিক্ষানুষ্ঠান বন্ধ কৰি চিৰদিনলৈ তলা ওলোমাই দিছে৷ সৌ সিদিনা শিক্ষা বিভাগে প্ৰায় ৫ শতাধিক শিক্ষানুষ্ঠান বন্ধ কৰাৰ পাছত পুনৰ একত্ৰীকৰণৰ অজুহাতেৰে ৯৬ খন প্ৰাদেশীকৃত চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ২০২১ চনৰ প্ৰাদেশিকীকৰণ আইন অনুসৰি নতুন প্ৰাদেশীকৃত ৫১০ খন বিদ্যালয়ৰ ভিতৰৰ ৯৬ খন বিদ্যালয়ত তলা লগাই কাষৰীয়া চৰকাৰী শিক্ষানুষ্ঠানৰ সৈতে চামিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে৷ এই সন্দৰ্ভত মাধ্যমিক শিক্ষাৰ সঞ্চালক মমতা হোজায়ে বিগত চ্ছ এপ্ৰিলত এটা নিৰ্দেশনা যোগে ৭৯ খন হাইস্কুল আৰু ১৭ খন উচ্ছ মাধ্যমিক বিদ্যালয় বন্ধ কৰাৰ আনুষ্ঠানিক ঘোষণা কৰিছে৷ ইয়াৰ ভিতৰত কামৰূপ মহানগৰত ২ খন, কামৰূপ গ্ৰাম্যত ৮ খন, বঙাইগাঁৱত ৯ খন, ধেমাজিত ১৯ খন, দৰঙত ২ খন, ধুবুৰীত ৭ খন, গোৱালপাৰাত ৫খন, বৰপেটাত ১১ খন, হাইলাকান্দিত ৰ খন, যোৰহাটত ৩ খন, মাজুলীত ১ খন, কাৰ্বি আংলঙত ৰ খন, লখিমপুৰত ১২ খন, মৰিগাঁৱত ৩ খন, নগাঁৱত ৰ খন, নলবাৰীত ২ খন, শিৱসাগৰত ৪ খন, শোণিতপুৰত ১ খন আৰু দক্ষিণ শালমাৰা মানকাচাৰত ৩ খন বিদ্যালয় আছে৷ এই আটাইকেইখন বিদ্যালয়কে সমীপৱৰ্তী আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰা হৈছে৷ ইফালে শিক্ষানুষ্ঠান বন্ধ কৰা চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছে আম আদমী পাৰ্টীয়ে৷  মহানগৰীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টীৰ কাৰ্যালয়ত দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এক সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে ৰাজ্যৰ শিক্ষা বিভাগে চৰকাৰী শিক্ষা ব্যৱস্থা ধবংসৰ গৰাহলৈ ঠেলি দিয়া বুলি অভিযোগ উত্থাপন কৰে৷ ডাঃ চৌধুৰীয়ে কয়– ‘অসমবাসীৰ স্বাৰ্থ জলাঞ্জলি দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পুনৰ ৯৬খন বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে৷ ৰাজ্যবাসীৰ কোনো কথা কৰ্ণপাত নকৰা বিজেপি চৰকাৰৰ শিক্ষা বিভাগে পূৰ্বেও ৮০৬৬খন বিদ্যালয় বন্ধ কৰিছিল৷ আন্তঃগাঁথনিৰ অভাৱ অথবা পৰ্যাপ্ত শিক্ষাৰ্থী নথকাৰ অজুহাতত এনেদৰে বিদ্যালয়সমূহ বন্ধ কৰি ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানক উৎসাহিত কৰিছে৷ স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালেই ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰম্ভ কৰিছে৷  ‘চৰকাৰে নতুনকৈ কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিব পৰা নাই৷ ভেঞ্চাৰ স্কুলৰ শিক্ষক সকলৰ আন্দোলনৰ প্ৰতি চৰকাৰৰ সহাঁৰি নাই৷ অথচ মাথো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ স্বাৰ্থতে ৰাইজে স্থাপন কৰা চৰকাৰী খণ্ডৰ স্কুলবোৰত তলা লগাইছে চৰকাৰে৷ এয়া  হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ টোগলকী নীতিৰ বাহিৰে আন একো নহয়৷ ‘‘বিগত দিনবোৰত আম আদমী পাৰ্টি, অসমে ৰাজ্যখনৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনিৰ লগতে শিক্ষাৰ গুণগত মান উন্নত কৰাৰ দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব দিয়া নাই ৷ এসময়ত চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ যোগেদিয়েই ৰাজ্যখনৰ প্ৰায় সমগ্ৰ শিক্ষা ব্যৱস্থাটোৱে পৰিচালিত হৈছিল৷ অসম শৈক্ষিক মান সৰ্বভাৰতীয় স্তৰৰ লগতে আন আন ৰাজ্যসমূহতকৈ বহু পিছ পৰি আছে৷ শিক্ষাৰ্থীৰ সংখ্যা আৰু ফলাফলৰ আধাৰত অসম চৰকাৰে এখনৰ পাছত আনখনকৈ চৰকাৰী শিক্ষানুষ্ঠান একত্ৰীকৰণৰ নামত বন্ধ কৰিছে৷ ইতিমধ্যে ৰাজ্যৰ ৮০৬৬খন চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ কৰাৰ সমান্তৰালকৈ আন বহু বিদ্যালয় বন্ধ কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে শিক্ষা বিভাগে৷ বহুতো লোকৰ বহু অৱদানৰ ভিত্তিত গঢ় লৈ উঠা মাতৃভাষাৰ চৰকাৰী বিদ্যালয়সমূহৰ আঁৰত একো একোখন সমাজৰ ইতিহাস জড়িত হৈ আছে৷ ৰাইজৰ আবেগ-অনুভূতি জড়িত হৈ থকা এই বিদ্যালয়সমূহ বন্ধ কৰাকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ চৰকাৰী বিদ্যালয়ৰ জৰাজীৰ্ণ আন্তঃগাঁথনি আৰু শিক্ষাৰ গুণগত মান সময় সাপেক্ষে উন্নত নকৰাৰ পৰিপ্ৰেক্ষিততে শিক্ষাৰ্থীৰ সংখ্যা ক্ৰমাৎ কমি অহাৰ লগতে ফলাফল অবনমিত হৈছে৷ কিন্তু চৰকাৰখনে এইক্ষেত্ৰত অলপো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই৷ বৰং চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ ক্ৰমাৎ বন্ধ কৰি এই খণ্ডটোকে নোহোৱা কৰিব বিচাৰিছে৷ সমান্তৰালকৈ শিক্ষকসকলৰ সমস্যা সমূহক লৈয়ো চৰকাৰ সম্পূৰ্ণ উদাসীন৷ মুখ্যমন্ত্ৰী ৰূপে অধিষ্ঠিত হোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই অসমৰ শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণৰূপে ধবংস কৰিছে৷ এনে অৱস্থাত আপে অসম চৰকাৰক দিল্লী চৰকাৰৰ শিক্ষানীতিৰ আৰ্হি অধ্যয়ন কৰি দিল্লীৰ আৰ্হি অসমতো ৰূপায়ণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছোঁ৷