Logo
image

পূজা কৰি বগা ঘোঁৰা কৰি পেলালে ৰঙাঃ ভগৱানৰূপী বগা ঘোঁৰা কাহিনীৰ যৱনিকা

'আমাৰ অসম'ৰ জিনজিয়াৰ প্ৰতিবেদক ৭মে': বিজ্ঞান আৰু আধুনিক প্ৰযুক্তিবিদ্যাৰ সময়ছোৱাত এহাল বগা ঘোঁৰাক বিগত প্ৰায় এসপ্তাহ ধৰি 'ভগৱান' হিচাপে পূজা-অৰ্চনা কৰি আহিছিল বিশ্বনাথ জিলাৰ জালুকবাৰী নামৰ এখন গাঁৱৰ একাংশ লোকে। জালুকবাৰী গাঁৱৰ অবিশ্বাস্য ঘটনাটোৰ ৰহস্য অৱশেষত ফাদিল হ'ল। বাট হেৰুৱাই আহি জালুকবাৰীৰ এজন লোকৰ পাছফালে মেজিত খেৰ খাই থকা অৱস্থাত উদ্ধাৰ হোৱা বগা ঘোঁৰা হালক লৈ একাংশ অন্ধভক্তই ভগৱানৰ আৱিৰ্ভাব হোৱা বুলি অপপ্ৰচাৰ চলাই এক উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি কৰিছিল।
 
ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, ডফলাগড়ৰ তিনিকোনীয়াৰ মমিন আলী নামৰ লোকজনৰ আছিল এই বগা ঘোঁৰা দুটা। ঘোঁৰা দুটা হেৰুৱা প্ৰায় ৪ মাহ হৈছিল। বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও মমিন আলীয়ে বিচাৰি পোৱা নাছিল ঘোঁৰা দুটা। এনে সময়তে জালুকবাৰী গাঁৱৰ একাংশ ৰাইজে দুটা বগা ঘোঁৰাক ভগৱানৰূপে পূজা-অৰ্চনা কৰি থকা বুলি খবৰ লাভ কৰাৰ পাছতে জালুকবাৰীত উপস্থিত হয় মমিন আলী।

 
সেই অনুসৰি স্থানীয় চৰকাৰী গাঁওবুঢ়াক লগত লৈ সোমবাৰে মমিন আলী জালুকবাৰী গাঁৱত উপস্থিত হোৱাৰ পিছত এই ঘোঁৰা দুটা তেওঁৰ বুলি নিশ্চিত হয়। পৰৱৰ্তী সময়ত মমিন আলীয়ে উক্ত ঘোঁৰা দুটা চমজি লৈ ঘৰলৈ লৈ যায়। ইয়াৰ পিছতে যৱনিকা পৰে ভগৱানৰূপী বগা ঘোঁৰাৰ এক ৰহস্যময় কাহিনীৰ। উল্লেখযোগ্য যে বিগত কেইবাদিনো ধৰি একাংশ ৰাইজে এয়া ভগৱানৰ আৰ্ৱিভাব বুলি চৌদিশে প্ৰচাৰ কৰিছিল। আনকি ঘোঁৰা দুটাৰ সন্মুখত আঁঠু কাঢ়ি মাটিত বাগৰি প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিছিল। আনকি একাংশ অন্ধভক্তই চেলেং, গামোচা, ধূপ-ধুনা আদিৰে পূজা-অৰ্চনা কৰা বিষয়টিয়ে সামাজিক মাধ্যমত তোলপাৰ লগাইছিল।