Logo
image

দেশৰ ভিতৰতে অসমত সৰ্বাধিক ভোট

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ মে’: মঙলবাৰে ৰাজ্যত অনুষ্ঠিত হয় তৃতীয় পৰ্যায়ৰ নিৰ্বাচন৷ প্ৰতিকূল বতৰতো নেওচি হিলদল ভাঙি ৰাইজ ওলাই আহে ভোটদানৰ বাবে৷ নেৰানেপেৰা বৰষুণৰ সমান্তৰালভাৱে পুৱা ৭ বজাৰ পৰা চাৰিটা লোকসভা সমষ্টি ক্ৰমে গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত ভোটদান অনুষ্ঠিত হয়৷ দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে শান্তিপূৰ্ণভাৱে সামৰণি পৰে ভোটদান প্ৰক্ৰিয়া৷ সন্ধিয়া ৫ বজাৰ লগে লগে ভোটদানৰ আনুষ্ঠানিক প্ৰক্ৰিয়া সমাপ্ত হয় যদিও বহু ভোটকেন্দ্ৰৰ বাহিৰত ভোটদাতাৰ দীঘলীয়া শাৰীৰ পৰিপ্ৰেক্ষিতত ঠাই বিশেষে নিশা ৮ বজালৈ ভোটদান অব্যাহত থাকে৷ উল্লেখ্য যে মঙলবাৰে অনুষ্ঠিত চাৰিটা লোকসভা সমষ্টিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিগত সময়ছোৱাত ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থাকে৷ চাৰিওটা সমষ্টি হাইভল্টেজ নিৰ্বাচনী যুঁজ হয়৷ ধুবুৰী লোকসভা সমষ্টিত এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল, কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী অগপৰ জাভেদ ইছলামৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হয়৷ ঠিক তেনেদৰে কোকৰাঝাৰ সমষ্টিত বিপিএফৰ খাম্ফা বৰগয়াৰী আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীৰ মাজত মূল যুঁজখন হয়৷ বৰপেটা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ ফণী ভূষণ চৌধুৰী, কংগ্ৰেছৰ দীপ বায়ন আৰু চি পি এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হয়৷ গুৱাহাটী সমষ্টিৰ মূল যুঁজখন কংগ্ৰেছৰ মীৰা বৰঠাকুৰ আৰু বিজেপিৰ বিজুলী কলিতা মেধীৰ মাজত সীমাবদ্ধ থাকে৷ মঙলবাৰে নিশা বাতৰি লিখা পৰলৈ কোক্‌ৰাঝাৰ লোকসভা সমষ্টিত মুঠ ভোটদানৰ হাৰ ৭৬ শতাংশ হোৱাৰ বিপৰীতে ধুবুৰীত ৮৩ শতাংশ, বৰপেটাত ৮০ শতাংশ আৰু গুৱাহাটীত ৭১ শতাংশ হয়৷ লক্ষণীয়ভাৱে দেশৰ ভিতৰতে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত ভোটদানৰ হাৰ অধিক৷ ধুবুৰী লোকসভা সমষ্টিত ভোটদানৰ হাৰে অভিলেখৰ সৃষ্টি কৰে৷ মঙলবাৰে নিশা বাতৰি লিখা পৰলৈ অসমৰ এই চাৰিটা সমষ্টিত মুঠ ভোটদানৰ সামগ্ৰিক হাৰ ৭৭.৫ শতাংশ হোৱাৰ পৰিৱৰ্তে সৰ্বভাৰতীয় পৰ্যায়ত এই হাৰ প্ৰায় ৬৩ শতাংশ৷ পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত এই কথা অনুমান কৰাত নিশ্চয় অসুবিধা নহ’ব যে ভোটদানৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে মঙলবাৰে পুৱাৰে পৰা ভোট গ্ৰহণ অনুষ্ঠিত চাৰিটা লোকসভা সমষ্টিৰ বিভিন্ন অঞ্চলত হোৱা নেৰা-নেপেৰা বৰষুণৰ প্ৰথমাৰ্ধত ভোটদানৰ হাৰ কিছু কম আছিল যদিও বতৰ ফৰকাল হোৱাৰ লগে লগে হিলদল ভাঙি ৰাইজ ভোট দিবলৈ ওলাই আহে৷ অৱশ্যে গুৱাহাটী লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৭১  শতাংশৰ ভিতৰত সীমাৱদ্ধ থকাৰ ফলত অন্য তিনিটা সমষ্টিৰ ভিতৰত গুৱাহাটীতে ভোটদান কম হয়৷ অন্য সমষ্টিৰ তুলনাত গুৱাহাটীত ভোটদানৰ হাৰ অধিক হ’ব বুলি বহুতে আশা কৰিছিল৷ আজিৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগে ৰাজ্যত অনুষ্ঠিত তিনিটা পৰ্যায়ৰ নিৰ্বাচনো শেষ হয়৷ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পাছতে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাংসদ গৌৰব গগৈয়ে গুৱাহাটীত মীৰা বৰঠাকুৰ আৰু ধুবুৰীত ৰকিবুল হুছেইনৰ সমৰ্থনত মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰতিপক্ষক আতংকিত কৰি তোলে৷ ইয়াৰ বিপৰীতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ‘মিঞা’ ভোটাৰৰ বিৰুদ্ধে যুদ্ধংদেহী মনোভাব গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা তথা তেওঁৰ মন্ত্ৰীসভাৰ একাংশ মন্ত্ৰী আৰু বিজেপিৰ নেতাসকলে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ‘মিঞা’ ভোটাৰৰ তুষ্টিকৰণৰ অভিযানত নামি পৰে৷ ভোটৰ স্বাৰ্থত বিজেপি দলৰ ‘মিঞা’ তুষ্টিকৰণৰ ৰাজনীতিয়ে দলৰ বাহিৰে ভিতৰে তীব্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ প্ৰতিকূল বতৰৰ পিছতো তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত দেশৰ ভিতৰতে অসমত সৰ্বাধিক ভোটদান হোৱা বিষয়টো ৰাষ্ট্ৰীয় স্তৰত চৰ্চাৰ বিষয় হৈ পৰিছে৷ মঙলবাৰে ৰাজ্যত ভোটদানৰ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত আৰম্ভ হৈছে অংকৰ ৰাজনীতি৷ কোনে ক’ত কিমান ভোট লাভ কৰিব সেই অংক মিলোৱাত ব্যস্ত হৈ পৰিছে ৰাজনৈতিকদলসমূহ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত সমগ্ৰ দেশতে ৬৩ শতাংশ ভোটদান হোৱাৰ বিপৰীতে অসমত নিশা বাতৰি লিখা পৰলৈ ৭৭ শতাংশ আৰু মহাৰাষ্ট্ৰত ৫৬.৩৭ শতাংশ ভোটদান হয়৷ সেই অনুসৰি ৰাষ্ট্ৰীয় হাৰৰ তুলনাত অসমত সৰ্বাধিক আৰু মহাৰাষ্ট্ৰত সৰ্বনিম্ন ভোটদান হয়৷