Logo
image

কামাখ্যাত কুমাৰী পূজা দিলেহি শিল্পা শেট্টীয়ে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৮ মে’: শক্তিপীঠ মা কামাখ্যা দেৱালয়ত আশীষ ল’লে বলিউডৰ মোহময়ী অভিনেত্ৰী শিল্পা শেট্টীয়ে৷ মাতৃ, ভগ্নী আৰু পৰিয়ালৰ আন আন সদ্যসৰ সৈতে মঙলবাৰে গুৱাহাটীত উপস্থিত হৈ নীলাচল পাহাৰস্থিত কামাখ্যা দেৱালয় দৰ্শন কৰে অভিনেত্ৰীগৰাকীয়ে৷ শিল্পা শেট্টীয়ে কামাখ্যা মন্দিৰত কুমাৰী পূজাৰ লগতে দেৱী মাৰ পূজা আৰু হৱন যজ্ঞ সম্পন্ন কৰে৷ নিজ হাতেৰে এই পূজাও আগৱঢ়াই অভিনেত্ৰীগৰাকীয়ে৷ শক্তিপাঠত উপস্থিত হোৱা বলিউডৰ অভিনেত্ৰী গৰাকীক কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ ফালৰ পৰা আদৰণি জনোৱাৰ লগতে শক্তিপাঠৰ স্মাৰক উপহাৰ দিয়ে৷ মঙলবাৰে প্ৰায় ৩-৪ ঘণ্টা ধৰি পৰিয়ালৰ সৈতে কামাখ্যাতে কটাই শিল্পা শেট্টীয়ে৷ তদুপৰি মন্দিৰত ফটোও উঠাৰ লগতে কামাখ্যাৰ ভোগো গ্ৰহণ কৰে৷ অৱশ্যে কামাখ্যা ধামত দুই এজন অনুৰাগীৰ সৈতেও চেলফি উঠা দেখা গ’ল শিল্পা শেট্টীক৷

লক্ষণীয়ভাৱে দিন চেৰেক পূৰ্বে এনফ’চমেণ্ট ডাইৰেক্টৰেটে শিল্পা শেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ ৯৮ কোটি টকা ক্ৰিপ্ট সম্পত্তি বাজেয়াপ্ত কৰিছিল৷ প’ৰ্ণ ছবি নিৰ্মাণ কৰা গোচৰত পূৰ্বে ৰাজ কুন্দ্ৰা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰো হৈছিল৷ পৰিয়াল তথা স্বামীৰ এনে বিভিন্ন বিপদৰ মাজতে শিল্পা শেট্টীয়ে মা- কামাখ্যাৰ আশীষ লোৱাক লৈ বলিউডতো ব্যাপক চৰ্চা লাভ কৰিছে৷ উল্লেখ্য মঙলবাৰে পুৱাই বিশেষ বিমান যোগে শিল্পা শেট্টীয়ে মাতৃ সুনন্দ্ৰা শেট্টীৰ সৈতে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃজাতিক বিমান বন্দৰত উপস্থিত হয়৷ বিমান বন্দৰৰ পৰা পোনে পোনে মহানগৰীৰ এখন পঞ্চতাৰকা হোটেললৈ ৰাওনা হৈ কিছু সময় হোটেলত কটোৱাৰ পাছতেই শক্তিপাঠ কামাখ্যা ধামাত পৰিয়ালৰ সদস্যসহ উপস্থিত হয় শিল্পা শেট্টী৷ ইয়াৰ পাছতেই বৈদিক পৰম্পৰাৰে অভিনেত্ৰীগৰাকীয়ে মা কামাখ্যাক পূজা কৰাৰ লগতে হৱন যজ্ঞ আৰু এগৰাকী কুমাৰীৰ পূজাও সম্পন্ন কৰে৷ অৱশ্যে কামাখ্যা দৰ্শনৰ সময়ত শিল্পা শেট্টীৰ সৈতে অহা নাছিল স্বামী ৰাজ কুন্দ্ৰা৷