Logo
image

তেজ পৰিষ্কাৰৰ বাবে জিলমিল শাক খাওক

জিলমিল শাকত থকা বিভিন্ন উপকাৰী গুণৰ বাবে ইয়াক ছুপাৰ ফুড বুলিও কোৱা হয়৷ এইবিধ শাকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে দেহৰ শক্তি বঢ়ায়৷ জিলমিল শাকত প্ৰচুৰ পৰিমাণে ফাইবাৰ, ভিটামিন, কেলছিয়াম, মেগনেছিয়াম থাকে৷ যিসকলে ডায়েটিং কৰে তেওঁলোকৰ বাবে জিলমিল শাক অতি উপকাৰী৷ পুষ্টি বিশেষজ্ঞ অৱনী কৌলে জিলমিল শাক কি কাৰণত খাব লাগে সেই বিষয়ে পৰামৰ্শ আগবঢ়াইছে–
(১) বদহজমৰ সমস্যা থাকিলে জিলমিল শাক খাব পাৰে৷ এইবিধ শাকত প্ৰচুৰ পৰিমাণে পানী থাকে৷ ই খাদ্য হজম হোৱাত সহায় কৰাৰ লগতে কোষ্ঠকাঠিন্যৰ সমস্যা আঁতৰায়৷
(২) জিলমিল শাকত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে৷ কিন্তু ইয়াত কেল’ৰিৰ পৰিমাণ কম৷ এইবিধ শাক খালে বাৰে বাৰে ভোক লগাৰ সমস্যা নাইকিয়া হয়৷ ওজন কমোৱাৰ ক্ষেত্ৰতো জিলমিল শাকে সহায় কৰে৷
(৩) তেজ পৰিষ্কাৰ কৰাতো জিলমিল শাক কাৰ্যকৰী৷
(৪) জিলমিল শাকত থকা এমিন’এছিড আৰু মাইক্ৰ’নিউট্ৰিয়েণ্ট নামৰ উপাদানে ডায়েবেটিছৰ লগতে বিভিন্ন শাৰীৰিক সমস্যা নিৰাময় কৰে৷