Logo
image

বৰাকত পুনৰ ছোৱাইন ফ্লুত শিশুৰ মৃত্যু

‘আমাৰ অসম’ৰ শিলচৰৰ প্ৰতিনিধি, ৯ মে’ : ছোৱাইন ফ্লুত বৰাক উপত্যকাৰ আৰু এটি শিশুৰ মৃত্যু ঘটিল৷ ফলত বৰাক উপত্যকাত ছোৱাইন ফ্লুত মৃতৰ সংখ্যা দুজনলৈ বৃদ্ধি পালে৷ মৃত দুয়োটিয়েই শিশু৷ মঙলবাৰে শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন এটি শিশুৰ ছোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যু হয়৷ মেডিকেল কলেজ হাস্পতালৰ সামাজিক আৰু প্ৰতিৰোধমূলক চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ অজিত দে’য়ে জনোৱা মতে, শিলচৰৰ চহৰৰ উত্তৰ কৃষ্ণপুৰৰ বাসিন্দা এই চাৰিমহীয়া কেঁচুৱাটো ১২ এপ্ৰিলত নিউমোনিয়া ৰোগত আক্ৰান্ত হোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷ পিছত দেখা গ’ল যে শিশুটি ছোৱাইন ফ্লুত আক্ৰান্ত৷ মঙলবাৰে শিশুটিৰ মৃত্যু হয়৷ সম্প্ৰতি ছোৱাইন ফ্লুত আক্ৰান্ত দুটি শিশু চিকিৎসাধীন হৈ আছে৷ এটি উত্তৰ কৃষ্ণপুৰৰ, আনটি শিলচৰ দুধপাটিল অঞ্চলৰ৷ উল্লেখযোগ্য যে ৪ মে’ত হাইলাকান্দি জিলাৰ লালা ছৈয়দপুৰ গাঁৱৰ এগৰাকী কন্যা শিশুৰ মৃত্যু হৈছিল৷ ইফালে ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত কাছাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ আশুতোষ বৰ্মনে কয়– ছোৱাইন ফ্লু হ’লে আতংকিত হোৱাৰ কোনো কাৰণ নাই৷ অৱশ্যে শিশুৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে৷ আন যিসকলৰ শৰীৰত ছোৱাইন ফ্লুৰ লক্ষণে দেখা দিয়ে, তেওঁলোকেও পলম নকৰি চিকিৎসালয়লৈ গৈ পৰীক্ষা কৰাব লাগে৷ ইতিমধ্যে বিভাগটোৱে বিভিন্ন সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে৷ ছোৱাইন ফ্লুৰ উপস্থিতি ধৰা পৰাৰ বাবে পশুপালন বিভাগক গাহৰি পাম আৰু গাহৰি পালন কৰা অন্যান্য অঞ্চলত বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা হৈছে৷ কিন্তু এতিয়ালৈকে আক্ৰান্তসকলৰ কোনো এজনো গাহৰিৰ সংস্পৰ্শলৈ অহাৰ খবৰ পোৱা নাই৷

শিশুৱে মাস্ক পৰিধান কৰিব লাগে : বিশেষজ্ঞ চিকিৎসক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক : সমগ্ৰ বৰাক উপত্যকাত এতিয়া ছোৱাইন ফ্লুক লৈ আতংকৰ সৃষ্টি হৈছে৷ চলিত সপ্তাহত হাইলাকান্দি আৰু কাছাৰৰ দুটি শিশুৰ মৃত্যু হোৱাৰ পাছতেই ৰাইজ অধিক উদ্বিগ্ন হৈ পৰিছে৷ বিশেষকৈ শিশুসকল ছোৱাইন ফ্লুত সংক্ৰমণ হোৱাক লৈ অভিভাৱক সকলকো চিন্তিত কৰি তুলিছে৷ অভিভাৱকসকলৰ উদ্বিগ্নতাৰ মাজতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ শিশু বিশেষজ্ঞ ডাঃ দিগন্ত বৰ্মনে ছোৱাইন ফ্লুৰ সংক্ৰমণৰ পৰা শিশুসকল ৰক্ষা পাবলৈ সুৰক্ষা সম্পৰ্কীয় কেইবাটাও পৰামৰ্শ আগবঢ়াইছে৷ দুই বছৰৰ তলৰ শিশু আৰু ৬৫ ঊধবৰ্ৰ লোকক সচেতন হৈ থাকিবলৈ আহ৩ান জনাইছে চিকিৎসকজনে৷ শিশুক সুষম আহাৰ যোগানৰ পৰামৰ্শ প্ৰদানৰ লগতে জ্বৰ, ছৰ্দি হোৱা হোৱাৰ ৰোগীৰ পৰা শিশুক আঁতৰাই  ৰাখিবলৈ আহ৩ান জনাইছে৷ তদুপৰি ৬৫ ঊধবৰ্ৰ ব্যক্তি সকলকো বিনা কাৰণত ঘৰৰ বাহিৰলৈ নাযাবলৈ আহ্বান জনোৱাৰ লগতে ক’ভিডৰ সময়ত যিদৰে ৰাইজে মাস্ক পৰিধান কৰিছিল, ঠিক তেনেদৰেই মাস্ক পৰিধান কৰি সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে৷ চিকিৎসক বৰ্মনে এই সন্দৰ্ভত কয়– ‘ছোৱাইন ফ্লুৰ সংক্ৰমিত ৰোগ৷ ছোৱাইন ফ্লু এক প্ৰকাৰৰ ইনফ্লুৱেঞ্জা৷ প্ৰতিবছৰে ১০০জনৰ ভিতৰত ২০জনৰ দেহত ধৰা পৰে৷  সেয়েহে এই ৰোগক লৈ আতংকিত হ’ব নালাগে৷ ছোৱাইন ফ্লুত আক্ৰান্ত ৰোগীৰ বাবে সকলো ব্যৱস্থা কৰি ৰখা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত৷’ ইফালে ছোৱাইন ফ্লুক লৈ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই বুলি জানিবলৈ দিছে শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ভাস্কৰ গুপ্তাই৷ এই সন্দৰ্ভত চিকিৎসকজনে কয় যে– ‘সতৰ্কতা অৱলম্বন কৰিলেই এই ৰোগৰ পৰা ৰক্ষা পোৱা যায়৷ এই সময়চোৱাত মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে সামজিক দূৰত্ব বজায় ৰাখিলে এই ৰোগৰ পৰা হাত সাৰিব পৰা যায়৷ ক’ভিডৰ সময়ত গ্ৰহণ কৰা সজাগতা সমূহেই এতিয়াও গ্ৰহণ কৰক৷’ উল্লেখ্য, ছোৱাইন ফ্লু  গাহৰিৰ পৰা সংক্ৰমিত এবিধ ৰোগ৷  ছোৱাইন ফ্লু  মূলতঃ ভাইৰাছৰ পৰা সৃষ্টি হোৱা এবিধ শ্বাস-প্ৰশ্বাসজনিত ৰোগ৷ ইয়াৰ মূল কাৰণ হ’ল ইনফ্লুৱেঞ্জা ভাইৰাছ-এ৷ এই ৰোগত আক্ৰান্ত ৰোগীৰ হাঁচি, পানীলগা, কাহ, শ্বাস-প্ৰশ্বাসত কষ্ট, নিউমিনীয়া আদি লক্ষণে দেখা দিয়ে৷ শিশুসকল এইৰোগত অতি সোনকালে আক্ৰান্ত হোৱা দেখা যায়৷