Logo
image

বিশ্বজুৰি প্ৰত্যাহাৰ হ’ল ক’ভিশ্বিল্ড

নতুন দিল্লী ,৯ মে’ : কৰ’নাৰ সময়ত অতিমাৰীবিধৰ পৰা ৰক্ষা পোৱাৰ বাবে সকলোৱে ভৰসা কৰিছিল ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন নামৰ ভেক্‌চিনৰ ওপৰত৷ অৱশেষত সেই দুবিধ ভেক্‌চিনৰ ক’ভিশ্বিল্ড সমগ্ৰ বিশ্বৰ বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে৷ কেইদিনমান পূৰ্বে কৰ’নাৰ এই ভেক্‌চিনবিধৰ পাশ্বৰ্ক্ৰিয়া থকা বুলি কৰা ঘোষণাৰ পাছত ক’ভিশ্বিল্ডৰ প্ৰস্তুতকৰ্তা এষ্ট্ৰোজেনেকা নামৰ কোম্পানীটোৱে এই ভেক্‌চিনবিধ সমগ্ৰ বিশ্বৰ বজাৰ পৰা প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিছে৷ স্বাভাৱিকতে এষ্ট্ৰোজেনেকাই আচম্বিতে কৰা এই ঘোষণাক কেন্দ্ৰ কৰি বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ আলোড়ন৷ উল্লেখ্য, ক’ভিশ্বিল্ড নামৰ ভেক্‌চিনবিধ ব্ৰিটেইনৰ ঔষধ প্ৰস্তুতকাৰী সংস্থা এষ্ট্ৰোজেনেকা আৰু অক্সফোৰ্ড বিশ্ববিদ্যালয়ে যৌথভাৱে প্ৰস্তুত কৰিছিল৷ ভাৰতত এই প্ৰতিষেধকবিধ উৎপাদন কৰিছিল পুনেৰ চিৰাম ইনষ্টিটিউটে৷ কোম্পানীটোৱে এই সন্দৰ্ভত এক বিবৃতিযোগে কয় যে সম্প্ৰতি যিহেতু ক’ভিড-১৯১ একাধিক বিকল্প ভেক্‌চিন প্ৰস্তুত কৰা হৈছে, এনেক্ষেত্ৰত এই মুহূৰ্তত বজাৰত ক’ভিশ্বিল্ডৰ চাহিদা নোহোৱা হৈছে৷ ফলত বাণিজ্যিক কাৰণতে ক’ভিশ্বিল্ড নামৰ ভেক্‌চিনবিধ বজাৰৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ইপিনে, ইউৰোপিয়ান ইউনিয়নে এই ভেক্‌চিনবিধ ইতিমধ্যেই প্ৰত্যাহাৰ কৰা বুলি বিবৃতিটোত উল্লেখ কৰে এষ্ট্ৰোজেনেকা নামৰ ঔষধ কোম্পানীটোৱে৷ এতিয়াৰে পৰা ক’ভিশ্বিল্ড নামৰ ভেক্‌চিনবিধ নতুনকৈ উৎপাদন আৰু ব্যৱহাৰ কৰা নহ’ব বুলিও কোম্পানীটোৱে স্পষ্ট কৰি দিছে৷ সেই অনুসৰি ভাৰতকে ধৰি বিশ্বৰ কোনো দেশতে এতিয়াৰে পৰা আৰু ক’ভিশ্বিল্ড নামৰ ভেক্‌চিনবিধ উপলব্ধ আৰু ব্যৱহাৰ নহ’ব৷ ইপিনে, এষ্ট্ৰোজেনেকাৰ তৰফৰ পৰা বজাৰত ক’ভিশ্বিল্ডৰ চাহিদা নোহোৱা হোৱা বাবে ভেক্‌চিনবিধ প্ৰত্যাহাৰ কৰা বুলি দাবী কৰিলেও ঔষধ কোম্পানীটোৰ এই দাবীক কোনো পক্ষই সহজভাৱে ল’ব পৰা নাই৷ কিয়নো, বিখ্যাত এই ব্ৰিটিছ ঔষধ কোম্পানীটোৰ বিৰুদ্ধে সম্প্ৰতি ১০০ মিলিয়ন পাউণ্ডৰ এটা মোকৰ্দমান চলি আছে৷ যিটো মোকৰ্দমাত ক’ভিশ্বিল্ড ভেক্‌চিন লোৱাৰ পাছতে একাধিক লোকৰ মৃত্যু হোৱা আৰু অসুস্থ হোৱা বুলি কোৱা হৈছে৷ তদুপৰি এষ্ট্ৰোজেনেকাই ক’ভিশ্বিলডৰ পাশ্বৰ্ক্ৰিয়া থকা বুলি আদালতত স্বীকাৰ কৰিছে৷ কোম্পানীটোৱে জনোৱা মতে এই ভেক্‌চিনবিধৰ বাবে থ্ৰম্বোচাইটোপেনিয়া ছিনড্ৰ’ম বা টি টি এছ নামৰ বিৰল ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ এই ৰোগত আক্ৰান্ত হ’লে দেহত তেজ গোট খায়৷ এনে পাশ্বৰ্ক্ৰিয়াৰ ফলত আক্ৰান্তজনৰ হাৰ্ট এটেক হ’ব পাৰে৷ আনকি মৃত্যুপৰ্যন্ত হ’ব পাৰে৷ কোম্পানীটোৱে কৰা এই ভাষ্যৰ পাছতে ক’ভিশ্বিল্ডক লৈ বিশ্বজুৰি আতংকৰ সৃষ্টি হয়৷ ইয়াৰ মাজতে ঔষধ প্ৰস্তুতকাৰী সংস্থাটোৱে বিশ্বৰ বজাৰৰ পৰা ক’ভিশ্বিল্ড ভেক্‌চিন প্ৰত্যাহাৰ কৰা বুলি কৰা ঘোষণাত ভেক্‌চিনবিধৰ পাশ্বৰ্ক্ৰিয়াক লৈ সৃষ্টি অধিক আতংকই পুনৰ গা কৰি উঠিছে৷