Logo
image

গৰমত পেট ঠাণ্ডা ৰাখিবলৈ এনেধৰণৰ খাদ্য খাওক

 গৰম মানেই এক অস্বস্তিকৰ পৰিৱেশ৷ গৰমত পেট ঠাণ্ডা কৰি ৰখা  কামটো বৰ সহজ নহয়৷ কিছুমান সতেজ ফল খাই শৰীৰ ঠাণ্ডা ৰাখিব পাৰি৷ পুৱা শুই উঠি খালী পেটতেপাতল আহাৰ গ্ৰহণ কৰিব লাগে৷ পুৱা পেট ভৰাই খাদ্য গ্ৰহণ কৰা উচিত নহয়৷ দিনৰ প্ৰথম আহাৰ খোৱাৰ পূৰ্বে  কিছু স্বাস্থ্যকৰ খাদ্য খোৱা উচিত৷ 

# নেমুৰস মিশ্ৰিত কুহুমীয়া পানী : পুৱা খালী পেটতে ঠাণ্ডা পানী খোৱাৰ পৰিৱৰ্তে কুহুমীয়া পানীত নেমুৰ মিলাই খালে দিনটোৰ বাবে  সতেজ অনুভৱ হোৱাৰ উপৰি ওজন হ্ৰাস কৰাত ই সহায় কৰে৷ এনে কুহুমীয়া পানীত মৌৰস মিহলাই দিব পাৰে৷ মৌত থকা পুষ্টিকৰ উপাদানে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ 

# তৰমুজ : পুৱা তৰমুজ খালেও শৰীৰে বহু পুষ্টি পায়৷ তৰমুজত কেলৰিৰ পৰিমাণ কম কিন্তু ইলেক্টªলাইটছৰ পৰিমাণ বেছি৷ প্ৰতিদিনে  দুইপ্লেটমান তৰমুজ খালে শৰীৰত ভিটামিন ‘এ’, ভিটামিন ‘চি’ৰ অভাৱ পূৰণ হয়৷ এজমাজনিত ৰোগৰ বাবেও তৰমুজ উপকাৰী৷ তৰমুজত  বিশেষধৰণৰ ধৰণৰ এক এচিড আছে, তৰমুজ খালে এচিডিৰ সমস্যাৰ পৰা মুক্তি পায়৷

# ডাবৰ পানী : ডাবৰ পানীত আছে প্ৰচুৰ পৰিমাণে পুষ্টি৷ যি শৰীৰৰ পানীৰ অভাৱ দূৰ কৰে৷ লগতে শৰীৰটো ঠাণ্ডা কৰি ৰাখে৷ ডাবত আছে যথেষ্ট পৰিমাণে ফাইবাৰ যি হজম শক্তি বৃদ্ধি কৰে৷

# অমিতা : প্ৰতিদিনে খালী পেটতে পকা অমিতা খালে বহু ভাল ফল পাব পাৰি৷ পকা অমিতাই কলেষ্ট’ৰেলৰ প্ৰভাৱ হ্ৰাস কৰে, ওজন কমায় আৰু ছাল মসৃণ কৰি ৰখাত সহায় কৰে৷

# খেজুৰ : দিনটোৰ আৰম্ভণিতে খেজুৰ খালে স্বাস্থ্যৰ বাবে খুব উপকাৰী৷ খেজুৰত থাকে প্ৰচুৰ পৰিমাণে আঁহ৷ যি হজম প্ৰক্ৰিয়াত সহায় কৰে৷ কোষ্ঠাকাঠিন্য, পেটৰ সমস্যা দূৰ কৰাত খেজুৰে সহায় কৰে৷ তদুপৰি খেজুৰ খালে হূদপিণ্ডৰ কৰ্মক্ষমতা বৃদ্ধি পায়৷ তেজৰ সঞ্চালন স্বাভাৱিক হৈ থাকে৷ অন্যহাতে শৰীৰৰ প্ৰয়োজনীয় শৰ্কৰাৰ ঘাটি পূৰণ কৰাত খেজুৰে সহায় কৰে৷ খেজুৰত আছে প্ৰচুৰ পৰিমাণে কেলছিয়াম যি হাড় মজবুত কৰি ৰখাত সহায় কৰে৷ খেজুৰ খালে ছডিয়াম পটাছিয়ামৰ সমতা অটুট থাকে৷ 

# ভজা কাঠবাদাম : কাঠবাদাম ভিটামিন আৰু খনিজেৰে পৰিপূৰ্ণ৷  পুৱাতেই প্ত-১০ টামান কাঠবাদাম খালে শৰীৰৰ পুষ্টি অটুট থাকে৷ কাঠবাদাম পানীত তিয়াই ৰাখি বাকলি গুচাই খালে সহজেই পুষ্টি পোৱা যায়৷