Logo
image

আজমল জিকিলে সভাপতিৰ দায়িত্ব এৰিব ভূপেন বৰাই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ মে’: ধুবুৰীত বদৰুদ্দিন আজমল যদি জিকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিম বুলি পুনৰ ঘোষণা কৰে ভূপেন বৰাই৷ বুধবাৰে তেওঁ সংবাদ মাধ্যমৰ আগত কয়– পূৰ্বে মই কৈছিলোঁ আজমলৰ সৈতে মিত্ৰতা কৰিলে মই কংগ্ৰেছ নকৰোঁ বুলি৷ ৰকিবুল হুছেইনক ধুবুৰীত প্ৰাৰ্থিত্ব দিয়াত বহুতে মোক কৈছিল দলে ভুল সিদ্ধান্ত লৈছে৷ মই কৈছিলোঁ দলে ভুল সিদ্ধান্ত লোৱা নাই৷ ধুবুৰীত যদি আজমল জিকে মই কংগ্ৰেছৰ সভাপতি পদত নাথাকোঁ৷ এতিয়া নিৰ্বাচনৰ পাছতো এই স্থিতিত মই অটল আছোঁ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই যি পায় কৈ থাকে৷ কথা ৰাখিব নোৱাৰে৷ মই কোৱা কথা ৰাখিম৷ কিন্তু মুখ্যমন্ত্ৰী শৰ্মাৰ যদি সাহস আছে যোৰহাটত হাৰিলে মুখ্যমন্ত্ৰী পদত নাথাকোঁ বুলি কওঁক৷ তেওঁ আৰু কয়– নিৰ্বাচনৰ সময়ত আমি বহু কথা ক’লোঁ৷ হিচাপ-নিকাচ কৰা নাই৷ দলীয় কৰ্মীৰ সৈতে এতিয়াও নিৰ্বাচন সন্দৰ্ভত পৰ্যালোচনা কৰা নাই৷ কিন্তু মই এষাৰ কথা কৈছোঁ যে আমাৰ আসনো বাঢ়িব আৰু ভোটৰ শতাংশও বাঢ়িব৷ মোৰ আটাইতকৈ ডাঙৰ সফলতা হৈছে এই নিৰ্বাচনত মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে ৰাইজৰ মগজু নিয়ন্ত্ৰণ কৰিবলৈ যি মনস্তাত্বিক যুঁজ কৰিছিল সেই যুদ্ধত মুখ্যমন্ত্ৰীক পৰাস্ত কৰিছোঁ৷ লোকসভাত তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছত নতুন দিল্লীত সাংবাদিকৰে হোৱা বাৰ্তালাপত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে অসমৰ ৰাইজে কংগ্ৰেছক পুনৰ আকোৱালি লৈছে আৰু তাৰ বাবে সমগ্ৰ অসমবাসীৰ ওচৰত আমি কৃতজ্ঞ৷ বিৰোধী ঐক্য মঞ্চৰ সহযোগী দল বিশেষকৈ আঞ্চলিক ৰাজনীতিৰ লগত জড়িত ৰাইজৰ দল, অসম জাতীয় পৰিষদ, পূৰ্বাঞ্চলীয় লোক পৰিষদৰ সহযোগত কংগ্ৰেছে অসমত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হঅব৷ সাংবাদিকেৰ হোৱা বাৰ্তালাপত কংগ্ৰেছ নেতাজনে কয় যে কংগ্ৰেছৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এক মনস্তাত্বিক যুঁজ আৰম্ভ কৰিছিল আৰু কংগ্ৰেছক দুৰ্বল কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ মন্তব্যৰে অসমৰ ৰাইজক বিভ্ৰান্ত কৰাৰ অপচেষ্টা চলাইছিল৷ কিন্তু কংগ্ৰেছৰ নিষ্ঠাৱান নেতা-কৰ্মীয়ে হিমন্ত বিশ্ব শৰ্মাৰ এই ষড়যন্ত্ৰ ধূলিসাৎ কৰি দিয়ে৷ কংগ্ৰেছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে চলোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতা-কৰ্মীয়ে সঠিক প্ৰত্যুত্তৰ দি লোকসভা নিৰ্বাচনত ভাল ফলাফল দেখুৱাবৰ বাবে আপ্ৰাণ চেষ্টা চলায়৷ ফলাফলত ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব বুলিও বৰাই প্ৰকাশ কৰে৷ ১৪টা লোকসভা সমষ্টিতে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীয়ে আত্মপ্ৰত্যয়ৰে যুঁজ দিছে আৰু ফলাফল আশানুৰূপ বুলিও তেওঁ উল্লেখ কৰে৷ ইফালে, ৰাজীৱ ভৱনত আজি এক সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই অসমৰ সংবাদ মাধ্যমৰ লগতে সকলো ৰাইজক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰতি দেখুওৱা মৰমৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ অসমৰ ৰাইজে মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু মন্ত্ৰী-বিধায়কে ছিণ্ডিকেটৰ যোগেদি গঢ়ি তোলা বিশাল সা-সম্পত্তিৰ বিৰুদ্ধে ভোট দিয়া বুলিও তেওঁ উল্লেখ কৰে৷ ৰাজীৱ ভৱনত আয়োজন কৰা সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয়– আমি দিল্লী আৰু দিছপুৰৰ চৰকাৰৰ প্ৰতিষ্ঠানবিৰোধী ঢৌৰ কথা কৈ আছিলোঁ৷ বিশেষকৈ মূল্যবৃদ্ধি, মানুহৰ ওপৰত জোৰ-জবৰ্দস্তি ভেক্‌চিন দিয়া, চেকগেট-ছিণ্ডিকেটৰ জৰিয়তে চলোৱা লুণ্ঠনৰ বিৰুদ্ধে মানুহৰ মনত পঞ্জীভূত হোৱা ক্ষোভ ইভিএমৰ জৰিয়তে প্ৰকাশ কৰিছে৷ লোকসভা নিৰ্বাচনত অসমৰ জনগণৰ ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটিছে৷ দিল্লীৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু দিছপুৰৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ভোট দিবলৈ ওলাই আহিছে৷ গণতন্ত্ৰক সুৰক্ষা দিবলৈ, সংবিধানক সুৰক্ষা দিবলৈ সৰ্বস্তৰৰ মানুহ ওলাই আহিছে৷ আনহাতে, সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ছঅচিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ টুইটাৰ হেণ্ডল আজি পুৱাৰে পৰা এক দুষ্টচক্ৰই হেক কৰা বুলিও অভিযোগ কৰে৷ বুধবাৰে পুৱাৰে পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অফিচিয়েল টুইটাৰ হেণ্ডল ‘Tesla Event’ নামেৰে দুষ্ট চক্ৰই হেক কৰি অপপ্ৰচাৰ চলাবৰ বাবে ষড়যন্ত্ৰ আৰম্ভ কৰিছিল৷ কিন্তু প্ৰদেশ কংগ্ৰেছৰ আইটি বিভাগৰ তৎপৰতাত হেকাৰৰ নিয়ন্ত্ৰণৰ পৰা টুইটাৰ হেণ্ডেলটো উদ্ধাৰ কৰা হয় যদিও সম্পূৰ্ণৰূপে আয়ত্তলৈ আনিব পৰা নাই৷ এই সন্দৰ্ভত ইতিমধ্যে ভঙাগড় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে৷ কলিতাই এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলিও অভিযোগ কৰে৷ সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিপুল গগৈ আৰু মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা বনশ্ৰী গগৈ উপস্থিত থাকে৷