Logo
image

ই-ৰিক্সা চলাই জীৱন সংগ্ৰাম চলোৱা গংগোত্ৰী যাব কলেজলৈ

'আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে': ফুল কুমলীয়া বয়সতে ঘৰৰ বোজা মূৰ পাতি লোৱা এজনী ছোৱালী। বয়স তাইৰ সোতৰ কি ওঠৰ বছৰ। দৰিদ্ৰতাই গ্ৰাস কৰা ঘৰখন চলাবলৈ তাই চলাব লগীয়া হৈছে ই-ৰিক্সা। নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী মাজপোতনীৰ এই কিশোৰী গৰাকীৰ নাম গংগোত্ৰী হাজৰিকা। 


পিতৃৰ অক্ষমতাৰ বাবে গংগোত্ৰীয়ে দৈনিক ই-ৰিক্সা চলাই উপাৰ্জন কৰে। অৱশ্যে তাৰ মাজতে ছোৱালীজনীয়ে চলাই গৈছিল পঢ়া-শুনা। দৈনিক ঘৰৰ পৰা তিনি কিলোমিটাৰ দূৰৈৰ উৰিয়াগাঁৱৰ শিক্ষানুষ্ঠানলৈ গৈ অধ্যয়ন কৰা ছোৱালীজনীয়ে অন্য সময়ত ই-ৰিক্সা চলাই উপাৰ্জন কৰি ঘৰখন চলায়। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত গংগোত্ৰীৰ সফলতাৰ খবৰে ঘৰখনক পোহৰাই তোলাৰ লগতে তাইৰ গাঁওখনতো আনন্দ লহৰ বৈছে। অৱশ্যে নিজৰ ফলাফলক লৈ মুঠেই সুখী নহয় গংগোত্ৰী। কাৰণ ছাত্ৰীগৰাকীৰ সপোন আছিল এটা ভাল ফলাফল লাভ কৰা।

ঘৰৰ আৰ্থিক অনাটনৰ জোৰা মাৰিবলৈ ব্যস্ত থাকোতে পঢ়াত বেছি সময় দিব নোৱাৰিলে ছাত্ৰীগৰাকীয়ে। উল্লেখ্য, গংগোত্ৰীৰ পিতৃয়ে পৰিয়ালটো পোহপাল দিবলৈ ই-ৰিক্সাখন কিনিছিল। পিছে তেওঁ হঠাত্‍ ৰোগাক্ৰান্ত হোৱাত সেইখন চলাব নোৱাৰা হ'ল। পিতৃ অসুস্থ হৈ পৰাৰ পিছত কন্যা গংগোত্ৰীয়ে বিগত এবছৰ ধৰি চলাই আহিছে ই-ৰিক্সা । আগতে ঘৰৰ ওচৰৰে উৰিয়াগাঁৱত পঢ়া-শুনা কৰা গংগোত্ৰী এতিয়া যাব লাগিব নগাঁও চহৰ বা ননৈত থকা মহাবিদ্যালয়ত পঢ়িবলৈ। কলেজত পঢ়ি থাকিও আগৰ দৰেই আজৰি সময়ত ই-ৰিক্সা চলাই যাব গংগোত্ৰীয়ে। গংগোত্ৰীৰ পৰিয়ালত আছে অসুস্থ পিতৃৰ লগতে মাতৃ আৰু এগৰাকী মহিলা।