Logo
image

কেঁচা আমৰ মেজিক!

এতিয়া গ্ৰীষ্মকাল৷ চাৰিওফালে আমেৰে উপচি পৰাৰ বতৰ৷ সকলো বয়সৰ মানুহেই পকা আম পছন্দ কৰে৷ কিন্তু কেঁচা আমৰ স্বাস্থ্যৰ পক্ষে উপকাৰিতা বহু আছে৷ কেঁচা আমৰ সুগন্ধত দেহ-মন সতেজতাৰে ভৰি পৰে৷ আটাইৰে প্ৰিয় কেঁচা আমত প্ৰটিন, কাৰ্বহাইড্ৰেট, ভিটামিন চি, মিনাৰেল থকাৰ উপৰিও প্ৰচুৰ পৰিমাণে পানী থাকে৷ আম ভাৰতীয় উপমহাদেশীয় ফল৷ আমক  ‘ফলৰ ৰজা’ বুলি কোৱা হয়৷ কেঁচা আমৰ উপকাৰিতাৰ বিষয়ে ভালদৰে জানো আহক–

# গৰম দিনত আমাৰ শৰীৰৰ পৰা বহু পানী ঘাম আকাৰে বাহিৰ হৈ থাকে৷ শৰীৰৰ তৃষ্ণা আৰু পানীৰ ঘাটি পূৰণৰ বাবে সামান্য নিমখ মিহলাই কেঁচা আম খাব লাগে৷ গৰমৰ দিনত বেছিভাগ মানুহৰ পেটত নানান সমস্যাই দেখা দিয়ে৷ ডায়েৰিয়া, বদহজমৰ দৰে বহু সমস্যাৰ বিৰুদ্ধে কাম কৰে কেচাঁ আমে৷ পাচনতন্ত্ৰক পৰিষ্কাৰ কৰাৰ ওপৰিও কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা মুক্তি দিয়ে কেচাঁ আমে৷

# কেচাঁ আমে মানৱ শৰীৰৰ বাবে প্ৰচুৰ পৰিমাণে শক্তিৰ যোগান ধৰে৷ এছিডিটি-গেছট্ৰিক সমস্যাত আজি দিনৰ কম বেছি পৰিমাণে সকলো মানুহেই ভুগে৷ কেচাঁ আম খালে এছিডিটিৰ সমস্যাৰ পৰা মুক্তি পোৱা যায়৷ ঔষধ গ্ৰহণ নকৰাকৈ আপোনাৰ হজম শক্তিত কেঁচা আমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷

# পকা আমতকৈ কেচাঁ আমত চেনি [মিঠা] কমকৈ থাকে বাবে  ই কেলৰি নিয়ন্ত্ৰণত সহায় কৰে৷ দাঁতৰ গুৰিৰ পৰা ৰক্ত ওলোৱাত-প্ৰতিৰোধ হিচাপে কাম কৰে৷ কেচাঁ আমে আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন ‘চি’ৰ যোগান ধৰে৷ এনেমিয়া আৰু দাঁতৰ আলুৰ পৰা তেজ ওলোৱা ৰোধ কৰে এইবিধ ফলে৷ তদুপৰি নিশ্বাসৰ সময়ত দুৰ্গন্ধ আৰু দাঁতৰ ক্ষয় ৰোধ কৰে কেঁচা আমে৷

# সাধাৰণতে গৰ্ভৱতী মহিলাৰ কেঁচা আম খাবলৈ মন যায়৷ কেচাঁ আমে গৰ্ভৱতী মহিলাৰ বমিৰভাৱ নোহোৱা কৰে৷ বিশেষকৈ গৰ্ভৱতী মহিলাৰ মৰ্নিং ছিকনেচ দূৰ কৰাত চমকপ্ৰদভাৱে কাম কৰে কেচাঁ আমে৷ সামান্য নিমখ মিহলাই কেচাঁ আম খালে বমি বমি ভাৱ দূৰ হয়৷

# কেচাঁ আমত আলফা কেৰ’টিন আৰু বিটা কেৰ’টিনৰ দৰে ফ্লেভানয়েড সমৃদ্ধ হৈ থাকে৷ এই সকলো উপাদান দৃষ্টিশক্তি ভালে ৰাখে৷

# সুস্থ ৰাখিবলৈ কেচাঁ আম খাওক৷ লিভাৰৰ ৰোগ নিৰাময়ৰ এটি প্ৰাকৃতিক উপায় হ’ল কেচাঁ আম৷ কেচাঁ আম খোৱাৰ ফলত পিত্তথলিত এছিড আৰু পিত্তৰস বৃদ্ধি পায়৷ ইয়াৰ ফলত যকৃতৰ কাৰ্যক্ষমতা বাঢ়ি যায়৷ পাচনতন্ত্ৰত বেক্টেৰিয়াৰ ইনফেকশ্বন ৰোধ কৰে৷ 

# গ্ৰীষ্মকালত ছালৰ প্ৰধান শক্ৰ হ’ল ঘামচি৷ ঘামচিৰ বিৰুদ্ধে যুদ্ধ কৰাৰ সকলোতকৈ ভাল উপায় হ’ল কেচাঁ আম পান কৰা৷

কেচাঁ আমে শৰীৰৰ কোষক উজ্জীৱিত কৰে আৰু ৰক্তনলীৰ স্থিতিস্থাপকতা বৃদ্ধি কৰাৰ ওপৰিও নতুন ৰক্তকোষ গঠনত সহায় কৰে৷ বিভিন্ন ধৰণৰ ৰক্তৰ সমস্যা যেনে ৰক্তশূন্যতা, ব্লাড কেঞ্চাৰ, ৰক্তক্ষৰণৰ সমস্যাও টিউবাৰকোল’চিচৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে৷

# কেচাঁ আম খালে ঘামৰ মাত্ৰা কমি যায়৷ অতিৰিক্ত ঘামি যোৱাৰ ফলত শৰীৰত ছডিয়াম ক্ল’ৰাইড আৰু আইৰণ কমি যায়৷ এই প্ৰক্ৰিয়াক প্ৰতিৰোধ কৰিবলৈ কেচাঁ আম খোৱাটো জৰুৰী৷

বিশেষ সৰ্তকীকৰণ : কেচাঁ আমৰ ৰস মুখত লাগিলে বা পেটলৈ গ’লে পেটত ইনফেকশ্বন হ’ব পাৰে৷ সেয়ে এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত৷