Logo
image

মুখ্যমন্ত্ৰী নাই, ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি পিছুৱালে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ মে’ : আজি চতুৰ্থ বৰ্ষত ভৰি দিব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে৷ কিন্তু চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তিৰ দিনটোত ৰাজ্যৰ বাহিৰত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ সংসদীয় নিৰ্বাচনীৰ প্ৰচাৰৰ বাবে মুখ্যমন্ত্ৰী শৰ্মা ৰাজ্যৰ বাহিৰত থকা বাবেই অনুষ্ঠিত নহয় চৰকাৰখনৰ তৃতীয় বৰ্ষপূৰ্তি পিছুৱালে যদিও চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে বিশেষ কাৰ্যসূচী হাতত লৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ চৰকাৰখনৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে বৃহস্পতিবাৰে দিনৰ ১১ বজাত মন্ত্ৰী আৱাসত বীৰ নাম অনুষ্ঠিত কৰে মন্ত্ৰী দাসে৷ বীৰ নামত বৰপেটা,বৰনগৰ, বামাখাটা, কলবাৰী, ভবানীপুৰ আৰু হাউলীৰ কেইবাটাও প্ৰসিদ্ধ বীৰনাম দলে নাম পৰিৱেশন কৰে৷ উল্লেখ্য, ২০২১ চনৰ ১০ মে’ত মুখ্যমন্ত্ৰীৰূপে শপত লৈ হিমন্ত বিশ্ব শৰ্মাই ২০২২ আৰু ২০২৩ চনৰ ১০ মে’ত বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰি আহিছে অসম চৰকাৰে৷ এইবেলি দেশত চলি আছে সংসদীয় নিৰ্বাচন৷ মুখ্যমন্ত্ৰী শৰ্মাও দেশৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত৷ সেইবাবে চৰকাৰখনৰ তৃতীয় বৰ্ষপ্ৰতি পিছুওৱা হৈছে৷ উল্লেখ্য, যোৱা বেলিও মন্ত্ৰী ৰঞ্জিত দাসে অনুষ্ঠিত কৰিছিল ‘বীৰনাম’৷