Logo
image

বঙাইগাঁৱত দুৰ্গ সুৰক্ষিত ৰাখিব পাৰিবনে ফনীভূষণ চৌধুৰীয়ে?

'আমাৰ অসম'ৰ বজালীৰ প্ৰতিবেদক, ১০ মে': একেৰাহে বিগত চল্লিশটা বছৰ বঙাইগাঁও সমষ্টিক এটি  সুৰক্ষিত দুৰ্গ হিচাপে চম্ভালি আছিল ফনীভূষণ চৌধুৰীয়ে৷ যিটো সমষ্টিৰ পৰা তেওঁক ৮ বাৰকৈ  নিৰ্বাচন কৰি ৰাইজে বিধায়ক পদত অধিষ্ঠিত কৰিছে ৷ জীৱনৰ অন্তিম সময়লৈ বঙাইগাঁও সমষ্টিতে থকাৰ পৰিকল্পনা আছিল যদিও আশা এতিয়া পূৰণ নহ'ব ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ আৰু অসম গণ পৰিষদ শীৰ্ষ নেতৃত্বই ফনীভূষণ চৌধুৰীক বৰপেটাৰ পৰা এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে ৷

নিজৰ অনিচ্ছা সত্বেও বৰপেটাৰ পৰা প্ৰতিদ্বন্দ্বিতাত নামিল বঙাইগাঁও বিধান সভা সমষ্টিৰ একছত্ৰী সম্ৰাট ফনীভূষণ চৌধুৰী৷ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছতে ফনীভূষণ চৌধুৰীয়ে ঘোষণা কৰিলে উপ-নিৰ্বাচনত নিজৰ সমষ্টি বঙাইগাঁৱত অগপ দলৰ পৰা দলীয় প্ৰাৰ্থীয়ে নিৰ্বাচনত খেলাৰ কথা৷ কিয়নো বৰপেটা লোকসভাৰ পৰা চৌধুৰী বিজয়ী হলে বঙাইগাঁও সমষ্টি খালী হৈ পৰিব আৰু তাত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব ৷ বৰপেটা লোকসভাৰ সমষ্টিৰ পৰা নিজৰ জয় সুনিশ্চিত বুলি  জানিবলৈ দি বিধায়কজনে পাঠশালাত সাংবাদিকৰ আগত এই কথা সদৰী কৰে ৷
 

তেওঁ কয়, "মই জয়ী হোৱাৰ পিছত বঙাইগাঁও বিধানসভা সমষ্টিৰ আসনখন খালী হ'ব আৰু তাত আমাৰ দলে এজন উপযুক্ত প্ৰাৰ্থী থিয় কৰাব৷" তেওঁ মুখ খুলি কোনো কথা নক'লেও নিজৰ সুৰক্ষিত দুৰ্গ সদৃশ বঙাইগাঁও সমষ্টি মিত্ৰজোঁট বিজেপিক কোনোপধ্য যাতে এৰি দিয়া নহয়, সেই কথা স্পষ্টকৈ কয় ৷  সমষ্টিটোক নিজৰ হাতত ৰাখিবলৈ দুয়োটা দলে ভিতৰি ভিতৰি এক যুদ্ধংদেহী মনোভাৱ লোৱা বুলি  চৰ্চা চলিছে ৷ 

আনহাতে বঙাইগাঁৱৰ পৰা ফনীভূষণৰ শিপা উঘালিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চৌধুৰীক লোকসভালৈ পঠাৱাতো এক অন্যতম ষড়যন্ত্ৰ বুলিও চৰ্চা হৈছে ৷ আনহাতে ফলাফল ঘোষণা কৰিবলৈ  প্ৰায় এমাহ বাকী থকা অৱস্থাত সমষ্টিৰ প্ৰাৰ্থীজনে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আনহাতে বঙাইগাঁৱত  নিজৰ পুত্ৰই প্ৰতিদ্বন্দ্বিতা কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত বিধায়কজনে কয়, "মোৰ ল'ৰা সৰু হৈ আছে আৰু সি কেতিয়াও ৰাজনৈতিক পথাৰলৈ নাহে ৷ নিৰ্বাচনৰ পিছত অইন প্ৰাৰ্থী বেংকক আদি ঠাই ফুৰিব যায়, কিন্তু ইয়াৰ বিপৰীতে মই সমষ্টিৰ ৰাইজক যিমান পাৰোঁ মাত লগাম আৰু বিধায়ক হিচাপে যিমান দিনলৈ থাকিম, সিমান দিনলৈ ৰাইজৰ কাম কৰি যাম৷"