Logo
image

পৰম ক্ষমতাশালীৰ চৰম উৎকণ্ঠা

তৃতীয় পৰ্যায়ৰ ভোটদানৰ অন্ত পৰিল৷ এই তিনিটা পৰ্যায়ত ২৮৫খন আসনৰ বাবে নিৰ্বাচন হৈ গ’ল৷ এই ২৮৫খন আসনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভাগ্য ইতিমধ্যে ই ভি এমত বন্দী হৈছে৷ কিন্তু লগতে হয়তো ৰাজনৈতিক দলসমূহৰ ভাগ্যও কম-বেছি পৰিমাণে ইতিমধ্যে নিৰ্ণয় হৈছে৷ হয়তো পৰৱৰ্তী চৰকাৰ কাৰ হ’ব তাৰ উত্তৰো ই ভি এমত ইতিমধ্যে বন্ধ হৈছে৷ কিন্তু এতিয়াও চাৰিটা পৰ্যায়ত ২৫৯খন আসনৰ  নিৰ্বাচন হ’বলৈ বাকী আছে, গতিকে প্ৰাৰ্থীসকলৰ লগতে দলবোৰৰ ভাগ্যও এতিয়ালৈ অনিশ্চয়তাত ওলমি আছে৷ এইবাৰৰ নিৰ্বাচনত সামগ্ৰিকভাৱে জনতাৰ মেজাজ স্পষ্ট হৈ উঠা নাই৷ বিজেপিৰ সপক্ষে বা বিপক্ষে অথবা কংগ্ৰেছৰো সপক্ষে বা বিপক্ষে কোনো স্পষ্ট ঢৌ নাই৷ প্ৰায় নিস্পৃহতা প্ৰদৰ্শন কৰা, শান্ত আৰু উত্তেজনাহীন হৈ থকা ভোটাৰে কাক ভোট দিছে জনাটো এইবাৰ ৰাজনৈতিক পণ্ডিতসকলৰ বাবেও সম্ভৱ হোৱা নাই৷
অসমৰ প্ৰেক্ষাপটত অৱশ্যে ১৪খন আসনৰ ৬৫ শতাংশ অৰ্থাৎ ৯খন আসন পালেও সেয়া অসমত বিজেপিৰ বাবে ভাল ফল বুলি পৰিগণিত নহ’ব৷ ৯খনতকৈ কম আসন পালে সেয়া বিজেপিৰ পৰাজয় বুলি গণ্য হ’ব৷ বিজেপিৰ এই উচ্ছ প্ৰত্যাশাৰ কাৰণ হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা আৰু উজনি-নামনিৰ ৰাজনীতি৷ ২০১৯১ সাধাৰণ নিৰ্বাচনত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিয়ে অসমত ৯খন আসন পাইছিল৷ এইবাৰ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ১২খন আসনত জয়লাভৰ দাবী কৰিছে৷ বিজেপিয়ে ১২খন আসন পালে সেয়া অসমত বিজেপিৰ মাত্ৰ বিজয় নহ’ব, লগতে সেয়া হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ৰাজনৈতিক জয়– কংগ্ৰেছৰ বিৰুদ্ধে আৰু তাতোকৈ অধিক সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে৷ এইক্ষেত্ৰত উজনিৰ আসনকেইখনৰ ফলাফলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷ বিজেপিৰ বৃহৎ জয়ে অসমৰ ৰাজনীতিৰ পৰা সৰ্বানন্দ সোণোৱালৰ বিতাৰণ প্ৰায় সম্পূৰ্ণ কৰি তুলিব৷ হিমন্ত বিশ্ব শৰ্মা হৈ পৰিব অসমত বিজেপিৰ অবিসম্বাদী নেতা৷ তেওঁৰ বিশ্বস্ত আৰু অনুগতহে থাকিব, সমকক্ষ আৰু প্ৰতিদ্বন্দ্বী নাথাকিব৷ এই সাধাৰণ নিৰ্বাচনৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব ২০২৬ চনত হ’বলগীয়া বিধানসভা নিৰ্বাচনত৷  
২০২৬ৰ বিধানসভা নিৰ্বাচনত জয়ী হ’বলৈ আৰু অসমত অবিসম্বাদী হৈ থাকি পুনৰ মুখ্যমন্ত্ৰী হ’বলৈ হিমন্ত বিশ্ব শৰ্মাই উজনি জয় কৰিব লাগিব৷ এইবাৰৰ নিৰ্বাচনত বিজেপিৰ দখলত থকা বিধানসভা সমষ্টিবোৰত বিজেপিয়ে লাভ কৰা ভোটৰ সংখ্যা যদি ২০১৯ৰ সংসদীয় নিৰ্বাচন আৰু ২০২১ৰ বিধানসভা নিৰ্বাচনতকৈ কম হয় বা তাতোকৈ আগবাঢ়ি বিৰোধী দলে পোৱা ভোটতকৈও কম হয়, তেনেহ’লে এই সিদ্ধান্ত লোৱা হ’ব যে সোণোৱালৰ শাসনতকৈ ড॰ শৰ্মাৰ শাসন কালত বিজেপিৰ ভোট কমিছে৷ ইয়াৰ পৰিণতিস্বৰূপে প্ৰথমতে জবাবদিহি হ’ব বৰ্তমানৰ বিজেপিৰ বিধায়কসকল আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচনত তেওঁলোকে টিকট পোৱাটো অনিশ্চিত হৈ পৰিব৷ লগতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰতিও প্ৰশ্ন উত্থাপন হ’ব৷ অৰ্থাৎ অসমৰ ১৪খন আসনৰ ৮০ শতাংশ দখল কৰাৰ পাছতো সি আন বহু কাৰণত হিমন্ত বিশ্ব শৰ্মাৰ পৰাজয়ৰূপে পৰিগণিত হ’ব পাৰে৷ তদুপৰি ২০১৯ চনত কংগ্ৰেছে ২খন আসন পাইছিল, এইবাৰ ৩খন আসন পালে সেয়া অসমত কংগ্ৰেছৰ জয়ৰূপে পৰিগণিত হ’ব৷ এয়া গণতান্ত্ৰিক ব্যৱস্থাৰ কালিকা বা আহুকাল৷ 
গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী সভাত কৈছে যে এইবাৰৰ নিৰ্বাচন ৰাহুল গান্ধী আৰু মোদীৰ মাজৰ প্ৰতিদ্বন্দ্বিতা৷ অৰ্থাৎ ৰাহুৰ গান্ধী এতিয়া আৰু আওকাণ কৰিব পৰা ‘পাপ্পু’ নহয়৷ ২০১৪ চনত কংগ্ৰেছৰ সংসদত ৪৪খন আৰু ২০১৯ চনত ৫২খনহে আসন আছিল৷ তাৰ বিপৰীতে বিজেপিৰ ২০১৪ চনত আছিল ২৮২ আৰু ২০১৯ চনত ৩০৩খন আসন৷ এইবাৰ বিজেপিয়ে ৪০০খন আসনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ কিন্তু তাৰ পাছতো প্ৰথম দুটা পৰ্যায়ৰ  নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছতো প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ-পত্ৰত এনে কিছুমান কথা আৱিষ্কাৰ কৰিলে যিবোৰ কংগ্ৰেছৰ প্ৰচাৰ-পত্ৰত নাই৷ মহিলাৰ মংগলসূত্ৰ কাঢ়ি নি মুছলমানক দিয়াৰ পৰা আৰম্ভ কৰি মোদীয়ে কংগ্ৰেছৰ বিৰুদ্ধে এনে কিছুমান অভিযোগ উত্থাপন কৰিলে যিবোৰ বহু পৰিমাণে অদ্ভূত আৰু উদ্ভট৷ সেইবোৰ সম্পূৰ্ণৰূপে মিছা অভিযোগ৷ তাৰ পাছত মোদীয়ে অভিযোগ তুলিলে যে আদানি আৰু অম্বানিয়ে ‘টেম্পো’ গাড়ীৰে মোনাই মোনাই ক’লা টকা কংগ্ৰেছলৈ পঠাইছে৷ নিৰ্বাচনী সভাত এনেধৰণৰ কথা কোৱা মোদীজন নিৰ্বাচনৰ আগতে আৰু আৰম্ভণিতে অতি আত্মবিশ্বাসেৰে গেৰাণ্টী দিয়া মোদীৰ প্ৰায় সম্পূৰ্ণ বিপৰীত৷ 
তিনিটা পৰ্যায়ৰ নিৰ্বাচনৰ পাছত বিজেপিয়ে ‘পাপ্পু’ বুলি সম্পূৰ্ণ আওকাণ কৰা যেন দেখুওৱা ৰাহুল গান্ধী আৰু ইণ্ডিয়া জোঁট বিজেপিৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে নেকি? বিজেপিয়ে সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ পৰা তেওঁলোকৰ ব্ৰেণ্ড এম্বেছাডৰ মোদীয়ে শেহতীয়াকৈ নিৰ্বাচনী প্ৰচাৰত কোৱা কথাবোৰে তাৰেই ইংগিত দিয়া নাই জানো? 
এয়া নিঃসন্দেহে গণতন্ত্ৰৰেই বিজয়৷ গণতন্ত্ৰৰ জীৱনী শক্তি নিৰ্বাচনে পৰম ক্ষমতাশালীজনৰ দুৰ্বলতা উদঙাই দিয়ে, দুৰ্বলজনৰ শক্তি প্ৰকাশ কৰে৷ আৰু সৰ্বশেষত সাধাৰণ নাগৰিকৰ সন্মিলিত শক্তিহে যে গণতন্ত্ৰত সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী তাক পুনৰ প্ৰতিষ্ঠা কৰে৷ এইবাৰো ৪ জুনলৈ ভাৰতৰ সাধাৰণ ভোটাৰে পৰম ক্ষমতাশালীসকলক চৰম উৎকণ্ঠাত ৰাখিব৷