Logo
image

ভাতকেৰেলাই বহু ৰোগত ঔষধৰ কাম কৰে

সম্প্ৰতি বজাৰত বৰ্ষাকালীন পাচলিৰ জুইছাই দাম৷ সাধাৰণতে বৰ্ষকালত পাচলি কমকৈ উপলব্ধ হয়৷ অধিকাংশ পাচলিয়েই বানত বা অতিবৃষ্টিত নষ্ট হৈ গেলি-পচি যায়৷ কিন্তু তাৰ মাজতো এবিধ পাচলি বজাৰত সতেজ অৱস্থাত পোৱা যায়৷ আলুৰ পৰা হোৱা, স্থানীয়ভাৱে উৎপাদন হোৱা আৰু বজাৰত সহজতে পোৱা এই পাচলিবিধ হৈছে ভাতকেৰেলা৷ সাধাৰণতে জিকা, কোমোৰা, ভেণ্ডি, ভোল, তিতা কেৰেলা, লেচেৰা আদি  স্থানীয়ভাৱে উৎপাদিত পাচলিসমূহ অতিবৃষ্টি বা বানপানীত মৰি গেলি-পচি যায় যদিও ভাত কেৰেলাৰ গছ সহজে নমৰে৷ বহুতৰ  বাবে অতি প্ৰিয় এই পাচলিবিধ সিজাই, তৰকাৰী বনাই, ভাজি বা পিটিকা কৰিও খাব পাৰি৷ এই সাধাৰণ ভাতকেৰেলাৰ অসাধাৰণ গুণ জানিলে আপুনি সঁচাকৈয়ে আচৰিত হ’ব৷ ভাত কেৰেলাত প্ৰচুৰ পৰিমাণে ভিটামিন, মিনাৰেল, ফাইবাৰ, কাৰ্ব’হাইড্ৰেট, এণ্টি অক্সিডেণ্ট আদি স্বাস্থ্যপযোগী উপাদান থাকে৷ ভাতকেৰেলাত বিলাহীতকৈও বেছি পৰিমাণে লাইকোডিন থাকে৷ গাজৰতকৈ ২০ গুণ অধিক বিটা কেৰোটিন আৰু কমলাতকৈ ৪০ গুণ অধিক ভিটামিন থাকে৷ বিশেষজ্ঞসকলে সেয়ে ভাতকেৰেলাক ‘ছুপাৰ ফুড’ হিচাপে আখ্যা দিয়ে৷ অতীজতে ইয়াক সৰগীয় ফল বোলা হৈছিল৷ 

# কৰ্কট ৰোগৰ প্ৰতিৰোধক : ভাতকেৰেলাত এনে এক প্ৰয়োজনীয় উপাদান থাকে যে ই কৰ্কট ৰোগ প্ৰতিৰোধত সহায় কৰে৷ বিশেষকৈ কৰ্কটৰ কোষ বিভাজন হ্ৰাস কৰে ভাতকেৰেলাই৷ অৰ্থাৎ সহজ অৰ্থত ক’বলৈ গ’লে কৰ্কট ৰোগ বিয়পাত  বাধা দিয়ে ভাতকেৰেলাই৷ তদুপৰি এইবিধ পাচলিত প্ৰটিন কিছু পৰিমাণে থাকে৷

# এনিমিয়া ৰোধক : ভাতকেৰেলাত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থকাৰ  লগতে আইৰণ, ফলিক এচিদ থাকে৷ ভাত কেৰেলাই এনিমিয়া ৰোধ কৰে৷

# কলেষ্টে’ৰল নিয়ন্ত্ৰণ কৰে : আজি কালি কলেষ্টে’ৰলৰ সমস্যাৰ বিষয়ে প্ৰায়েই শুনা যায়৷ কলেষ্টে’ৰল নিৰাময়ৰ ক্ষেত্ৰত ভাতকেৰেলাই বিশেষভাৱে সহায় কৰে৷ 

# হাৰ্টৰ সমস্যা : ভাতকেৰেলাত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে৷ যি হূদযন্ত্ৰ সুৰক্ষিত কৰি ৰখাত সহায় কৰে৷ বিশেষকৈ সিজাই খোৱা ভাতকেৰেলাই বিশেষভাৱে গুণ দিয়ে৷ 

# মেদবৃদ্ধিত বাধা দিয়ে : ভাতকেৰেলাত ভিটামিন ‘চি’ প্ৰচুৰ পৰিমাণে থাকে৷ শৰীৰৰ অতিৰিক্ত মেদ বৃদ্ধিৰ ক্ষেত্ৰত ভিটামিন ‘চি’য়ে বাধা দিয়ে৷ তেজত ভিটামিন ‘চি’ৰ পৰিমাণ বাঢ়িলে শীঘ্ৰে ফেট গলাই পেলোৱাত সহায় কৰে ভাত কেৰেলাই৷ যাৰ ফলত শৰীৰত অতিৰিক্ত মেদ জমাৰ সম্ভাৱনা নাথাকে৷