Logo
image

অসুস্থ বিৰুবালা ৰাভা আৰু বিদ্যা ৰাওৰ চিকিৎসাৰ দায়িত্ব ল'লে চৰকাৰে

'আমাৰ অসম'ৰ মহানগৰ সংবাদ, ১১ মে': ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে নিৰবচ্ছিন্নভাৱে সংগ্রাম কৰি যোৱা এটি সাহসী সত্বা পদ্মশ্রী ড° বিৰুবালা ৰাভা কৰ্কট ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহবিদ্যালয়ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত বিগত ২০ দিন ধৰি চিকিৎসাধীন হৈ আছে। প্ৰায় ৭০ ৰ ঊৰ্ধ্বৰ বিৰুবালা ৰাভাক ২০২১ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পদ্মশ্রী সন্মানেৰে বিভূষিত কৰিছিল। বিগত সময়চোৱাত 'মিচল বিৰুবালা' নামৰ এটা এনজিঅ'ৰ জৰিয়তে তেওঁ ডাইনী হত্যা, অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে ৰাজ্যৰ অতি ভিতৰুৱা অঞ্চলত কাম কৰি আছিল। 

উল্লেখ্য, বিগত বৰ্ষৰ ৩০ নৱেম্বৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই তেওঁৰ গোৱালপাৰা জিলাৰ এটা ভিতৰুৱা অঞ্চলত থকা বাসগৃহত গৈ স্বাস্থ্যৰ বুজ লৈছিল।  শনিবাৰেও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী ডাঃ ৰণোজ পেগুৱে টেলিফোনযোগে বিশিষ্ট সমাজকর্মী বিৰুৱালা ৰাভাৰ স্বাস্থ্যৰ বুজ লয়। উল্লেখ‍্য, শনিবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে বিৰুবালা ৰাভাৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। 


মন্ত্ৰী পাটোৱাৰীয়ে তেওঁৰ আশু আৰোগ্য কামনা কৰাৰ লগতে চিকিৎসকৰ সৈতে তেওঁৰ  চিকিৎসা সম্পৰ্কে আলোচনা কৰে। লগতে তেওঁ গুৱাহাটী চিকিৎসা মহবিদ্যালয়তে চিকিৎসাধীন হৈ থকা বিশিষ্ট অভিনেত্ৰী বিদ্যা ৰাওৰো স্বাস্থ্যৰ বুজ লয়। বিদ্যা ৰাওৰো আশু আৰোগ্য কামনা কৰে মন্ত্ৰী পাটোৱাৰীয়ে। লগতে দুয়োগৰাকীৰে চিকিৎসাৰ সম্পূৰ্ণ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব বুলি তেওঁ ঘোষণা কৰে।

উল্লেখ‍্য, প্ৰতিধ্বনি, অৰণ্য, মানৱ আৰু দানৱ, ঘৰ সংসাৰ, জীৱন সুৰভি, পূজা, হৃদয়ৰ আঁৰে আঁৰে' আদি অসমীয়া চলচ্চিত্ৰত নিজৰ অভিনয় প্ৰতিভাৰে দৰ্শকৰ হৃদয়ত বিশেষ স্থান দখল কৰা প্ৰবীণ অভিনেত্ৰী বিদ্যা ৰাওৱে বাসগৃহত পিচলি পৰি ভৰিত আঘাত পোৱাৰ বাবে ৩ মে'ৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পলতালত চিকিৎসাধীন হৈ আছে। বিশিষ্ট সমাজকর্মী বিৰুৱালা ৰাভা আৰু প্ৰবীণ অভিনেত্ৰী বিদ্যা ৰাওৰ আশু আৰোগ্য কামনা কৰিছে বিভিন্ন দল-সংগঠনে।