Logo
image

উক্তি-বক্ৰোক্তি

নৰেন্দ্ৰ মোদী নহয়, বিজেপি শাসনলৈ আহিলে দেশৰ প্ৰধানমন্ত্ৰী হ’ব অমিত শ্বাহ৷ ৪ জুনৰ পাছত নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী হৈ নাথাকে৷
– অৰবিন্দ কেজৰিৱাল

ৰাজভৱনত ৰাজ্যপালৰ বিৰুদ্ধে মহিলা কৰ্মচাৰীক অশ্লীল আচৰণ  কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছত মোৰ বাবে আৰু ৰাজভৱনলৈ যোৱাটো সম্ভৱ নহ’ব৷ প্ৰয়োজন হ’লে মই ৰাস্তাতেই ৰাজ্যপালক সাক্ষাৎ কৰিম, কিন্তু ৰাজভৱনলৈ নাযাওঁ৷ যি কেলেংকাৰীৰ বিষয়ে শুনিলোঁ, এতিয়া তেওঁৰ কাষত বহাটোও মহাপাপ৷
– পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

মই ভোট দিবলৈ আহোঁতে হাতৰ চিনটো বিচাৰি পোৱা নাছিলোঁ৷ মানুহে হাতৰ চিনত টিপি টিপি লেতেৰা কৰি দিছিল৷ নগাঁৱত ৰেকৰ্ডসংখ্যক ভোটত জিকিব প্ৰদ্যুৎ বৰদলৈ৷ 
–ৰকিবুল হুছেইন

মমতা বেনাৰ্জী মহিলা মুখ্যমন্ত্ৰী হোৱাৰ পাছতো তেওঁৰ উপস্থিতিতেই ধৰ্মৰ ভিত্তিত পশ্চিমবংগত মহিলাক শোষণ কৰা হৈছে৷ তেওঁৰ দলৰ কৰ্মীয়েই মহিলাক শোষণ কৰিবলৈ লৈছে৷ এয়া লজ্জাজনক৷
– কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ধুবুৰীত আমি হাৰিম৷ পুৱা ৯ বজালৈ ১০টা ভোটো আমি পোৱা নাছিলোঁ৷ ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থী জয়ী হ’ব৷ গুৱাহাটীত আমি জিকিম৷ গুৱাহাটীৰ মানুহে প্ৰাৰ্থী চাই নহয়, পাৰ্টী চাইহে ভোট দিছে৷ 
– মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস

ভাৰতক একনায়কতন্ত্ৰৰ কবলৰ পৰা ৰক্ষা কৰিবই লাগিব৷ আমি সকলোৱে একলগ হৈ দেশক একনায়কতন্ত্ৰৰ কবলৰ পৰা মুক্ত কৰিব লাগিব৷ নহ’লে দেশৰ ভৱিষ্যৎ অন্ধকাৰ৷
– দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

উত্তৰ-পূবৰ ২৫খন আসনৰ ২২খনেই যাব বিজেপিৰ দখললৈ৷ অসমত ১৪খনৰ ১৩খন আসনেই পাব বিজেপিয়ে৷ 
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মই গান্ধী আৰু নেহৰুৰ আদৰ্শক বিশ্বাস কৰোঁ৷ আমি কংগ্ৰেছৰ পৰা  পৃথক নহয়৷ গান্ধীৰ আদৰ্শগত দলক আমি সদায় সমৰ্থন কৰিম৷
– এন চি পি নেতা শাৰদ পাৱাৰ

এইবাৰ কংগ্ৰেছৰ আসনৰ সংখ্যা বাঢ়িব আৰু ভোটৰ হাৰো বাঢ়িব৷ মই আগতেই কৈছিলোঁ, ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থী পৰাজিত হ’লে সভাপতিৰ পদ ত্যাগ কৰিম৷ এতিয়াও নিজৰ কথাত অটল আছোঁ৷ 
– অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

সাহস আছে যদি প্ৰধানমন্ত্ৰীয়ে আদানি-আম্বানিৰ বিৰুদ্ধে চিবিআই, ইডিক লগাওক৷ তেতিয়া সকলো জলজল-পটপট হ’ব৷ বিৰোধীয়ে মাত মাতিলেই প্ৰধানমন্ত্ৰীয়ে ইডি-চিবিআইৰ ভয় দেখুৱায়৷ 
– কংগ্ৰেছ নেতা ৰাহুল গান্ধী 

মোদীয়েই দেশৰ বাবে বোজা৷ লোকসভাত তেওঁ দাবী কৰা চাৰিশ আসন দূৰ অস্ত৷ একক সংখ্যাগৰিষ্ঠতাই নাপাব বিজেপিয়ে৷ 
– চি বি আইৰ প্ৰাক্তন মুৰব্বী এম নাগেশ্বৰ ৰাও

পাঁচ কেজি ৰেচনে এজন মানুহক আত্মনিৰ্ভৰশীল কৰি নোতোলে৷ ইয়াৰ বাবে কৰ্মসংস্থানৰ প্ৰয়োজন৷ মোদী চৰকাৰে পাঁচ কেজি ৰেচনেৰে ভোটাৰক কৰা প্ৰৱঞ্চনা কংগ্ৰেছে নকৰে৷ 
– প্ৰিয়ংকা গান্ধী