Logo
image

ভোট শেষ হোৱাৰ লগে লগে ৰাজ্যত খাদ্য-দ্ৰব্যৰ অস্বাভাৱিক মূল্যবৃদ্ধি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩মে’: নিৰ্বাচন শেষ হোৱা মানেই এতিয়া যেন ব্যৱসায়ী-বণিয়াৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ শূন্য৷ অসমত তিনিটা পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতেই ৰাজ্যত সম্প্ৰতি অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ঔষধকে ধৰি নিত্য ব্যৱহাৰ্য খাদ্য-সামগ্ৰীৰ মূল্য৷ যোগান বিভাগৰ মন্ত্ৰী ৰণজিত দাসে বিজেপি চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তিৰ বীৰ নাম-প্ৰসংগত ব্যস্ত থকাৰ সময়তে বণিক গোষ্ঠীয় ৰাইজৰ মূৰত কঠাল ভাঙি আলু-পিয়াঁজৰ দাম প্ৰতি কেজিত ১০ টকাকৈ বৃদ্ধি কৰিলে৷ আলু-পিয়াঁজেই নহয়, শাক-পাচলিৰ পৰা ব্ৰয়লাৰ মাংসলৈ প্ৰতিবিধ খাদ্য-সামগ্ৰীৰ উপৰি নিৰ্মাণ সামগ্ৰীৰো দাম বৃদ্ধি কৰাত ত্ৰাহি মধুসূদন সোঁৱৰিবলগীয়া হৈছে সৰ্বসাধাৰণ জনতাই৷ ইলেক্টৰেল বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলে মেডিচিন কোম্পানীসমূহৰ পৰা শ শ কোটি টকা চান্দা লোৱাৰ পাছতেই ৮০০ বিধ জীৱনদায়িনী তথা অন্যান্য ঔষধৰ ১০-২০ শতাংশ মূল্যবৃদ্ধি পোৱাত দৰিদ্ৰ তথা মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবে চিকিৎসা একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছে৷ কিন্তু ইয়াৰ পাছতো পুঁজিপতি বণিক গোষ্ঠীৰ পৰা শাসক দল বিজেপিয়ে পুনৰ নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰাত এতিয়া পৰিণাম ভোগ কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে৷ অসমত বিগত সাত মে’ত সম্পন্ন হৈ যোৱা অন্তিম পৰ্যায়ৰ ভোটৰ আগলৈকে বজাৰত খাদ্য-সামগ্ৰীৰ মূল্য প্ৰায় নিয়ন্ত্ৰণত আছিল যদিও ভোটৰ পাছতেই এতিয়া নিত্য ব্যৱহাৰ্য প্ৰতিবিধ খাদ্য-সামগ্ৰীৰে অস্বাভাৱিক মূল্যবৃদ্ধি পাইছে৷ চকুৰ সন্মুখতে মূল্যবৃদ্ধি দেখিও অজ্ঞাত কাৰণত চৰকাৰ–প্ৰশাসনে ৰাইজক সকাহ দিয়াৰ বাবে নিয়ন্ত্ৰণৰ কোনো পদক্ষেপেই গ্ৰহণ কৰা নাই৷ নিৰ্বাচনৰ আগলৈকে প্ৰতিকেজি আগ্ৰাৰ আলু ৩০ টকা আৰু পশ্চিমবংগৰ আলু ২৫ টকাত খুচুৰা বজাৰত বিক্ৰী হৈ আছিল৷ কিন্তু ভোটৰ পাছত ৰাজ্যবাসীয়ে খুচুৰা বজাৰত প্ৰতিকেজি আগ্ৰাৰ আলু ৪০ টকা আৰু প্ৰতিকেজি পশ্চিমবংগৰ আলু ৩০ টকাকৈ ক্ৰয় কৰিবলৈ বাধ্য হৈছে৷ অনুৰূপ ধৰণে নিৰ্বাচনৰ আগত প্ৰতি কেজিত  ১৫০টকাকৈ বিক্ৰী হোৱা নহৰুৰ বিপৰীতে  এতিয়া প্ৰতিকেজিত ৫০টকাকৈ দাম বৃদ্ধি পাই হৈছেগৈ ২০০টকা৷ একেদৰে প্ৰতিকেজি পিয়াঁজৰ দাম পূৰ্বে ৩০ টকাত খুচুৰা বজাৰত বিক্ৰী হৈছিল যদিও দেওবাৰৰ দিনটোত বজাৰত প্ৰতিকেজি পিয়াঁজ ৪০ টকা দামত বিক্ৰী হৈছে৷ একেদৰে গুৱাহাটীৰ বজাৰত দুদিন আগলৈকে প্ৰতিকেজি কটা ব্ৰইলাৰ মাংস ২৫০-২৬০ টকাত বিক্ৰী হৈছিল যদিও এতিয়া প্ৰতিকেজিত ৩০০ টকাৰ পৰা ৩২০ টকা পৰ্যন্ত বিক্ৰী হৈছে৷ অৰ্থাৎ মাত্ৰ দুটা দিনৰ ব্যৱধানত গুৱাহাটী বজাৰত প্ৰতিকেজি ব্ৰইলাৰ মূৰ্গীৰ দাম ৪০-৬০ টকা পৰ্যন্ত বৃদ্ধি পাইছে৷ একেদৰে শাক-পাচলিৰো ভয়ংকৰ হাৰত মূল্যবৃদ্ধি পাইছে৷ নূ্যনতম প্ৰতিকেজি ৬০ টকাৰ তলত কোনো শাক-পাচলিয়েই বজাৰত নাই বুলি ক’লেও ভুল কোৱা নহ’ল৷ ঔষধ আৰু নিত্য ব্যৱহাৰ্য খাদ্য-সামগ্ৰীৰ লগতে নিৰ্মাণ কাৰ্যত ব্যৱহূত হাৰ্ডৱেৰ সামগ্ৰীৰ দামো অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ চিমেণ্ট, ৰদ, শিল, বালি প্ৰতিবিধ সামগ্ৰীৰে মূল্যবৃদ্ধি পাইছে৷ নিৰ্বাচনৰ পাছত চিমেণ্টৰ বেগে প্ৰতি ১০-১৫ টকাকৈ বৃদ্ধি পোৱা বুলি ব্যৱসায়ীয়ে জানিবলৈ দিছে৷ নিৰ্বাচনৰ পূৰ্বে প্ৰতিবেগ ডালমিয়া চিমেণ্ট ৪৫০-৪৬০ টকাত বিক্ৰী হৈছিল যদিও এতিয়া প্ৰতিবেগৰ দাম ৪৭০ টকালৈ বৃদ্ধি পাইছে৷ একেদৰে এচিচি চিমেণ্টৰ প্ৰতিবেগৰ দাম ৪৪০ টকাৰ পৰা ৪৫০ টকালৈ বৃদ্ধি পাইছে৷ নিৰ্বাচনৰ পাছতেই অতি উদ্বেগজনকভাৱে ৰদৰ প্ৰতি কুইণ্টলৰ মূল্য ৭০০ টকাকৈ বৃদ্ধি পাইছে৷ পূৰ্বে প্ৰতিকুইণ্টল ৰদ ৬,০০০ টকাকৈ বিক্ৰী হৈছিল যদিও এতিয়া প্ৰতিকুইণ্টলৰ দাম ৬,৭০০ টকালৈ বৃদ্ধি পাইছে৷  পাঁচ চি এম শিলৰ দাম পূৰ্বে ৮,৮০০ টকা আছিল যদিও নিৰ্বাচনৰ পাছত শিলৰ দাম ৯,৫০০ টকাত বিক্ৰী হৈছে৷ দাম বৃদ্ধিৰ সন্দৰ্ভত ব্যৱসায়ীক গ্ৰাহকে প্ৰশ্ন কৰিলে নিৰ্বাচনী চান্দাৰ বাবেই দাম বৃদ্ধি পোৱাৰ কথা মুকলিকৈ ক’বলৈকো কুণ্ঠাবোধ কৰা নাই৷  সামগ্ৰীৰ দাম বৃদ্ধিৰে ৰাইজক দুৰ্যোগৰ মুখলৈ ঠেলি দিয়াৰ পাছতো বণিক গোষ্ঠীৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ তথা মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰা কাৰ্যই চৰকাৰ যে বণিক গোষ্ঠীৰ ওচৰত অসহায় সেয়া স্পষ্ট হৈ পৰিছে৷