Logo
image

চাৰিকড়ীয়াৰ পাৰত ওৰ পৰিল ফাটবিহু

ম’হঘুলি চাপৰিৰ পৰা হেমন্ত বৰুৱা [আমাৰ অসম], ১৩ মে’ : বিহু অসমীয়া জাতীয় জীৱনৰ মেৰুদণ্ড৷ ফাটবিহু অসমৰ বিহু উদযাপনৰ আৰ্হি৷ অসমৰ বিভিন্ন ঠাইত বিহু উদযাপন বিপথে গৈছে৷ বহু বিহু উদ্‌যাপনত অপ-সংস্কৃতিয়ে প্ৰৱেশ কৰিছে৷ অসমৰ মঞ্চ বিহু উদযাপন নিয়ন্ত্ৰণ নকৰিলে এটা সময়ত আমি অসমীয়া জাতিয়ে কান্দিব লাগিব৷ –এই বক্তব্য মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰোদ বৰুৱাৰ৷ কালি ফাটবিহুৰ অন্তিম কাৰ্যসূচী মুকলি সভা উদ্বোধন কৰি দিয়া ভাষণত ড॰ বৰুৱাই এই দৰে কয়৷ তেওঁ লগতে কয় যে ঢকুৱাখনাৰ ফাটবিহু সমম্বয়ৰ প্ৰতীক৷ ফাটবিহুৱে বিহু উদযাপনৰ ক্ষেত্ৰত আজি এক আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ অসমৰ আন আন বিহু অনুষ্ঠান সমূহে ঢকুৱাখনাৰ ফাটবিহুৰ আদৰ্শ গ্ৰহণ কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে৷ আনহাতে, চাৰিকড়ীয়া নৈৰ পাৰত অনুষ্ঠিত ঐতিহ্যমণ্ডিত ফাটবিহুৰ আজি তৃতীয় তথা অন্তিম দিনটোত ঢকুৱাখনাৰ ম’হঘুলি চাপৰিৰ ফাটবিহু বাকৰিৰ লগতে বৃহত্তৰ ঢকুৱাখনাখনেই বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনথলীত পৰিণত হয়৷ ফাটবিহু অনন্য, একক আৰু শ্ৰেষ্ঠ, কাৰণ এই মুকলি বিহুত বিভিন্ন জাতি-জনগোষ্ঠীৰ ৬০টাৰো অধিক বিহু দলে অংশগ্ৰহণ কৰে৷ মুকলি বিহুত অংশগ্ৰহণ কৰা বিহু দলসমূহৰ  ভিতৰত সোণোৱাল কছাৰী, টাই কৃষ্টিদল, চুতীয়া, মৰাণ, তিৱা, বড়ো, হাজং, কোচ, কৈৱৰ্ত, গোৰ্খা, বহুৱা কৃষ্টি দল, মিচিং, মটক কৃষ্টিদল, টাই-খামতি আদি অন্যতম৷ মুকলি বিহুত অংশগ্ৰহণ কৰা হাজাৰ হাজাৰ ঢুলীয়াৰ ঢোলৰ চাপৰ, পেঁপুৱৈৰ পেঁপাৰ টিহিতি টিহিতি শব্দত ম’হঘুলি চাপৰিৰ আকাশ-বতাহ মুখৰ হৈ পৰে আৰু শ শ নাচনীৰ লয়লাস নাচোনে হাজাৰ হাজাৰ বিহুপ্ৰেমীক মোহাছন্ন কৰি ৰাখে৷ ফাটবিহুৰ আজি তৃতীয় তথা অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী পুৱা ১১-১৫ বজাত উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে শুভাৰম্ভ হয়৷ অসমীয়া লোক-সংস্কৃতিৰ সকলো দিশ সামৰি লৈ উলিওৱা এই বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাটি উদ্বোধন কৰে অভিনেত্ৰী প্ৰীতি কংকনাই৷ ৬০টাৰো অধিক সাংস্কৃতিক দলৰ উপৰিও ঢকুৱাখনা পৌৰসভা, অসম চৰকাৰৰ ৰেচম বিভাগে প্ৰস্তুত কৰা প্ৰতীকপটেও অংশগ্ৰহণ কৰে৷ ম’হঘুলি চাপৰিৰ ফাটবিহুৰ বাকৰিৰ পৰা ঢকুৱাখনা নগৰৰ প্ৰাণকেন্দ্ৰ চাৰিআলি, বালি গাঁও, কচুগাঁও, ঘাঁহিগাঁও আৰু আমোলাপট্টি হৈ প্ৰায় ৪ কিল’মিটাৰ পথ অতিক্ৰম কৰি পুনৰ ম’হঘুলি চাপৰিৰ ফাটবিহুতলীত উপস্থিত হৈ শোভাযাত্ৰাৰ সামৰণি পেলায়৷ শোভাযাত্ৰাৰ সাংস্কৃতিক প্ৰদৰ্শনে সমগ্ৰ পথচোৱাত পথটোৰ দুয়োকাষে উপস্থিত থকা ৪০ সহস্ৰাধিক বিহুপ্ৰেমীক আ!াদিত কৰে৷ উত্তৰ-পূব ভাৰতৰ সাত ৰাজ্যৰ সাতভনীৰ প্ৰতীকী জাতীয় সাজপাৰ পৰিধান কৰা দলটোৱে আৰম্ভ শাৰীত অৱস্থান কৰাৰ পিছত গায়ন-বায়নৰ দল, কাষত কলহ কলচী লোৱা ১০০ গৰাকী আয়তীৰ দলৰ পিছত উদ্ধোধিকাৰ সু-সজ্জিত বাহনৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ বিহুনৃত্য আৰু সাংস্কৃতিক দলে অংশগ্ৰহণ কৰি শোভাযাত্ৰাটি সুন্দৰ আৰু মনোৰম কৰি তোলে৷ ইয়াৰ ভিতৰত সোণোৱাল কছাৰী লেছেৰী বিহুদল, সদৌ অসম পঢ়ি ফুৰাং ম্যুন-ডুন-চুন-খামৰ টাই কৃষ্টি দল, চুতীয়া জনগোষ্ঠীৰ বুৰাই ৰাঙলী বিহু দল, মৰাণ লগ বিহু কৃষ্টি দল, মৰিগাঁৱৰ তিৱা কৃষ্টি দল, বড়ো কৃষ্টি দল, হাজং কৃষ্টি দল, বানাই কৃষ্টি দল, গোৰ্খা কৃষ্টি, বহুৱা কৃষ্টি দল, মিচিং কৃষ্টি, মটক কৃষ্টি দল, টাই-খামতি কৃষ্টি দল, বেংগলী কৃষ্টি দল, জিকিৰৰ দল, বিহাৰী সম্প্ৰদায়ৰ কৃষ্টি দল, মাৰোৱাৰী আদিৰ কলা-কৃষ্টি প্ৰদৰ্শন অন্যতম আৰু এই দলবোৰে হাজাৰ হাজাৰ ৰাইজক আপ্লুত কৰে৷ বিয়লি ৩.৩০ বজাৰ পৰা ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য ৰাখে ঢোলৰ ওজা সোমনাথ বৰাই৷ তেওঁ বক্তব্যৰ বিপৰীতে বিহুনাম গাই বিহু মাৰি উপস্থিত ৰাইজক আপ্লুত কৰি তোলে৷ ফাটবিহুত সকলো আছে, আজি সমগ্ৰ বিশ্বতে ফাটবিহু কি জানে বুলি তেওঁ মন্তব্য কৰে৷ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি দিয়া ভাষণত স্থানীয় বিধায়ক নৱ কুমাৰ দলেই ফাটবিহুৰ উন্নয়ন আৰু সংবৰ্ধনৰ বাবে অসম চৰকাৰে প্ৰকল্প গ্ৰহণ কৰিব আৰু ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ গুৰুত্ব প্ৰদান কৰা বুলি উল্লেখ কৰে৷ সভাখনত সুদীৰ্ঘ দিনৰ পাছত প্ৰাক্তন সাংসদ ৰাণী নৰহেও অংশগ্ৰহণ কৰে৷ সভাত ঢকুৱাখনা উপ-জিলাৰ উপ-আয়ুক্ত কাৰ্তিক কলিতা, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগুকে প্ৰমুখ্যে কৰি ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে৷