Logo
image

চতুৰ্থ পৰ্যায়তো ভোট কম পৰিল, বিজেপিৰ দুশ্চিন্তা বাঢ়িছে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৪ মে’ : সোমবাৰে লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত ৯৬খন আসনকে ধৰি মুঠতে দেশৰ দুই তৃতীয়াংশ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ সম্পন্ন হৈ গ’ল আৰু একেৰাহে চতুৰ্থ পৰ্যায়তো ভোটদানৰ হাৰ নিম্নগামী হৈ ৰোৱাত কেন্দ্ৰত শাসনাধিষ্ঠিত দল বিজেপি চৰম উদ্বিগ্নতাৰ সন্মুখীন হৈয়েই থাকিবলগীয়া হ’ল৷ সোমবাৰে ১০১াজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ৯৬টা সমষ্টিত ভোটদানৰ হাৰ আছিল মাথোঁ ৬২.৩১ শতাংশ৷ ইয়াৰ পূৰ্বে প্ৰথম পৰ্যায়ত ৬৬.১৪ শতাংশ, দ্বিতীয় পৰ্যায়ত ৬৬.৭১ শতাংশ আৰু তৃতীয় পৰ্যায়ত ৬৫.৬৮ শতাংশ ভোটদান হৈছিল৷ পূৰ্বে লোকসভা নিৰ্বাচনত, বিশেষকৈ শেহতীয়া ৩টা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল প্ৰায় ৭০ শতাংশ৷ পিছে এইবাৰ প্ৰথমৰ পৰাই ৬৫-৬৬ শতাংশহে ভোটদান হোৱাত বিজেপি উদ্বিগ্ন হৈ পৰিছে৷ নিম্নহাৰৰ ভোটদানে ঘাইকৈ গেৰুৱা দলটোক ক্ষতিগ্ৰস্ত কৰিব বুলি হোৱা চৰ্চাৰ বাবেই চিহ্নিত হৈ পৰিছে বিজেপি৷ ভোটদানৰ হাৰ নিম্নগামী হোৱাৰ কাৰণ হিচাপে ঘাইকৈ দেশৰ প্ৰচণ্ড তাপ প্ৰবাহ বুলি দেখুওৱা হ’লেও বিজেপি চৰকাৰৰ প্ৰতি সৃষ্টি হোৱা অনীহাৰ বাবে ভোটাৰ ওলাই নহা বুলি একাংশই ব্যাখ্যা কৰিছে৷ এই দ্বিতীয় ব্যাখ্যাই হৈছে গেৰুৱা দলটোৰ দুশ্চিন্তাৰ কাৰণ৷

সোমবাৰে অন্ধ্ৰ প্ৰদেশৰ মুঠ ২৫খন আসনত, বিহাৰত ৫খন আসনত, ঝাৰখনত ৪খন আসনত, মধ্য প্ৰদেশত ৮খন আসনত, মহাৰাষ্ট্ৰত ১১খন আসনত, ওড়িশাত ৪খন আসনত, তেলেংগানাত মুঠ ১৭খন আসনত, উত্তৰ প্ৰদেশত ১৩খন আসনত, পশ্চিম বংগত ৫খন আসনত আৰু জন্মু-কাশ্মীৰত এখন আসনত ভোটগ্ৰহণ হয়৷ দেশৰ অধিকাংশ স্থানত ভোটগ্ৰহণ শান্তিপূৰ্ণ হ’লেও পশ্চিমবংগত বিভিন্ন স্থানত তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থক হিংসাত্মক কাৰ্যত লিপ্ত হৈ পৰে৷ পূৰ্বৰ ৩টা পৰ্যায়তো পশ্চিমবংগৰ ভোটগ্ৰহণ হিংসাত্মক হৈছিল৷ সোমবাৰে অন্ধ্ৰপ্ৰদেশতো ঠায়ে ঠায়ে বিক্ষিপ্ত হিংসা সংঘটিত হয়৷ 

দেশৰ মুঠ ৩৭৯টা সমষ্টিত ভোটদান সম্পন্ন হৈ যোৱাত এতিয়া অন্তিম ৩টা পৰ্যায়ত ১৬৪টা সমষ্টিহৈ বাকী ৰোৱাত বিজেপি দুশ্চিন্তাত পৰিছে৷ কিয়নো কেইবাজনো ৰাজনীতিকৰ মতে এইবাৰ বিজেপিয়ে ৪০০ আসন অতিক্ৰমৰ যি শ¡’গান দিছে, সেয়া অলীক সপোনৰ বাহিৰে আন একো নহয়৷ সমাজকৰ্মী আৰু ৰাজনীতিবিদ যোগেন্দ্ৰ যাদবৰ মতে বিজেপিয়ে এইবাৰ এককভাৱে নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিব নোৱাৰে৷ তেওঁ দাবী কৰা অনুসৰি বিজেপিয়ে এইবাৰ বিগত বাৰতকৈ কমেও ৬৫খন আসন হেৰুৱাব৷ আনহাতে এনডিএ-ৰ অন্যান্য সংগীদলে এইবাৰ ১৫খন আসন হেৰুৱাব৷ যোগেন্দ্ৰ যাদবৰ মতে এনডিএই মহাৰাষ্ট˜ত ২০খন, বিজেপিয়ে এককভাৱে কৰ্ণাটকত ১০খন, গুজৰাট আৰু ৰাজস্থানত ১০খন, হাৰিয়ানা, পঞ্জাব, চণ্ডীগড়, দিল্লীত ১০খন, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ডৰ ১০খন, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ডত ১৫খন, বিহাৰত এনডিএৰ ৰূপত ১৫খন, পশ্চিমবংগ, অসম তথা উত্তৰপূৱ আৰু সকলো কেন্দ্ৰীয় শাসিত প্ৰদেশত মিলি ১০খন আসন হেৰুৱাব৷ তামিলনাডু, কেৰালা, তেলেংগানাত ৫খন, অন্ধ্ৰ প্ৰদেশত তেলুগু দেশমৰ সৈতে মিলি ১০খন আসন বিগতবাৰৰ তুলনাত অধিক লাভ কৰিব পাৰে বিজেপিয়ে ৷ আনহাতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মতে বিজেপিয়ে এইবাৰ সৰ্বাধিক ১৯৫খন আসনহে লাভ কৰিব৷ মমতাৰ দাবী, ‘ইণ্ডিয়া’ জোঁটে ৩০০-৩১৫খন আসন লাভ কৰিব৷ উল্লেখ্য, সোমবাৰে পশ্চিম বংগত ৫বাৰৰ সাংসদ কংগ্ৰেছৰ অধীৰৰঞ্জন চৌধুৰীৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠানৰ বঢ়হমপুৰ সমষ্টিৰ যুঁজে দৃষ্টি আকৰ্ষণ কৰিছে৷ আনহাতে ৩ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী কৃষ্ণনগৰত তৃণমূলৰ মহুৱা মৈত্ৰ, বীৰভূমত শতাব্দী ৰায়, আছানছোলত শত্ৰুঘ্ন সিনহাৰ ভাগ্য সোমবাৰে ইভিএমত বন্দী হয়৷