Logo
image

চন্দ্ৰৰ বুকুত ৰে’ল চলাব নাছাই

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৪মে’ : ৫৫ বছৰ পূৰ্বে চন্দ্ৰত মানৱ অৱতৰণ কৰাই সমগ্ৰ মানৱজাতিক স্তম্ভিত কৰি মহাকাশ বিজ্ঞানক একেজাপে কেইবাযোজন দূৰলৈ আগবঢ়াই নিয়া মাৰ্কিন মহাকাশ বিজ্ঞান সংস্থা নাছাই ন্দ্ৰপৃষ্ঠত ৰে’লগাড়ী চলোৱাৰ পৰিকল্পনা কৰিছে৷ ভৱিষ্যতে চন্দ্ৰপৃষ্ঠত মানৱৰ বিভিন্ন কাৰ্যকলাপ সুষম গতিত সম্পন্ন হোৱাৰ উদ্দেশ্যেই নাছাই চন্দ্ৰপৃষ্ঠত এটা সম্পূৰ্ণ ‘ৰে’লৱে ছিষ্টেম’ স্থাপনৰ পৰিকল্পনা কৰিছে৷ নাছাই তেওঁলোকৰ এই পৰিকল্পনা ৰাজহুৱা কৰি জনাইছে যে এয়া হ’ব ‘ৰব’টিক ট্ৰেন্সপৰ্ট ছিষ্টেম’, যাৰ জৰিয়তে ভৱিষ্যতে চন্দ্ৰলৈ যোৱা বা দীৰ্ঘসময় চন্দ্ৰত থকা ব্যক্তিয়ে যাতায়াত কৰিব পাৰিব৷ এয়া নাছাৰ নতুন ‘আৰ্টেমিছ’ অভিযানৰ অন্যতম অংগ৷ উল্লেখ্য, আৰ্টেমিছ অভিযানৰ যোগে নাছাই ১৯৭২ চনৰ পাছত পুনৰ চন্দ্ৰলৈ মানৱ অভিযাত্ৰী প্ৰেৰণ কৰিব৷ ২০২৬ৰ ছেপ্টেম্বৰত ‘আৰ্টেমিছ’ অভিযাত্ৰীয়ে চন্দ্ৰপৃষ্ঠত পদাৰ্পণ কৰিব৷ ২০৩০ চনত নাছাই যন্ত্ৰত স্থায়ী ঘাটি স্থাপন কৰিব, য’ৰ পৰা মঙল গ্ৰহলৈ অভিযান চলোৱা হ’ব৷ ‘ৰে’লৱে ছিষ্টেম’ তাৰ পাছত স্থাপন কৰা হ’ব৷ অৱশ্যে ই দৈনন্দিন যাতায়াতৰ মাধ্যম নহ’ব৷