Logo
image

ক’লা কীটে ছানি ধৰিছে তেজপুৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ মে’: তেজপুৰৰ বিভিন্ন অঞ্চলত অশান্তিকৰ পৰিস্থিতিৰ উদ্ভৱ কৰা বেম্ব চীড বাগ নামৰ কীট বিধৰ উপদ্ৰৱ সম্প্ৰতি তেজপুৰৰ পাশ্বৰ্ৱৰ্তী তথা বৰছলা বিধানসভা সমষ্টি অন্তৰ্গত বাঁহবাৰীপৰ্যন্ত সম্প্ৰসাৰিত হৈছে৷ আজি এই বিষয়ে প্ৰকাশ কৰি স্থানীয় কৃষক তথা তেজপুৰৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ শইকীয়াই কয় যে, বাঁহ ফুলাৰ বেছ কিছুদিন পিছলৈকে এইবিধ কীটৰ উপদ্ৰৱ অঞ্চলটোত নাছিল যদিও আজি পুৱাৰে পৰা কীটবিধ বিয়পি পৰে৷ শইকীয়াৰ বাসগৃহৰ ভিতৰতো অজস্ৰ কীটে প্ৰৱেশ কৰাৰ বিপৰীতে তেওঁ এই কীট দূৰ কৰাৰ বাবে ফেনাইলৰ প্ৰয়োগ কৰিছিল যদিও কীট বিধ দূৰ নহ’ল তথা কীট বিধৰ এটাৰো মৃত্যু নঘটিল৷ কলা আৰু ক্ষুদ্ৰ কীটবিধে বাঁহৰ বীজ ভক্ষণ কৰাৰ বিপৰীতে পাছত মানুহৰ ঘৰলৈ জাকে জাকে অহাৰ বিষয়ে প্ৰকাশ কৰি শইকীয়াই কয় যে, পানী মাৰিও কীট বিধৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম নোহোৱাত জুইৰ দ্বাৰা কীট বিধক নিধন কৰাৰ বিকল্প নোহোৱা হৈছে৷ উল্লেখযোগ্য যে, সম্প্ৰতি তেজপুৰৰ লগতে পাশ্বৰ্ৱৰ্তী বিভিন্ন অঞ্চলত এইবিধ কীটৰ ব্যাপক উৎপত্তিৰ বিপৰীতে বিষয়টো সংশ্লিষ্ট চৰকাৰী বিভাগে গুৰুত্বসহকাৰে লোৱা নাই বুলিও অভিযোগ উঠিছে৷