Logo
image

খালিস্তানীৰ ভাবুকিৰ মাজতে পঞ্জাবত হিমন্তবিশ্বৰ প্ৰচাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ মে’: পাঞ্জাব দেশৰ  এক নম্বৰ প্ৰদেশ হ’ব লাগিব৷ ড্ৰাগছৰ ক্ষেত্ৰত নহয়, সম্পদৰ ক্ষেত্ৰত পাঞ্জাবে দেশত নেতৃত্ব দিয়াৰ ক্ষেত্ৰত এক নম্বৰ ৰাজ্য হ’ব লাগিব৷ নৰেন্দ্ৰ মোদীক এবাৰ সুযোগ দিলে দেশক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত পাঞ্জাব এক নম্বৰ ৰাজ্য হ’বই৷ এই আহ্বান মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মা সোমবাৰে পাঞ্জাবত উপস্থিত হৈ পাটিয়ালাত বিজেপি প্ৰাৰ্থী প্ৰিণীত কৌৰৰ হৈ এক ৰোড শ্বত অংশ লয়৷ উল্লেখ্য, খালিস্তানী উগ্ৰপন্থীৰ ভাবুকিৰ মাজতে আজি বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ মুখ্যমন্ত্ৰীয়ে পাঞ্জাবত নিৰ্বাচনী প্ৰচাৰ চলায়৷ সম্প্ৰতি ডিব্ৰুগড়  কাৰাগাৰত বন্দী হৈ থকা খালিস্তানী উগ্ৰপন্থী অমিত পাল সিঙৰ হৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মাক হত্যাৰ ভাবুকি দিছিল খালিস্তানী সন্ত্ৰাসবাদীয়ে৷ টেলিফোনত ভাবুকি দিছিল শিখ ফৰ জাষ্টিছ নামৰ সংগঠনটোৱে৷ অধিবক্তা গুৰপটৱান্ত সিং পান্নুন নামৰ লোকজনে মুখ্যমন্ত্ৰীক প্ৰাণে মৰাৰ ভাবুকি দিছিল৷ কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰা সংগঠনটোৰ এই ভাবুকিৰ পাছতে কটকটীয়া কৰা হৈছিল মুখ্যমন্ত্ৰীৰ নিৰাপত্তা৷ ইয়াৰ পাছতে পাঞ্জাবত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়–‘অসমত আমি ১২-১৩খন আসন পাম৷ পঞ্জাৱত এবাৰ মোদীক সুবিধা দিয়ক; আমি দহ বছৰত পঞ্জাৱক দেশৰ এক নম্বৰৰ ৰাজ্য বনাম৷ আমাৰ কাম বহু বাকী আছে৷ ৰাম মন্দিৰ হ’ব৷ কৃষ্ণ জন্মভূমিৰ কাম কৰিবলৈ বাকী আছে৷ জ্ঞানবাপী মছজিদৰ বিষয়টো নিস্পত্তি কৰিবলৈ বাকী আছে৷ তাত ভোলা বাবাক স্থাপন কৰিব লাগিব৷ পাক অধিকৃত কাশ্মীৰক দেশত চামিল কৰিব লাগিব৷ ৪০০তকৈ বেছি আসন সেয়ে মোদীক দিব লাগে৷ এইবোৰ ৰাহুল বাবাই বুজি নাপায়৷ মই মুখ্যমন্ত্ৰী হোৱাৰে পৰা অসমত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হৈছে৷ দুশতকৈও বেছি ড্ৰাগছ বেপাৰীয়ে গুলী খাইছে৷ পুলিচক কোৱা হৈছে ড্ৰাগছৰ সৈতে কম্প্ৰমাইজ নকৰিবলৈ৷ ড্ৰাগছ বেপাৰীৰ স্থান যমপুৰী হ’ব লাগিব৷ পঞ্জাৱতো আমাৰ চৰকাৰ হ’লে একেই ব্যৱস্থাই কৰিম৷ ‘‘দিল্লীত আপ-কংগ্ৰেছৰ ইলুইলু চলি আছে৷ কিন্তু পঞ্জাৱত বেলেগে বেলেগে যুঁজি আছে৷ এইবোৰ কি নাটক কৰি আছে? পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ দিল্লীলৈ গৈছে তিহাৰৰ পৰা জামিনত ওলোৱা কয়েদীক স্বাগতম জনাবলৈ৷ পঞ্জাৱৰ দৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এনেদৰে যায় নেকি? পঞ্জাৱৰ সকলো আছে৷ বীৰ আৰু গুৰুৰ ৰাজ্য পঞ্জাৱ৷ পঞ্জাৱৰ সৈতে আছে অসমৰ ভাল সম্পৰ্ক৷ আপ আৰু কংগ্ৰেছ কোনো এটা দলে পাঞ্জাবক শক্তিশালীভাৱে নেতৃত্ব দিব নোৱাৰে৷