Logo
image

পূৰ্বৰ ৭ ঠাইৰ সলনি এপিএছচিৰ মূল পৰীক্ষা মাথোঁ গুৱাহাটীত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ মে’ : অসম লোকসেৱা আয়োগৰ পৰীক্ষাত নিবনুৱা প্ৰাৰ্থীৰ পৰা চাকৰিৰ আবেদনৰ বাবদ চৰকাৰে ১৮ শতাংশ জিএছটি আৰোপ কৰাৰ কাৰ্যক লৈ ‘আমাৰ অসম’ৰ বাতৰিৰ পাছতেই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ দৰিদ্ৰ পৰীক্ষাৰ্থীৰ বাবে ৰাজ্যৰ অসামৰিক সেৱাৰ পৰীক্ষা অৱতীৰ্ণ হোৱাটোও বিজেপি মিত্ৰ জোঁটৰ চৰকাৰৰ কাৰ্যকালত কঠিন হৈ পৰাৰ অভিযোগ কৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিছ অৱ এপিএছচিয়ে৷ সোমবাৰে এটা বিবৃতিত সংস্থাটোৰ প্ৰশাসক মানস প্ৰতীম বৰুৱাই এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়– ক্ৰমান্বয়ে যেন ৰাজ্যৰ অসামৰিক সেৱাৰ পৰীক্ষা সমূহত অবতীৰ্ণ হোৱাতো দৰিদ্ৰ আৰু আনকি একাংশ মধ্যবিত্ত শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবেও কঠিন হৈ পৰিছে৷ শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ অসামৰিক সেৱাৰ মূল পৰীক্ষাৰ প্ৰ-প্ৰত্ৰ পূৰণ ক্ষেত্ৰতো ১৮শতাংশ জিএছটি আৰোপ কৰাৰ বাতৰিয়ে সকলোকে আচৰিত কৰি তুলিছে৷ আনকি দৰিদ্ৰ সীমাৰেখাৰ তলৰ, বিশেষ ভাৱে সক্ষম আৰু মহিলা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত পূৰ্বে মাচুল ৰেহাই থকা পৰিৱৰ্তে এতিয়া সেইসকল প্ৰাৰ্থীয়েও প্ৰচেছিং চাৰ্জ আৰু প্ৰচেছিং চাৰ্জৰ ওপৰত ১৮ শতাংশ জিএছটি আদায় দিব লাগিব৷ তদুপৰি অসম লোকসেৱা আয়োগে মূল পৰীক্ষাৰ বাবে বিগত বৰ্ষত গুৱাহাটীসহ মুঠ জ্জটা স্থানত মূল পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ যাৰ বাবে উজনি আৰু নামনি অসমৰ লগতে বৰাক ভেলী আদি সকলো ঠাইৰ পৰীক্ষাৰ্থীসকল যথেষ্ট উপকৃত হৈছিল৷ ৷ কিয়নো মূল পৰীক্ষাৰ বাবে গুৱাহাটীলৈ আহি তিনি-চাৰিদিন গুৱাহাটীত থকা খোৱাৰ বাবে যথেষ্ট ধনৰ প্ৰয়োজন৷ তদুপৰি বৰাক ভেলী আৰু উজনি অসমৰ একাংশ প্ৰাৰ্থীৰ বাবে গুৱাহাটী যাত্ৰা যেন এক দুঃসাহসিক অভিযান-কিয়নো ৰাস্তা ঘাটৰ অৱস্থা বহু ঠাইত শোচনীয়৷ তদুপৰি একাংশ বিশেষ ভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে গুৱাহাটীত এইদৰে পৰীক্ষা দিবলৈ অহাটো তেওঁলোকৰ বাবে জমৰ যাতনা সদৃশ৷ গতিকে আমি অতিশীঘ্ৰে অসম লোকসেৱা আয়োগ তথা অসম চৰকাৰক পূৰ্বৰ দৰে অসমৰ জ্জটা স্থানত মূল পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আহ৩ান জনালোঁ৷ তদুপৰি আয়োগৰ নিকা আৰু সংস্কাৰৰ ফটাঢোল বজোৱা চৰকাৰৰ দিনত বিগত বৰ্ষৰ মাৰ্কশ্বীট কেলেংকাৰিৰ কোনো তদন্তটো নহ’লেই আনকি মূল পৰীক্ষাৰ কাট অফ নম্বৰ ৰাজহুৱা কৰাৰ সৎ সাহস আয়োগৰ নহ’ল৷ নিজৰ উত্তৰ বহীখনো আৰটিআইৰ জৰিয়তে আবেদন কৰি বহু প্ৰাৰ্থীয়ে আয়োগৰ পৰা সদুত্তৰ নাপালে৷ ৷গতিকে, এনে ধৰণৰ অস্বচ্ছ লোকসেৱা আয়োগে অ’এমআৰৰ জৰিয়তে অনুষ্ঠিত কৰা প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল দিবলৈ প্ৰায় দুমাহ সময় লগা কাৰ্যই প্ৰাৰ্থীসকলৰ মাজত সন্দেহৰ বাতাবৰণ সৃষ্টি কৰিছে৷ তদুপৰি একাংশ পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰায় সকলো প্ৰাৰ্থী প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ তথ্যও সামাজিক মাধ্যমত চৰ্চিত হৈছে৷৷ এনে পৰিবেশত আজিলৈ কাট অফ নম্বৰ ঘোষণা কৰিব নোৱাৰা কাৰ্যও এতিয়া সন্দেহৰ আৱৰ্তত৷ আমি অসম লোকসেৱা আয়োগক অতিশীঘ্ৰেই বিগত বৰ্ষৰ লগতে এই বছৰৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষাৰ কাট অফ নম্বৰ ৰাজহুৱা কৰিবলৈ দাবী জনাইছোঁ৷