Logo
image

এফালে সুৰা প্ৰচলনৰ চৰকাৰী নিৰ্দেশ আনফালে অসহায় ‘সুৰা নিবাৰণী’

আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৫ মে’ : দাম বৃদ্ধিৰ বাবে ৰাজ্যত সুৰাৰ বিক্ৰী ৫০ শতাংশ পৰ্যন্ত হ্ৰাস পোৱাত চিন্তিত হৈ পৰিছে দিছপুৰ৷ সুৰা বিক্ৰী কমি যোৱাত আবকাৰী ৰাজহৰ পৰিমাণো হ্ৰাস পাবলৈ ধৰিছে৷ যাৰ বাবে আবকাৰী বিভাগে ৱাইন শ্বপ-বাৰৰ মালিকক সুৰা বিক্ৰী বৃদ্ধি কৰিবলৈ টাৰ্গেট বান্ধি দিছে৷ ৰাজ্যৰ সৰ্বত্ৰ সুৰাময় কৰাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ সৰ্বনাশী পদক্ষেপৰ সন্দৰ্ভত ইতিমধ্যে ‘আমাৰ অসম’ত সবিস্তাৰে প্ৰকাশ পাইছে৷ অৱশ্যে বৰ বিহ স্বৰূপ ‘ড্ৰাগ’ৰ বিৰুদ্ধে অসম চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে যদিও বিপৰীতে সুৰাই যুৱ প্ৰজন্মক পংগুত্বৰ মুখলৈ ঠেলি দিয়া দেখিও মদৰ প্ৰচলন বৃদ্ধিৰ বাবেহে নামি পৰিছে দিছপুৰ৷ এহাতে চৰকাৰে ৰাজহৰ স্বাৰ্থত গাঁৱে-ভূঞে ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিছে আৰু আনহাতে আকৌ মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ জৰিয়তে অতি হাস্যকৰ বাবে সুৰামুক্ত অসমৰ সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে৷ সুৰাৰ বটলত বিধিগত সৰ্তকীকৰণৰ দৰেই ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্ৰব্য নিবাৰণী পৰিষদে অসহায়ভাৱে দুই-এখন বাটৰ নাট-হ’ৰ্ডিং লগাই সুৰামুক্ত অসম গঢ়াৰ শ্লোগান আওৰোৱাৰ চেষ্টা চলাইছে৷ গাঁৱে-ভূঞে অবাধ হাৰত সুৰা বিক্ৰীৰ পৰিণতিত যুৱ প্ৰজন্মই ধবংসৰ মুখলৈ গতি কৰিছে৷ সুৰাৰ বাবে বহুজনৰ ঘৰ-সংসাৰ থানবান হৈ গৈছে৷ সুৰাসক্ত সন্তানৰ হাতত পিতৃ-মাতৃ অত্যাচাৰৰ সন্মুখীন হোৱাই নহয়, অতিষ্ঠ মাতৃয়ে সুৰাপায়ী পুত্ৰক হত্যা কৰিবলৈকো বাধ্য হৈছে৷ ৰাজ্যৰ বহু গাঁৱৰ পৰিৱেশ এনে পৰ্যায় পাইছে গৈ যে পৰিয়ালে সুৰা যোগান নিদিলে মৃতকৰ সৎকাৰ কৰিবলৈকো ডেকা সমাজ ওলাই নাহে৷ বিহাৰ-গুজৰাটৰ দৰে সুৰা নিষিদ্ধ ৰাজ্যই অৰ্থনীতিৰ দিশত দেশৰ আগশাৰী ৰাজ্যৰ তালিকাত মূৰ দাঙি থকাৰ পাছতো অসম চৰকাৰে সুৰাকেই ৰাজহ সংগ্ৰহৰ মূল উৎস হিচাপেহে বিবেচনা কৰিছে৷ সুৰাৰ পৰা বছৰি প্ৰায় ৪ হাজাৰ কোটি টকা আবকাৰী ৰাজহ সংগ্ৰহ কৰা অসম চৰকাৰে ইয়াৰে ৰ কোটি টকা মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ জৰিয়তে সুৰাপায়ীৰ স্বাস্থ্যৰ সুৰক্ষা আৰু সজাগতাৰ নামত ব্যয় কৰাৰ তথ্য পোহৰলৈ আহিছে৷ অৰ্থাৎ চৰকাৰে এহাতে সুৰা বিক্ৰীত অনুমতি দিছে আনহাতে ৰাজ্যিক নিচাযুক্ত আৰু মাদক দ্ৰব্য নিবাৰণী পৰিষেদ অসহায়ভাৱে সুৰা বিৰোধী সজাগতা অভিযান চলাই আহিছে৷ গুৱাহাটীৰ হাতীগাঁৱত এটা ভাৰা ঘৰৰ পৰা পৰিচালিত ৰাজ্যিক নিচাযুক্ত আৰু মাদক দ্ৰব্য নিবাৰণী পৰিষদে গুৱাহাটীৰ দুই-এটা স্থানত ‘এখন নিচাযুক্ত সমাজ গঢ়ো আহক’ শ্লোগানেৰে হৰ্ডিং লগাই সজাগতাৰ চেষ্টা চলোৱাও দেখা গৈছে৷ পৰিষদে সজাগতামূলক বিজ্ঞাপনত নিচামুক্তি সমাজ গঢ়াৰ বাবে চৰকাৰ সংকল্পবদ্ধ বুলি স্ব-বিৰোধী কথা লিখি সুৰাসক্তৰ বাবে চৰকাৰে নিচামুক্তি কেন্দ্ৰ স্থাপন কৰাৰ কথাও প্ৰচাৰ চলোৱা দেখা গৈছে৷ কেৱল নিচামুক্ত অসমৰ হ’ৰ্ডিং লগোৱাই নহয়, ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্ৰব্য নিবাৰণী পৰিষদে দুই-এখন বাটৰ নাট, কেলেণ্ডাৰ, ডায়েৰী প্ৰকাশ কৰিও নিচামুক্ত অসম গঢ়াৰ সজাগতাত ব্যস্ত হৈ পৰিছে৷ স্বাভাৱিকতেই চৰকাৰে সুৰাপান কৰিবলৈ অনুমতি দি সামাজিক দায়ৱদ্ধতা হিচাপে নিচাযুক্ত আৰু মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ দ্বাৰা নিচামুক্ত অসমৰ প্ৰচাৰ চলাইছে নেকি বুলিও বিভিন্নজনে প্ৰশ্ন কৰিছে৷ চৰকাৰৰ এই কাৰ্য সাপো মৰক, লাঠিও নাভাগক নীতি বুলিও চৰ্চিত হৈছে৷ ৰাজ্যিক মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ বিষয়ববীয়াই সুৰাময় অসমত একমাত্ৰ চৰকাৰী অনুষ্ঠান হিচাপে নিচামুক্তিৰ বাবে কাম কৰা বুলিও দাবী কৰিছে৷