Logo
image

বাৰাণসীত উপস্থিত অতুল, প্ৰমোদ! মোদীক পিন্ধালে গামোচা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ মে’ :বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, একাধিক কেন্দ্ৰীয় মন্ত্ৰী আৰু এনডিএৰ অংশীদাৰী দলৰ নেতাক লগত লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে বাৰাণসীৰ পৰা লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে৷ কেন্দ্ৰীয় অমিত শ্বাহ, ৰাজনাথ সিং, বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডা, মুখ্যমন্ত্ৰী ক্ৰমে একনাথ সিন্ধে, যোগী আদিত্য নাথ আদি উপস্থিত থাকে প্ৰধানমন্ত্ৰীৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত৷ এন ডি এৰ অংশীদাৰ হিচাপে আজিৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত উপস্থিত থাকে অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা আৰু ইউ পি পি এলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো৷ অগপৰ সভাপতি বৰাই প্ৰধানমন্ত্ৰী মোদীক এখন ফুলাম গামোছাৰে শুভেচ্ছা জ্ঞাপন কৰে৷ অতুল বৰা আৰু প্ৰমোদ বড়োৰ উপৰিও উত্তৰ-পূবৰ পৰা নেচনেল পিপলছ পাৰ্টীৰ সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাও মনোনয়ন দাখিল পৰ্বত উপস্থিত থাকে৷ আনহাতে এই কাৰ্যসূচীত উপস্থিত থাকি অতুল বৰাই কয়– দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মনোনয়ন পত্ৰ দাখিল অনুষ্ঠানত উপস্থিত থকা এই দিনটো আমাৰ বাবে সদায় স্মৰণীয় হৈ ৰ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী আৰু বলিষ্ঠ নেতৃত্বৰ বাবে দেশবাসী এতিয়া অভূতপূৰ্ব বিকাশৰ সাক্ষী হৈছে৷ মোদী আৰু সৰ্বাংগীণ উন্নয়নৰ প্ৰতি থকা আস্থা-সমৰ্থনৰ প্ৰতিচ্ছবিখন আজি স্বচক্ষে বাৰাণসীতো পুনৰ প্ৰত্যক্ষ কৰিলো আৰু আমি নিশ্চিত যে নৰেন্দ্ৰ মোদীক বাৰাণসীবাসীয়ে ব্যাপক ভোটৰ ব্যৱধানত বিজয়ী কৰি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিব৷