Logo
image

পৰ্যটকৰ বাবে বন্ধ হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

'আমাৰ অসম', দলগাঁও, ১৫ মে': ওৰাং ৰাষ্ট্ৰীয় উদ্যান বুধবাৰৰ পৰা পৰ্যাটকৰ বাবে বন্ধৰ ঘোষণা কৰিছে উদ্যান কতৃপক্ষই। ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত ১২৫ টা গঁড় আৰু ২৬ টা বাঘৰ উপৰি হাতী, হৰিণ আৰু বিভিন্ন প্ৰজাতিৰ চৰাইৰ বিচৰণ ভূমি৷ উক্ত সময়চোৱাত পৰ্যটকৰ লগতে জীপ চাফাৰী আৰু হাতী চাফাৰীও বন্ধ থাকিব বুলি ঘোষণা কৰিছে মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানী প্ৰাধিকাৰী প্ৰদীপ্ত বৰুৱাই জানিবলৈ দিয়ে যে প্ৰত্যেক বছৰৰ দৰে এইবেলি বাৰিষা আগতিয়াকৈ অহাৰ বাবে উদ্যানৰ ভিতৰৰ পথসমূহ বেয়া হৈছে। তদুপৰি এই সময়চোৱা জীৱ-জন্তৰ বাবে সংবেদনশীল সময়। যান-বাহনৰ শব্দই জীৱ-জন্তু আতংকিত কৰি তোলে। উল্লেখযোগ্য যে শেহতীয়াভাৱে ওৰাঙত গড়ৰ সংখ্যা বৃদ্ধিৰ লগতে বাঘৰ সংখ্যাও বৃদ্ধি পাইছে।