Logo
image

কেই ফোটামান নহৰুৰ জৰিয়তে ১০ মিনিটতে খেদিব পাৰিব মহ

আমাৰ অসম বিশেষঃ কৰ’নাক লৈ বিশ্ব এতিয়াও শংকামুক্ত নহয়৷ ঠায়ে ঠায়ে এতিয়াও কৰ’না আক্ৰান্তৰ সংখ্যা নতুনকৈ বাঢ়িছে৷ লাহে লাহে আগমন ঘটিছে গ্ৰীষ্মৰ৷ বিশেষকৈ গ্ৰীষ্মকালত মহ-মাখিৰ প্ৰকোপ বাঢ়ে৷ এই মহ-মাখিয়ে বিভিন্ন বেমাৰৰ বীজাণু কঢ়িয়াই লৈ ফুৰে৷ মহ-মাখিয়ে কঢ়িয়াই ফুৰা বহুত বেমাৰো মানুহৰ বাবে বিপজ্জনক৷ মহৰ দৰে এই ক্ষুদ্ৰ পতংগক আমি উলাই কৰা উচিত নহয়৷ এই মহ-মাখিৰ পৰা আমি সততে সাৱধান হোৱা উচিত৷ বজাৰত মহ খেদাৰ বাবে বিভিন্ন ধৰণৰ ৰাসায়নিক দৰৱ, স্প্ৰে আদি ওলাইছে৷ ইয়াৰ জৰিয়তে মহ খেদিব পাৰি যদিও এই স্প্ৰে বা ঔষধ মানুহৰ স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰক৷ আমি অতি সাধাৰণভাৱে ঘৰুৱা পদ্ধতিৰে বীজাণুবাহী মহক খেদিব পাৰো৷ 

ঘৰুৱাভাৱে মহ খেদিব পৰা সহজ পদ্ধতিটো হ’লঃ এটা পাত্ৰত কেইফোটামান কেঁচা নহৰু পিচি অথবা থেতেলিয়াই লৈ থোৱাৰ ব্যৱস্থা কৰক৷ ইয়াৰ ওপৰত সামান্য কপূৰ্ৰ আৰু এক চামোচ ঘি ভালদৰে মিশ্ৰণ কৰক৷ মিশ্ৰণটো প্ৰস্তুত কৰাৰ পাছত মাটিৰ বা অন্য কোনো পাত্ৰত লৈ নিৰাপদ স্থানত থোৱাৰ ব্যৱস্থা কৰক৷ তাৰ পাছত  সেই মিশ্ৰণখিনি জ্বলাই দিয়ক৷ মিশ্ৰণখিনি জ্বলি থাকোতে সতৰ্কতা অৱলম্বন কৰক যাতে সেই জ্বলি থকা জুইয়ে ঘৰৰ কোনো ক্ষতি কৰিব নোৱাৰে৷ মিশ্ৰণখিনি এইদৰে ধূপ-কাঠিৰ দৰে দহ-পোন্ধৰ মিনিট জ্বলাই দিয়াৰ পাছতে দেখিব মহৰ উপদ্ৰৱ হ্ৰাস পাইছে৷ মহে এইদৰে নহৰু  মিশ্ৰণকৰি জ্বলাই দিয়াৰ গোন্ধ সহ্য কৰিব নোৱাৰে৷ যাৰ বাবে দহ-পোন্ধৰ মিনিটৰ ভিতৰতে সেই ঠাইৰ পৰা মহ সহজে আঁতৰিযায়৷ এইদৰে মহ ঘৰুৱাভাৱে খেদিলে শৰীৰৰ বাবেও কোনো ক্ষতিৰ ভয় নাথাকে৷