Logo
image

গ্ৰামাঞ্চলৰ শ্ৰমিক

অৰ্থনৈতিক ক্ষেত্ৰত অসম ভাৰতৰ বহু ৰাজ্যৰ তুলনাত পিছপৰা৷ যদিও উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ তুলনাত অসমখন সম্পদশীল, তথাপি অসমক এখন দুখীয়া ৰাজ্য বুলিলে ভুল কোৱা নহ’ব৷ ৰাজ্যখনৰ আশী শতাংশ নাগৰিকে যদিও গ্ৰামাঞ্চলত বাস কৰে কৃষিক নিৰ্ভৰ কৰি, তথাপি ৰাজ্যৰ অৰ্থনৈতিক বিকাশত পিছপৰি থাকিল অসম৷ অসমৰ বৰ্তমান জনসংখ্যা আনুমানিক তিনি কোটি চল্লিছ লাখ৷ ৰাজ্যৰ ৩৫খন জিলাৰ ২৩৯টা উন্নয়ন খণ্ডৰ অধীনস্থ ২,৬৬১খন গাঁও পঞ্চায়তৰ আঁচনিত জীৱিকাৰ সন্ধান বিচৰা অসমৰ শ্ৰমিকৰ সংখ্যা হৈছে এক কোটি ষোল্ল লাখ৷ ২০০৫ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যুটীয়া অৰ্থ-সাহায্যত ৰূপায়ণ কৰি অহা মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইনৰ প্ৰধান লক্ষ্য আছিল গ্ৰামাঞ্চলৰ প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ লোকক বছৰত এশ দিনৰ কৰ্মৰ সুযোগ দিয়া৷ উক্ত আইনৰ অধীনত  ১৩ মে’ ২০২৪লৈ ৰাজ্যত জবকাৰ্ড লাভ কৰা শ্ৰমিকৰ সংখ্যা প্ৰায় সত্তৰ লাখ৷ পৰিতাপৰ কথা যে জবকাৰ্ড থকা সত্তৰ লাখ শ্ৰমিকৰ ভিতৰত কামৰ সুবিধা লাভ কৰা শ্ৰমিকৰ সংখ্যা হৈছে মাত্ৰ আঠত্ৰিছ লাখ৷

অসমৰ বিভিন্ন পঞ্চায়ত এলেকাৰ উন্নয়নৰ কৰ্মত নিয়োজিত এই থলুৱা শ্ৰমিকসকলে ২০২৩-২৪ বৰ্ষত কৰ্মৰ বাবদ লাভ কৰা দৈনিক মজুৰিৰ পৰিমাণ আছিল ২৩৭ টকা৷ এটা বৰ্ষত কমেও এশ দিনৰ শ্ৰমৰ সুবিধা পাব লগা শ্ৰমিকসকলে উক্ত বৰ্ষত গড়ে ৩৮টা দিনতহে শ্ৰম লাভ কৰে৷ পঞ্চায়ত এলেকাৰ বিভিন্ন পথ নিৰ্মাণ, গৃহ নিৰ্মাণ কৰ্মত শ্ৰমিক হিচাপে অংশগ্ৰহণ কৰি মজুৰি লাভ কৰিব পৰা অসমৰ শ্ৰমিকসকলৰ বাবে আজিও বছৰত এশ দিনৰ কৰ্মৰ সুবিধা সৃষ্টিত ব্যৰ্থ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ৷ ৰাজ্যত কৰ্মৰ আশাত জবকাৰ্ড লোৱা সত্তৰ লাখ শ্ৰমিকৰ মজুৰিৰ বাবে ২০২৩-২৪ বৰ্ষত স্থিৰ কৰা হৈছিল মাত্ৰ ন কোটি টকাৰ বাজেট৷ ৰাজ্যৰ গ্ৰামাঞ্চলৰ বৃহৎসংখ্যক শ্ৰমিকৰ মজুৰিৰ বাবদ এটা বৰ্ষত মাথোঁ ন কোটি টকাৰ বাজেটৰ সংখ্যাটোৱে বহুতো কথাই বুজাই দিয়ে৷ যি সময়ত ৰাজ্যত হাজাৰ কোটি টকা ব্যয় কৰি ৰাজপথৰ ওপৰত উৰণীয়া সেতু নিৰ্মাণ কৰিব পাৰে, তেনে সময়ত মাথোঁ ন কোটি টকাতেই সীমাবদ্ধ থাকে গোটেই অসমৰ শ্ৰমিকৰ মজুৰিৰ বাজেট৷

দৰিদ্ৰতাৰ কবলত থাকি জীৱন নিৰ্বাহ কৰা নাগৰিকৰ সংখ্যা অসমত এক কোটি বুলি সততে প্ৰকাশ হৈ আহিছে যদিও মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন-২০০৫১ অধীনত থকা শ্ৰমিকৰ সংখ্যা এক কোটি ষোল্ল লাখ৷ প্ৰকাশিত পৰিসংখ্যাই নিশ্চিতভাৱে প্ৰমাণ কৰিছে যে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাটোত বিশেষকৈ শ্ৰমিকসকলৰ স্বাৰ্থত কৰণীয়াখিনিৰ পৰা বিচলিত হৈ আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ৷ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত পঞ্চায়তৰ কাৰ্যালয়সমূহৰ থাকে এক গুৰুত্বপূৰ্ণ ভূমিকা৷ দক্ষিণৰ কেৰালা, তামিলনাডু আদি ৰাজ্যত বছৰৰ এশ দিনৰ শ্ৰমৰ সুবিধা সৃষ্টিত সফল হৈছে পঞ্চায়তৰ কাৰ্যালয়সমূহ, আনহাতে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত পুঁজিৰ অভাৱত বাধা আহিছে মহাত্মা গান্ধীৰ নামত থকা এনৰেগা আঁচনিলৈ৷

অসমৰ অৰ্থনৈতিক উন্নয়ন বুলিলে অকল গুৱাহাটী মহানগৰৰ লগতে চহৰসমূহৰ উন্নয়নক নুবুজায়৷ ৰাজ্যৰ প্ৰতিখন পঞ্চায়ত এলেকাৰ উন্নয়নেহে প্ৰকৃততে দিব পাৰে সঁচা উন্নয়নৰ বাৰ্তা৷ ব্যক্তি স্বাৰ্থ পৰিহাৰ কৰি সামূহিক স্বাৰ্থত উৎসগ¹কৃত হওক ৰাজ্যৰ পঞ্চায়তীৰাজ ব্যৱস্থা৷ শ্ৰমিকে কামৰ সুবিধা পালেহে হ্ৰাস হ’ব গ্ৰামাঞ্চলৰ দৰিদ্ৰতা৷