Logo
image

৪০০ পাৰ অলীক কল্পনা!

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৬ মে’ ‘অব কি বাৰ, ৪০০ পাৰ’– ২০২৪ৰ লোকসভা নিৰ্বাচনত এয়া বিজেপিৰ এটা নিতান্তই মামুলি শ্ল’গান নে দলটোৰ প্ৰকৃত লক্ষ্য? দেশৰ সাধাৰণ নিৰ্বাচনৰ অৰ্ধেক পৰ্যায়ৰ অতিক্ৰম কৰাৰ পাছত, মুঠ ৫৪৩ খন আসনৰ কেৱল ১৬৪ টা সমষ্টিৰ ভোটগ্ৰহণ বাকী থকা অৱস্থাত দেশজুৰি ৰাজনৈতিক ক্ষেত্ৰত এই প্ৰশ্ন জোৰদাৰ হৈছে৷ লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ বেছ কিছুদিন পূৰ্বে বিজেপিৰ সকলো ৰাজ্যিক সভাপতিৰ বৈঠকত প্ৰথমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো প্ৰদেশ বিজেপিৰ নেতাক এই লক্ষ্যৰ দিশে আগবাঢ়িবলৈ সংকল্পবদ্ধ হ’বলৈ কৈছিল৷ তেওঁ কৈছিল, ২০১৪ ৰ পাছত ২০১৯ ত বিজেপি অবলীলাক্ৰমে বিজয়ী হৈছে৷ ২০২৪ত পুনৰ বিজয়ী হোৱাত কোনো সন্দেহ, দ্বিধা নাই৷ কিন্তু এইবাৰ যদি সকলো জপিয়াই পৰে তেন্তে ৪০০ আসনৰ সংখ্যা বিজেপিয়ে অতিক্ৰম কৰিব পাৰিব৷ তদুপৰি তেওঁ সকলো প্ৰদেশ বিজেপি নেতাৰ পৰা দললৈ ৫০ শতাংশ ভোট অহাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছিল৷ একেটা দাবী তেওঁ সংসদৰ অধিবেশনতো কৰিছিল৷ 

নিৰ্বাচন ঘোষণা হোৱাৰ পাছত ‘অব কি বাৰ, ৪০০ পাৰ’ বিজেপিৰ নিৰ্বাচনী শ্ল'গান হৈ পৰিল৷ ২০১৯ ত আছিল ‘অব কি বাৰ, মোদী চৰকাৰ৷’ সেই শ্ল'গান ইমানেই জনপ্ৰিয় হৈছিল যে, পাঁচ বছৰৰ পাছতো সেই শ্ল'গান এতিয়াও বহুতৰ মুখত শুনা যায়৷ পিছে এইবাৰ বিজেপিয়ে তাৰ পুনৰাবৃত্তি নকৰি প্ৰায় একে সুৰত ‘অব কি বাৰ, ৪০০ পাৰ’ শ্ল'গান গ্ৰহণ কৰিলে৷ কিন্তু প্ৰথম কিম্বা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত বিজেপিৰ শীৰ্ষ নেতাৰ মুখ ‘৪০০ পাৰ’ৰ শ্ল'গান কিছু পৰিমাণে স্তিমিত হৈ পৰিল৷ নিৰ্বাচনী সভাত আন আন ‘ইছ্যু’ উত্থাপন কৰিবলৈ ধৰিলে মোদীৰ নেতৃত্বত বিজেপিৰ শীৰ্ষ নেতাই৷ লগে লগে বিৰোধী দলৰ আক্ৰমণ আৰম্ভ হৈ গ’ল৷ ৪০০ পাৰ হোৱাৰ আত্মবিশ্বাস নোহোৱা হৈ পৰাৰ বাবে বিজেপিয়ে এই শ্ল'গান বাদ দিয়া বুলি বিৰোধীয়ে আক্ৰমণ কৰিলে আৰু বিষয়টো সংবাদ মাধ্যমতো চৰ্চা হ’ল৷

এই পৰিস্থিতিত বিজেপিয়ে এইবাৰ পূৰ্বতকৈ অধিক আক্ৰমণাত্মক হৈ আৰম্ভ কৰিলে ‘৪০০ পাৰ’ৰ শ্ল'গান ৷ তাৰো গুৰি ধৰিলে নৰেন্দ্ৰ মোদীয়ে৷ যোৱা সাত মে’ত মধ্য প্ৰদেশত মোদীয়ে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই এখন নিৰ্বাচনী সভাত বুজাই দিলে, কিয় তেওঁক ৪০০ৰ অধিক আসন লাগে৷ মোদীয়ে ক’লে– তেওঁক ৪০০ আসন লাগে, নহ’লে কংগ্ৰেছে ৰাম মন্দিৰত বাবৰি তলা লগাই দিব৷ তেওঁক ৪০০ আসন লাগে, নহ’লে কংগ্ৰেছে জম্মু-কাশ্মীৰত পুনৰ ৩৭০ প্ৰবৰ্তন কৰিব৷ মোদীৰ সেই বক্তব্যৰ পাছৰ পৰা বিজেপিৰ নেতা আগ্ৰামীভাৱে ‘৪০০ পাৰ’ৰ অভিযানত নামি পৰিছে৷ তেওঁলোকৰ ভিতৰত আগভাগ লৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বুধবাৰে ঝাৰখণ্ডৰ ৰামগড়ত এখন নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাই ক’লে– ‘বিজেপিয়ে ৪০০ আসন লাভ কৰিলে পাক অধিকৃত কাশ্মীৰ ভাৰতৰ সৈতে সংলগ্ন কৰা হ’ব৷ ৪০০ পাৰ হ’লে মথুৰাত শ্ৰীকৃষ্ণ জন্মভূমি মন্দিৰ নিৰ্মাণ কৰিব, জ্ঞানবাপী মন্দিৰ নিৰ্মাণ কৰিব৷ দেশব্যাপি উমৈহতীয়া দেৱানী বিধি বলবৎ কৰিব৷ ৩০০ পাৰ হওতে বিজেপি চৰকাৰে ৰাম মন্দিৰ নিৰ্মাণ কৰিলে, ৪০০ পাৰ হ’লে এই নতুন লক্ষ্য পূৰণ কৰিব৷’ যোৱা বুধবাৰে তেওঁ দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাই একে বক্তব্যই দাঙি ধৰিছিল৷

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপিৰ নেতা-পালিনেতাই এতিয়া ‘৪০০ পাৰ’ৰ শ্ল'গান জোৰদাৰ কৰাৰ সময়ত বুধবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই বিজেপিৰ ‘৪০০ পাৰ’ অলীক কল্পনা বুলি মন্তব্য কৰিছে৷ নতুন দিল্লীত সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদবৰ সৈতে যুটীয়া সংবাদ মেল আয়োজন কৰি খৰ্গেই কয়, ভাগ্যে মোদীয়ে ৬০০ পাৰ কৰিব বুলি দাবী কৰা নাই৷ লোকসভাত ৫৪৩ খন আসন থকাৰ বাবেহে তেওঁ ৬০০ নোকোৱাকৈ ৰৈছে৷ খৰ্গেই দাবী কৰে, চাৰিটা পৰ্যায়ৰ নিৰ্বাচন হৈ যোৱাৰ পাছত ‘ইণ্ডিয়া’ জোঁট শক্তিশালী স্থিতিত আছে৷ বিজেপিয়ে জনতাৰ ৰায় বুজিব পৰা নাই৷ সেয়ে তেওঁলোকে ‘৪০০ পাৰ’ৰ আস্ফালন কৰিছে৷ দেশৰ জনতাই চাৰিটা পৰ্যায়ত ‘ইণ্ডিয়া’ জোঁটক সমৰ্থন জনাইছে৷