Logo
image

কন্দল তুংগত, জয়ন্তমল্লৰ মুখ বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান বিধায়ক মৃণালৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ মে’ : বিজেপিৰ অভ্যন্তৰত সংঘটিত অন্তঃৰ্কন্দল তুংগত উঠিছে৷ খোদ বিজেপি দলৰ বিধায়কেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কাম-কাজক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে৷ শেহতীয়াভাৱে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কথন ভংগীত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি তেওঁৰ মুখ বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে বিধায়ক মৃণাল শইকীয়াই৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সম্বোধন কৰি বুধবাৰে বিধায়ক শইকীয়াই এটা টুইট কৰিছে৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বক্তব্যৰ এটা ভিডিঅ’ ‘এটাছ’ কৰি  বিধায়ক শইকীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সম্বোধন কৰি দিয়া টুইটটোত বিধায়ক শইকীয়াই কয়– মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়, দলৰ স্বাৰ্থত জয়ন্ত মল্লক মুখ বন্ধ কৰিবলৈ কওঁক৷ তেওঁ অনুসূচনা কৰা উচিত যে তেওঁৰ কথন ভংগীৰ কাৰণে ২০২৪ চনৰ নিৰ্বাচনত ইতিমধ্যে বিজেপিৰ হাজাৰ হাজাৰ ভোট নষ্ট হৈছে৷’ বিধায়ক শইকীয়াই এটাছ কৰা ভিডিঅ’টোত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পুৰণি বিজেপি কৰ্মীসকলক তুচ্ছ তাচ্চিল্য কৰি কেতবোৰ মন্তব্য প্ৰকাশ কৰিছে৷ ভিডিঅ’টোত মন্ত্ৰী বৰুৱাই কয়– ‘বছৰত এক ঘণ্টা সময় দি কোনোবাই ১৯৫০ চনৰ পৰাই বিজেপি কৰি আছো বুলি ক’লে হ’ব নেকি? ২০১৫ চনত বিজেপিত যোগদানৰ পাছত যোৱা ৯ বছৰত মই যিমানখিনি কাম কৰিছোঁ, সেইবিলাক মানুহে কৰিছে নেকি? বছৰৰ পাঁচ দিন, দুদিন সময় দি কোনোবাই ৩০ বছৰো বিজেপি কৰিব পাৰে তাত কি লাভ৷ বিজেপিত যোগদান কৰাৰ পৰাই ২৪ ঘণ্টাই আমি বিজেপিতে সময় দিছোঁ৷ ভগৱানো সন্তুষ্ট নহয়, সকলো মানুহ কেনেকৈ সন্তুষ্ট হ’ব৷ বিজেপিত কিমান পুৰণি সেইটো ডাঙৰ কথা নহয়, দলটোক কিমান সময় দিলে সেইটোহে ডাঙৰ কথা৷ ত্যাগ আৰু সমৰ্পণৰ আধাৰতহে বিজেপিত জ্যেষ্ঠতা নিৰ্ধাৰণ হ’ব৷’  ইফালে, বিদ্ৰোহী বিজেপি নেতা প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ মন্তব্যক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ বুধবাৰে তেওঁ সংবাদ মাধ্যমৰ আগত কয়– কাৰোবাৰ কিবা ক’বলগীয়া থাকিলে সেয়া দলীয় মঞ্চত আলোচনা হ’ব লাগে৷ সমালোচনা কৰিব লাগিলেও দলৰ মজিয়াতহে হ’ব লাগে৷ দলৰ নীতি সকলোৱে মানি চলিব লাগে৷ সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক  বিপদত পেলাব নালাগে৷ সকলো কথা দলৰ মজিয়াত উত্থাপন কৰিব লাগে৷ মোদী, মুখ্যমন্ত্ৰীক বিপদত পেলোৱা কাৰ্য সমৰ্থনযোগ্য নহয়৷ সকলোকে এই ক্ষেত্ৰত সংযমী হ’বলৈ অনুৰোধ জনাইছোঁ৷ উল্লেখ্য, সংসদীয় নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছিল৷ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ উপৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, জ্যেষ্ঠ বিধায়ক অতুল বৰায়ো নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল৷ তেওঁলোকৰ অভিযোগ   আছিল– ‘এইবাৰ যিমান ছুপ্ৰিমেচি আশা কৰা হৈছিল, সিমান কৰিব পৰা নাই যেন লাগে৷ আগতে কোনো কনটেষ্টয়েই নহৈছিল, কিন্তু এইবাৰ কনটেষ্ট হ’ল৷’ লোকসভাত এইবাৰ আশা কৰাৰ দৰে বিজেপিয়ে ফল নাপায় বুলি যেন একাংশ নিজকে পুৰণি বিজেপি বুলি দাবী কৰা নেতা-কৰ্মীয়ে আশংকা প্ৰকাশ কৰিছে৷ এই আশংকা কিমান দূৰ সত্য সেয়া চাৰি জুনৰ ভোট গণনাৰ দিনাহে স্পষ্ট হ’ব৷ কিন্তু ন-বিজেপিৰ আগ্ৰাসনত পুৰণি বিজেপিৰ নেতাসকল এলাগী হৈ পৰা বুলি একাংশই মুকলিকৈ ক’বলৈ আৰম্ভ কৰিছে৷ লোকসভাৰ ভোটদান শেষ কৰাৰ পাছতে ক্ষোভৰ উদগীৰণ ঘটাইছে একাংশ পুৰণি বিজেপিৰ নেতা-কৰ্মীয়ে৷ ৰহাত আনকি ন বিজেপিৰ আগ্ৰাসনৰ ৰোধৰ বাবে পুৰণি বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনো অনুষ্ঠিত হৈছে৷ যোৱা সাত মে’ত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই মন্তব্য কৰিছিল যে ‘ধাৰ কৰি ফ্লাইঅভাৰ বনালেই উন্নয়ন হোৱাটো নুবুজায়৷ ধাৰ কৰি ঘৰ, পৰিয়াল বেছি দিন চলিব নোৱাৰে৷ একেদৰে মাহে মাহে ধাৰ লৈ চলোৱা চৰকাৰ এখনো সুস্থিৰ হ’ব নোৱাৰে৷ নতুন প্ৰজন্মই এই কথাবিলাক চাব লাগিব৷’ অশোক শৰ্মাৰ এই মন্তব্য সন্দৰ্ভত দৰং ওদালগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই উত্তপ্ত বাক্যবাণ নিক্ষেপ কৰিছিল৷ পৰৱৰ্তী সময়ত প্ৰদেশ বিজেপিয়ে প্ৰাক্তন বিধায়ক অশোক শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে৷ ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে জাৰি কৰা এই কাৰণ দৰ্শোৱা জাননীত কোৱা হয় যে নলবাৰী জিলা বিজেপিৰ কৰ্ণধাৰ সমষ্টিৰ সভাই উত্থাপন কৰা অভিযোগৰ ভিত্তিত প্ৰাক্তন বিধায়ক অশোক শৰ্মালৈ কাৰণ দাৰ্শোৱাৰ জাননী জাৰি হৈছে৷ অৱশ্যে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই জয়ন্ত মল্ল বৰুৱা বা পীয়ূষ হাজৰিকাৰ মন্তব্যক মুঠেও গুৰুত্ব দিয়া নাই৷ তেওঁলোকৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকি শৰ্মাই মাথোঁ কয়– মোৰ যি ক’বলগা আছে লিখিতভাৱে ক’ম৷ কাৰোবাৰ মন্তব্যক লৈ মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগে বুলি নাভাবো৷