Logo
image

বৰষুণ নাইঃ খেতি-পথাৰ চহাব নোৱাৰি কৃষকৰ হাহাকাৰ

আমাৰ অসম'ৰ আমিনগাঁৱৰ প্ৰতিনিধি, ১৬ মে': জলবায়ুৰ অস্বাভাৱিক পৰিবৰ্তনে অশনি সংকেত কঢ়িয়াইছে কৃষক সমাজলৈ। সমগ্ৰ ৰাজ্যৰ লগতে এই অশনি সংকেতৰ ব্যাপক প্ৰভাৱ পৰিছে উত্তৰ গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহতো। সমান্তৰালভাৱে গোলকীয় উষ্ণতাই সমগ্ৰ ৰাজ্যখনকে দহি নিছে। মানৱ শ্ৰেষ্ঠৰ আসুৰিক প্ৰবৃত্তিৰ ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে সমগ্ৰ বিশ্ববাসী। উত্তৰ গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বিগত ১০ বছৰত উন্নয়নৰ নামত পাহাৰ, গছ-গছনি কাটি পেলোৱা হৈছে। প্ৰকৃতিৰ ওপৰত চলোৱা ভয়াৱহ ধ্বংস যজ্ঞৰ ফল ভোগ কৰিছে এতিয়া সাধাৰণ ৰাইজে।


জলবায়ুৰ ব্যাপক পৰিৱৰ্তনৰ প্ৰভাৱ সমগ্ৰ বিশ্বৰ লগতে অসম,উত্তৰ গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহতো পৰিছে। কিয়নো অসমত সাধাৰণতে ফাগুন, চ'ত মাহৰ পৰা বৰষুণ আৰম্ভ হয়। ব'হাগ মাহত বৰষুণৰ পৰিমাণ বেছি হয়। পথাৰৰ দ ঠাইত পানীৰে পৰিপূৰ্ণ হৈ পৰে। বৰষুণৰ ফলত মাছৰ উজান উঠে। এই সময়ছোৱাত কণি থকা মাছে পোৱালি দিয়ে। তাৰ সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰ নদীও পানীৰে প্ৰায় পূৰ্ণ হৈ পৰে। 

কিন্তু বিগত কিছু বছৰৰ পৰা ইয়াৰ ব্যতিক্ৰম হ'বলৈ ধৰিছে। এইবছৰ ভয়ানকভাৱে বৰষুণৰ পৰিমাণ কমি গৈছে। বৰ্তমান শালিধানৰ কঠিয়া পেলোৱাৰ সময়। ব'হাগ পাৰ হৈ জেঠ মাহ আৰম্ভ হোৱাৰ সময়তো পানীৰ অভাৱত উত্তৰ গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চল লেঙা বৰচন্দা, ফুলং, ৰংমহল, চাংসাৰীকে ধৰি বৃহত্তৰ অঞ্চলৰ কৃষকে শালি ধানৰ কঠিয়া পেলোৱাটো বাদেই পথাৰত হাল বাব পৰা নাই। বতৰৰ এই পৰিৱৰ্তনৰ ফলত কৃষিৰ ওপৰত নিৰ্ভৰ কৃষক ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। এফালে বৰষুণৰ নাটনি, আনফালে প্ৰখৰ ৰ'দত বাৰীৰ তিয়, জিকা, ভোল আদি পাচলিৰ খেতি শুকাই যাবলৈ ধৰিছে। আনকি পথাৰত পশুধনৰ বাবেও পানী নোহোৱা হৈছে। উত্তৰ গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত চৰকাৰৰ জলসিঞ্চন বিভাগৰ কোনো আঁচনি নোহোৱাত এতিয়া কৃষকৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত চৰকাৰৰ এই বিয়াগোম বিভাগটোৱে কৃষক ৰাইজৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাইছে।